হাতত মিঠাইৰ টোপোলা লৈ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিঙৰ পিতৃ-মাতৃ - Amritpal Singh
Amritpal Singh : হাতত মিঠাইৰ টোপোলা লৈ ডিব্ৰুগড় কাৰাগাৰত উপস্থিত অমৃতপাল সিঙৰ পিতৃ-মাতৃ ৷ অমৃতপাল সিং সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ আনন্দত কাৰাগাৰৰ নিৰাপত্তাৰক্ষী, আৰক্ষীৰ লগতে কেন্দ্ৰীয় কাৰাগাৰৰ সমূহ কাৰাবন্দীকে মিঠাই বিতৰণ কৰিলে পিতৃ-মাতৃয়ে ৷ কম দিনতে কাৰাগাৰৰ পৰা মুক্ত হ'ব অমৃতপাল সিং- সেই আশা পিতৃ-মাতৃৰ ৷

Published : June 8, 2024 at 5:17 PM IST
ডিব্ৰুগড়, 8 জুন : ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত থাকিয়েই লোকসভা নিৰ্বাচনত পঞ্জাৱৰ খাদুৰ চাহিব সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিজয় সাব্যস্ত কৰিলে ৱাৰিছ পঞ্জাৱ দে'ৰ মুৰব্বী অমৃতপাল সিঙে ৷ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি বৃহৎ ভোটৰ ব্যৱধানত বিজয়ী হোৱাৰ পাচত আজি হাতত মিঠাই লৈ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হয় অমৃতপাল সিঙৰ পিতৃ-মাতৃ ৷
ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈ পিতৃ তাৰচেম সিং আৰু মাতৃ বলবিন্দৰ কৌৰে কাৰাৰুদ্ধ পুত্ৰ সাংসদ হোৱাৰ আনন্দত সাংবাদিক, কাৰাগাৰৰ নিৰাপত্তাৰক্ষী, আৰক্ষীৰ লগতে কেন্দ্ৰীয় কাৰাগাৰৰ সমূহ কাৰাবন্দীকে মিঠাই বিতৰণ কৰে ৷ নিৰ্বাচনী প্ৰচাৰ নচলোৱাকৈ প্ৰায় 1 লাখ 90 হাজাৰৰো অধিক ভোটৰ ব্যৱধানত বিজয়ী হোৱাৰ পিচতে পাঞ্জাৱত ৰাইজৰ মাজত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে বুলি জানিবলৈ দিয়ে অমৃতপাল সিঙৰ পিতৃয়ে ৷ লগতে কম দিনৰ ভিতৰতে অমৃতপাল সিং কাৰাগাৰৰ পৰা মুক্ত হ'ব বুলি আশা প্ৰকাশ কৰে পিতৃ-মাতৃয়ে ৷
ইফালে অমৃতপাল সিঙক কাৰাগাৰৰ পৰা উলিয়াই নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে অমৃতসৰৰ জিলা দণ্ডাধীশৰ ওচৰত পৰিয়ালে আবেদন জনাইছে বুলি জানিবলৈ দিয়ে অমৃতপাল সিঙৰ পিতৃ তাৰচেম সিঙে ৷ উল্লেখ্য যে খালিস্তানী সমৰ্থক তথা 'ৱাৰিছ পঞ্জাব দে'ৰ নেতা অমৃতপাল সিং পঞ্জাৱত গ্ৰেপ্তাৰ হোৱাৰ পিচত 2023 চনৰ 23 এপ্ৰিলৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে ৷ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত দিন পাৰ কৰিছে ৱাৰিছ পঞ্জাৱ দে'ৰ মুৰব্বী অমৃতপাল সিংসহ 10 খালিস্তানী কাৰাবন্দীয়ে ৷

