অসম

assam

Keshab Mahanta in Kaliabor: পৰীক্ষা কেন্দ্ৰ সন্দৰ্ভত ব্যৱস্থা ল’ব চৰকাৰে কেশৱ মহন্ত

By

Published : Feb 20, 2023, 8:23 PM IST

Updated : Feb 20, 2023, 8:32 PM IST

ৰাজ্যৰ চাকৰি প্ৰত্যাশীৰ মাজত আশাৰ বতৰা ৷ তাৰ মাজতে বিৰাজ কৰিছে কিছু সন্তুষ্টি-অসন্তুষ্টিয়ে ৷ কাৰোবাৰ পোৱাৰ আনন্দ, আন কোনোৱে আকৌ নোপোৱাৰ বেদনা । তাৰ মাজতে পৰীক্ষাৰ বেমেজালিৰ অভিযোগ । পৰীক্ষাৰ্থীৰ পৰীক্ষা কেন্দ্ৰক লৈ এক বিশেষ অভিযোগ ৷ ইফালে পৰীক্ষা কেন্দ্ৰৰ স্থান লৈ সৃষ্টি হোৱা অসুবিধাৰ প্ৰতিও চৰকাৰে দৃষ্টি ৰাখিছে ৰাখিছে বুলি মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই ৷

Health Minister Keshab Mahanta talk about Employment Test Centre in Kaliabor
পৰীক্ষা কেন্দ্ৰৰ স্থানক লৈ সৃ্ষ্টি হোৱা অসুবিধাৰ প্ৰতি দৃষ্টি ৰাখিছে চৰকাৰে – মন্ত্ৰী কেশৱ মহন্ত

পৰীক্ষা কেন্দ্ৰৰ স্থানক লৈ সৃ্ষ্টি হোৱা অসুবিধাৰ প্ৰতি দৃষ্টি ৰাখিছে চৰকাৰে – মন্ত্ৰী কেশৱ মহন্ত

কলিয়াবৰ, 20 ফেব্ৰুৱাৰী: নিজ গৃহৰ পৰা বহু যোজন দূৰত গৈ চাকৰি প্ৰত্যাশীসকলে চাকৰিৰ বাচনি পৰীক্ষা দিবলগীয়া বিষয়টোত দৃষ্টি ৰাখিছে চৰকাৰে । আজি কলিয়াবৰত উপস্থিত হৈ ৰাজ্যৰ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই মন্তব্য কৰে (Health Minister on Employment Test Centre) ।

মন্ত্ৰীগৰাকীয়ে কয়, "যিহেতু পৰীক্ষা নিয়ন্ত্ৰণ পোনপটীয়াকৈ চৰকাৰে নকৰে, সেয়েহে বিষয়টো নিয়ন্ত্ৰকসকলৰ চিন্তাৰে আয়োজন কৰিছে । এই ক্ষেত্ৰত বৃহৎ সংখ্যক পৰীক্ষাৰ্থীৰ বাবে প্ৰয়োজনীয় সা-সুবিধাৰ ওপৰত ভিত্তি কৰিয়েই পৰীক্ষা কেন্দ্ৰসমূহ বাচনি কৰা হয় । অনুৰূপ ধৰণে পৰীক্ষাৰ্থীসকলৰো কেন্দ্ৰসমূহ নিৰ্ধাৰণ কৰা হয় ।"

কলিয়াবৰৰ বহু পৰীক্ষাৰ্থী উজনিৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, লখিমপুৰ, ধেমাজি আদি জিলাৰ পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিবলগীয়া হোৱাৰ বিষয়টো অৱতাৰণা কৰাত মন্ত্ৰীগৰাকীয়ে কয়, "এই বিষয়টোত চকু দিয়া হৈছে আৰু ভৱিষ্যতে যাতে পৰীক্ষাৰ্থীসকল হাৰাশাস্তিৰ সন্মুখীন নহয়, এনেবোৰ বিষয়ৰ ওপৰত চৰকাৰে ব্যৱস্থা ল’ব (Health Minister Keshab Mahanta) ৷"

শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন বিভাগত খালী হৈ থকা পদ পূৰ্ণৰ বাবে কেইবাটাও বিভাগে সুকীয়াকৈ বাচনি পৰীক্ষা অনুষ্ঠিত কৰিছে । আনহাতে, বিভিন্ন বিভাগৰ পদ পূৰণৰ বাবে উমৈহতীয়া বাচনি পৰীক্ষাও অনুষ্ঠিত হৈছে । য’ত ৰাজ্যৰ লাখ-লাখ শিক্ষিত নিবনুৱাই পৰীক্ষাৰ্থীৰ ৰূপত অৱৰ্তীৰ্ণ হৈছে । তাৰে কিছু বিভাগত নিযুক্তি প্ৰক্ৰিয়াও সম্পূৰ্ণ হৈছে আৰু বহুকেইটা বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াৰ কাম আগবাঢ়িছে । বহু কেইটা বিভাগৰ বাচনি পৰীক্ষা সমাপ্ত হৈছে আৰু হ’বলগীয়াও আছে ।

চৰকাৰে চাকৰিৰ বাচনি পৰীক্ষাসমূহ সুকলমে অনুষ্ঠিত হোৱাৰ বাবে দাবী কৰিলেও অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰত বেমেজালি হোৱাৰ অভিযোগো মুকলিকৈ প্ৰকাশ কৰিছে । সদ্য সমাপ্ত এটা বিভাগৰ বাচনি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনা এতিয়াও মাৰ যোৱা নাই ।

এনেবোৰ বেমেজালিৰ মাজতে বাচনি পৰীক্ষাৰ চাকৰি প্ৰত্যাশী পৰীক্ষাৰ্থীসকলৰ আন এটা অভিযোগ হ’ল – পৰীক্ষা কেন্দ্ৰসমূহ দূৰত (Employment Test Centre problem in Assam) । উদাহৰণস্বৰূপে শেহতীয়াকৈ হৈ যোৱা পৰীক্ষাসমূহৰ পৰীক্ষা কেন্দ্ৰসমূহ পৰীক্ষাৰ্থীৰ গৃহ ঠাইৰ পৰা কেইবাশ কিলোমিটাৰ নিলগত । গতিকে, পৰীক্ষাৰ্থীসকল আগদিনাই বা নিশাই পৰীক্ষা কেন্দ্ৰ স্থানসমূহলৈ যাত্ৰা কৰিব লগা হৈছে । এই ব্যয়বহুল যাত্ৰাৰ পাছত পৰীক্ষাৰ্থীসকলৰ মানসিক অৱস্থা নিশ্চয় অনুমান কৰিব পাৰি ।

তদুপৰি, পৰীক্ষাগৃহলৈ নিয়া যাবতীয় সা-সামগ্ৰীসমূহ ৰখাৰ সমস্যাটো আছেই । লগত যদি কোনোবা সংগী আছে বা হোটেল বা আন ক’ৰবাত নিশাৰ আলহী হৈছে তেতিয়া হ’লে বাৰু কিছু সকাহ । তথাপিও, পৰীক্ষাৰ আগমূহুৰ্তলৈ যি এক অপ্ৰয়োজনীয় চিন্তা লৈ ফুৰিব লগা হয়, সেই চিন্তাই বহুতকে পৰীক্ষা গৃহত প্ৰভাৱিত কৰিছে ।

ইয়াকে লৈ বহু পৰীক্ষাৰ্থী অসন্তুষ্ট আৰু ক্ষোভিত যদিও, ফলাফল বা পৰৱৰ্তী বাচনি পৰীক্ষাৰ কথা চিন্তা কৰিয়েই মৌন হৈ থাকিব লগাত পৰিছে । চাকৰি প্ৰত্যাশীসকলৰ প্ৰতি অন্যায় হৈছে নেকি ? এই ক্ষেত্ৰত চৰকাৰ বা পৰীক্ষা আয়োজক প্ৰতিষ্ঠানৰ কৰণীয় নাই নেকি ? এনেধৰণৰ প্ৰয়োজনীয় বিষয়বোৰ আওকাণ কৰাটো উচিত হোৱা নাই বুলিও সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে ।

লগতে পঢ়ক:AATA general meeting: বিধায়ক বলিন চেতিয়াক সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ সভাপতিৰ দায়িত্ব প্ৰদান

Last Updated : Feb 20, 2023, 8:32 PM IST

ABOUT THE AUTHOR

...view details