অসম

assam

Encroachment in Batadrava: বটদ্ৰৱাত প্ৰশাসনৰ তৎপৰতাৰ বিপৰীতে চৰকাৰক কাবৌ-কোকালি বেদখলকাৰীৰ

By

Published : Dec 16, 2022, 9:07 PM IST

Updated : Dec 16, 2022, 9:17 PM IST

বটদ্ৰৱা চৰকাৰী বীজ পাম, হাইডুবি, ভোমোৰাগুৰি গ্ৰেজিং ৰিজাৰ্ভ, জামাই বস্তি, ৰামপুৰ, কদমণিকে আদি কৰি হেজাৰ হেজাৰ ভূমিত অবৈধ বেদখল চলি আছিল (Encroachment in Batadrava) । এই বেদখল উচ্ছেদৰ বাবে দীৰ্ঘদিনে দাবী উত্থাপন কৰাৰ পাছত প্ৰশাসনৰ তৎপৰতাত আৰম্ভ হৈছে উচ্ছেদ অভিযানৰ প্ৰস্তুতি (Eviction in encroached land in Assam) ।

Eviction in encroached land in Assam
Encroachment in Batadrava

বটদ্ৰৱাত প্ৰশাসনৰ তৎপৰতাৰ বিপৰীতে চৰকাৰক কাবৌ-কোকালি বেদখলকাৰীৰ

ধিং, 16 ডিচেম্বৰ: বটদ্ৰৱাৰ ৭৩৩ নং দাগৰ ১৫১ বিঘাজোৰা জামাই বস্তিত আৰু ৪৯৯, ৫০০ নং দাগৰ প্ৰাক্তন সৈনিক ভূমিত শ শ আৰক্ষী মাৰ্চপাষ্ট । যিকোনো মুহূৰ্ততে চলিব পাৰে উচ্ছেদ অভিযান । ইতিমধ্যে নগাঁও জিলা প্ৰশাসনৰ তৎপৰতাত আৰম্ভ কৰিছে প্ৰস্তুতি (Eviction in encroached land in Assam) । ইফালে কালিৰে পৰা সমগ্ৰ বটদ্ৰৱাত আৰক্ষীৰ কুচকাৱাজ চলিছে (Preparation of eviction in Batadrava)।

উল্লেখ্য যে, বটদ্ৰৱা চৰকাৰী বীজ পাম, হাইডুবি, ভোমোৰাগুৰি গ্ৰেজিং ৰিজাৰ্ভ, জামাই বস্তি, ৰামপুৰ, কদমণিকে আদি কৰি হেজাৰ হেজাৰ ভূমিত অবৈধ বেদখল চলি আছিল । এই বেদখল উচ্ছেদৰ বাবে দীৰ্ঘদিনে দাবী উত্থাপন কৰাৰ পাছত প্ৰশাসনৰ তৎপৰতাত আৰম্ভ হৈছে উচ্ছেদ অভিযানৰ প্ৰস্তুতি । বটদ্ৰৱা হাইডুবি শিবিৰবস্তিত এই উচ্ছেদ নচলাবলৈ অনুৰোধ জনাইছে একাংশ লোকে (Land encroachment in Batadrava)৷

প্ৰশাসনে উচ্ছেদ কৰিলেও স্থান এৰি নাযায় বুলি মন্তব্য কৰিছে এইসকল লোকে । নিজে বাসকৰা ভূমিত বিশ বছৰতকৈ অধিক কাল খাজনা দিয়াৰ পিছতো উচ্ছেদ কৰিবলৈ লোৱাত এইসকল লোকে এতিয়া চৰকাৰৰ এই পদক্ষেপৰ বিৰোধিতা কৰিছে ৷ তেওঁলোকৰ একাংশৰ মতে গুলীয়াই মাৰিলেও ভূমি এৰি নায়ায় তেওঁলোক ৷

উল্লেখ্য য়ে, বটদ্ৰৱা চৰকাৰী বীজ পাম, হাইডুবি, ভোমোৰাগুৰি গ্ৰেজিং ৰিজাৰ্ভ, জামাই বস্তি, ৰামপুৰ, কদমণিকে আদি কৰি হেজাৰ হেজাৰ ভূমিত চলি আছিল সন্দেহযুক্ত নাগৰিকৰ বেদখল (Encroachment in Batadrava) । চৰকাৰে বৰ্তমান এই ভূমিসমূহ উচ্ছেদ কৰাৰ বাবে যো-জা চলাইছে ৷ কিন্তু এই বৃহৎ ভূমিত উচ্ছেদ চলোৱাৰ সময়ত যাতে কোনো বাধা বা প্ৰতিবাদৰ সৃষ্টি নহয়, তাৰ বাবে বৃহৎ আৰক্ষীৰ দল সাজু কৰিছে প্ৰশাসনে ৷

উল্লেখ্য যে, ৰাজ্যত ইয়াৰ পূৰ্বেও এনে বহু বেদখলীকৃত ভূমিত উচ্ছেদ চলাইছিল প্ৰশাসনে ৷ কিন্তু বহু কেইটা স্থানত বেদখলকাৰীয়ে উচ্ছেদ কাৰ্যত বাধাৰ সৃষ্টি কৰাৰ লগতে আৰক্ষীক আক্ৰমণ কৰাৰো নজিৰ আছে ৷ দৰঙৰ গৰুখুটি, শোণিতপুৰ জিলাৰ চতিয়া, বৰাক, লংকা আদিত চলা উচ্ছেদৰ সময়তো এনে ধৰণৰ ঘটনাৰ সংঘটিত হৈছিল ৷ গৰুখুটিত আৰক্ষীক আক্ৰমণ কৰা তিনিজন লোক নিহত হৈছিল আৰক্ষীৰ গুলীত (Garukhuti eviction drive) ৷ এতিয়া বটদ্ৰৱাত উচ্ছেদৰ সময়তো যাতে গৰুখুটিৰ দৰে ঘটনা দুনাই নহয় তাৰ বাবে প্ৰশাসন সষ্টম হৈছে ৷

উল্লেখ্য যে, বটদ্ৰৱা থানৰ লগতে মইনবড়ী, সুন্দৰীদিয়া আদি বহুকেইখন সত্ৰৰ ভূমি ইতিমধ্যে বেদখল কৰিছে একাংশ ভাষিক সংখ্যালঘু লোকে ৷ কেৱল সত্ৰ ভূমিয়েই, ৰাজ্যৰ বনাঞ্চলতো চলিছে অবাধ বেদখল ৷ কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই সমূহ বেদখল উচ্ছেদৰ বাবে ইতিমধ্যেই ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:Eviction of encroachment: বটদ্ৰৱাৰ বেদখলকৃত ভূমি উচ্ছেদৰ বাবে সাজু প্ৰশাসন

Last Updated : Dec 16, 2022, 9:17 PM IST

ABOUT THE AUTHOR

...view details