অসম

assam

নগাঁৱৰ শ্বহীদ পৰিয়ালৰ বাসগৃহত পতাকা উত্তোলন DGP ভাস্কৰজ্যোতি মহন্তৰ

By

Published : Aug 14, 2022, 7:44 PM IST

শ্বহীদ ভোগেশ্বৰী ফুকননীৰ(Martyr Bhogeswari Phukanani) কন্যা মুক্তিযোদ্ধা ৰত্নমালা গোহাঁইৰ বাসগৃহত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত(DGP Bhaskar Jyoti Mahanta) ৷ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে মুক্তিযোদ্ধা ৰত্নমালা গোহাঁইক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে (DGP Bhaskar Jyoti Mahanta hoisted national flag)৷

DGP Bhaskar Jyoti Mahanta
নগাঁৱৰ শ্বহীদ পৰিয়ালৰ বাসগৃহত পতাকা উত্তোলন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত

নগাঁও, 14 আগষ্ট: দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ(75th Independence Day) প্ৰাকক্ষণত দেশৰ বাবে আত্মবলিদান দিয়া শ্বহীদ ভোগেশ্বৰী ফুকননীৰ(Martyr Bhogeswari Phukanani) কন্যা মুক্তিযোদ্ধা ৰত্নমালা গোহাঁইৰ বাসগৃহত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত(DGP Bhaskar Jyoti Mahanta) ৷

নগাঁৱৰ শ্বহীদ পৰিয়ালৰ বাসগৃহত পতাকা উত্তোলন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত

আজাদী কা অমৃত মহোৎসৱ(Azadi Ka Amrit Mahotsav) আৰু হৰ ঘৰ ত্ৰিৰংগাৰ লগত সংগতি ৰাখি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই মুক্তিযোদ্ধা ৰত্নমালা গোহাঁইক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে (DGP Bhaskar Jyoti Mahanta hoisted national flag)৷ ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ ত্যাগৰ বিষয়ে দেশবাসীয়ে জনাটো দৰকাৰ বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই । এইসকল মুক্তিযোদ্ধা আৰু শ্বহীদৰ ত্যাগৰ বিনিময়তেই দেশে স্বাধীনতা লাভ কৰা বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ।

আনহাতে স্বাধীনতা দিৱস বৰ্জন কৰিবলৈ আলফাই জনোৱা আহ্বান সন্দৰ্ভতো মন্তব্য কৰে ভাস্কৰ জ্যোতি মহন্তই । স্বাধীনতা দিৱস উদযাপনৰ বাবে অসম আৰক্ষী সষ্টম হৈ থকা বুলি উল্লেখ কৰি তেও কয় যে কোনো ধৰণৰ কুটাঘাত যাতে নহয় তাৰ বাবে অসম আৰক্ষীয়ে তীক্ষ্ণ নজৰ ৰাখিছে । মুক্তিযোদ্ধা ৰত্নমালাৰ বাসগৃহৰ পৰা যোৱাৰ পাচতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে নগাঁও চহৰৰ ট্ৰেফিক পইণ্টত নিয়োজিত যান-বাহন আৰক্ষীৰ সৈতে বাৰ্তালাপ কৰাৰ উপৰিও নতুনকৈ নিযুক্তি লাভ কৰা আৰক্ষী জোৱানসকলক উৎসাহিত কৰে ।

ইপিনে দেওবাৰে পুৱাৰ ভাগত নগাঁও আৰক্ষীত নিয়োজিত আৰক্ষী বিষয়া-জোৱানৰ পুত্ৰ কন্যাক লগত লৈ আন এগৰাকী শ্বহীদ পূৰ্ণচন্দ্ৰ শৰ্মাৰ বাসগৃহত উপস্থিত হয় নগাঁও আৰক্ষী অধীক্ষক লীনা দলে (Nagaon SP Leena Doley)। আৰক্ষীৰ সন্তানক শ্বহীদৰ বিষয়ে অৱগত কৰোৱাৰ উদ্দেশ্যে শিশুসকলক লগত লৈ শ্বহীদ পৰিয়ালৰ বাসগৃহত উপস্থিত হৈ শ্বহীদ পূৰ্ণচন্দ্ৰ শৰ্মাৰ বোৱাৰীৰ সৈতে বাৰ্তালাপ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে । লগতে শ্বহীদ পূৰ্ণচন্দ্ৰ শৰ্মাৰ বোৱাৰীকো সম্বৰ্ধনা জ্ঞাপন কৰে আৰক্ষী অধীক্ষক লীনা দলেই ।

লগতে পঢ়ক:অসমৰ 23 গৰাকী আৰক্ষী বিষয়া,জোৱানলৈ পদক ঘোষণা

ABOUT THE AUTHOR

...view details