ETV Bharat / state

AATA general meeting: বিধায়ক বলিন চেতিয়াক সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ সভাপতিৰ দায়িত্ব প্ৰদান

author img

By

Published : Feb 20, 2023, 5:22 PM IST

সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ পূৰ্ণকালীন সাধাৰণ সভা সম্পন্ন (All Assam Taekwondo Association) ৷ সভাপতি হিচাপে নিৰ্বাচিত শদিয়াৰ বিধায়ক বলিন চেতিয়া ৷

All Assam Taekwondo Association general meeting held in Tinsukia
সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ পূৰ্ণকালীন সাধাৰণ সভা

সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ পূৰ্ণকালীন সাধাৰণ সভা

তিনিচুকীয়া, ১৯ ফেব্ৰুৱাৰী: তিনিচুকীয়া জিলাৰ হোটেল এৰ’মা ৰেচিডেঞ্চিত দেওবাৰে অনুষ্ঠিত হয় সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ পূৰ্ণকালীন সাধাৰণ সভা (AATA general meeting) ৷ তিনিচুকীয়া জিলা টাইকোৱাণ্ডো সন্থাৰ আতিথ্যত অনুষ্ঠিত হয় এই সভাখন । সভাত সভাপতিত্ব কৰে সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ কাৰ্যকৰী সভাপতি শুভ্ৰজ্যোতি হাজৰিকাই ।

সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই বিশেষ কামৰ বাবে নাগালেণ্ডলৈ যাব লগা হোৱাত মোবাইল ফোনৰ জৰিয়তে অৰ্থাৎ ভাৰ্চুৱেল মাধ্যমেৰে প্ৰতিনিধিসকলৰ উদ্দেশ্যি বক্তব্য আগবঢ়াই । ইফালে সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সাধাৰণ সম্পাদক হিৰণ্য শ‍ইকীয়াই । সভাত উপস্থিত থাকে বিধায়ক তথা সন্থাৰ উপ সভাপতি বলিন চেতিয়া আৰু বিষয়ববীয়াসকল (All Assam Taekwondo Association general meeting)।

সভাখনত অসম অলিম্পিক সন্থাৰ পর্যবেক্ষক হিচাপে উপস্থিত থাকে অসম অলিম্পিক সন্থাৰ সহকাৰী সম্পাদক অৰুণজ্যোতি মৰাণ আৰু ৰিটাৰনিং বিষয়া হিচাপে উপস্থিত থাকে অধিবক্তা ভবেন শর্মা । সভাখনত অসমৰ প্ৰায় ৩৬ খন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । সভাত সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয় (All Assam Taekwondo Association) ।

সদনে সৰ্ব্বসন্মতি মৰ্মে নতুন সমিতিৰ সভাপতি হিচাপে শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াক (Sadiya MLA Bolin Chetia), সাধাৰণ সম্পাদক হিচাপে, হিৰণ্য শ‍ইকীয়াক আৰু প্ৰাঞ্জল বুঢ়াগোহাঁইক কোষাধ্যক্ষ হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হয় । সভাত আগন্তুক দিনসমূহত কৰিবলগীয়া নতুন সমিতিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

পৰৱৰ্তী সময়ত একেটা সভাগৃহতে নৱনিৰ্বাচিত সমিতিখনে এখন সংবাদমেল সম্বোধন কৰে ৷ সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ নৱনিৰ্বাচিত সভাপতি তথা বিধায়ক বলিন চেতিয়াই সভাপতিত্ব কৰা সংবাদমেলখনত সাধাৰণ সম্পাদক হিৰণ্য শইকীয়াই সংবাদকৰ্মীসকলক উদ্দেশ্যি কয় যে, টাইকোৱাণ্ডো এতিয়া সমগ্ৰ ৰাজ্যতে এক অতি জনপ্ৰিয় খেল হিচাপে পৰিচিত হৈছে ৷ ইয়াৰ জৰিয়তে নিজকে শাৰীৰিকভাৱে সুস্থ কৰি ৰখাৰ সমান্তৰালকৈ আত্ম সুৰক্ষা দিয়াত সফল হয় ৷

তেওঁ লগতে কয় যে, শ্ৰেষ্ঠ খেলুৱৈসকলে অলিম্পিকৰ দৰে খেলটো খেলাৰ সুবিধা লাভ কৰে ৷ এতিয়া প্ৰতিখন বিদ্যালয়ত টাইকোৱাণ্ডোৰ শিক্ষা দিয়াৰ প্ৰচেষ্টা অব্যাহত আছে, ইতিমধ্যে গুৱাহাটীৰ অধিকাংশ বিদ্যালয়তে ইয়াৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে ৷ শেষত নৱনিৰ্বাচিত সভাপতি বলিন চেতিয়াই আগন্তুক দিনসমূহত নৱনিৰ্বাচিত সমিতিখনে গাঁৱে-ভূঞে থকা সুপ্ত প্ৰতিভাসম্পন্ন যুৱক-যুৱতীসকলক উলিয়াই এক উচিত স্থান দিব পৰা যায় তাৰ কাৰণে সকলোৰে সহায় সহযোগিতা কামনা কৰে ৷

সংবাদমেলখনত নৱনিৰ্বাচিত সমিতিৰ সভাপতি বলিন চেতিয়া, সাধাৰণ সম্পাদক হিৰণ্য শইকীয়া, যুতীয়া সম্পাদক পংকজ গোস্বামী, কোষাধ্যক্ষ প্ৰাঞ্জল বুঢ়াগোহাঁই, যুতীয়া সম্পাদক ড৹ নিহাৰ দাস, অলিম্পিক সন্থাৰ প্ৰতিনিধি অৰুণজ্যোতি মৰাণৰ লগতে কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে ৷

লগতে পঢ়ক: Bodoland Taekwondo Championship: কোকৰাঝাৰত বুধবাৰৰ পৰা আৰম্ভ বডোলেণ্ড টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.