নগাঁও, 13 জুন: সমগ্ৰ ৰাজ্যজুৰি মঙলবাৰে শক্তি বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ, আপ আদি কেইবাটাও বিৰোধী ৰাজনৈতিক দলে ৷ ইয়াৰ অংশ হিচাপে নগাঁৱতো প্ৰতিবাদ কৰিবলৈ ওলাই আহিল প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমান চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ লগতে কেইবাগৰাকীও কংগ্ৰেছী বিধায়ক আৰু নেতা-কৰ্মী ৷ নগাঁও ৰাজীৱ ভৱনৰ পৰা দলটোৱে প্ৰতিবাদ আৰম্ভ কৰি উপস্থিত হয়গৈ শক্তি বিভাগৰ নগাঁও জিলাৰ কাৰ্যালয়ৰ সমুখত ৷ হাতে হাতে বিচনী লৈ বৰ্ধিত বিদ্যুৎ মাচুলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ’ল কংগ্ৰেছৰ নেতা-কৰ্মীসকলক ৷
প্ৰতিবাদৰ মাজতে সংবাদ মাধ্যমৰ যোগেদি একালৰ সতীৰ্থ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য তীব্ৰ বাক্য বাণ প্ৰয়োগ কৰে বিৰোধীৰ উপ-দলপতি ৰকিবুল হুছেইনে ৷ তেওঁ কয় যে, 24 ঘন্টাই বিদ্যুত যোগানৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে প্ৰতিবছৰে তিনি চাৰিবাৰকৈ বিদ্যুৎ মাচুল বৃদ্ধি কৰি জনতাৰ মূৰত ৰাম টাঙোন সোধাইছে ৷
লোড শ্বেডিঙৰ নামৰত সঘনাই বিদ্যুৎ কৰ্তন কৰি শক্তিবিভাগে ৰাইজক জলা-কলা খুওৱা বুলি উল্লেখ কৰে বিধায়ক হুছেইনে ৷ জনসাধাৰণৰ সৈতে বিজেপি চৰকাৰৰ নেটৱৰ্ক বিচ্ছিন্ন হোৱা বুলি দাবী কৰি নেটৱৰ্ক বিচাৰি বিজেপিয়ে গণসংযোগ কাৰ্যসূচী আৰম্ভ কৰা বুলিও সমালোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷