কলিয়াবৰ,৮ জুলাই:শনিবাৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্য়োগত কলিয়াবৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় বিশেষ অভিনন্দন অনুষ্ঠান । উক্ত অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা তথা APSC/UPSC ত কৃতিত্ব লাভ কৰা শিক্ষাৰ্থীসকলক সদৌ অসম ছাত্ৰসন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা । উক্ত অনুষ্ঠানত উপস্থিত থাকি আছুৰ সভাপতিগৰাকীয়ে সুখী হোৱা বুলি ব্যক্ত কৰে । লগতে তেওঁ কয় যে, কলিয়াবৰত ২০০৫ চনৰ পৰা আছুৰ বুক বেংকৰ জৰিয়তে দুখীয়া ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যপুথি যোগান ধৰি যি এক মহৎকাৰ্য কৰি আহিছে সেয়া অতুলনীয় । লগতে, 'শিক্ষা জীৱনৰ বাবে, জীৱন জাতিৰ বাবে' সেই চিন্তাৰে অভিনন্দিত ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই যাবলৈ আহ্বান জনাই উৎপল শৰ্মা ।
ইয়াৰ উপৰিও দেশৰ নতুন শিক্ষানীতি সন্দৰ্ভত আছুৰ ভাৰপ্ৰাপ্ত সভাপতিগৰাকীয়ে আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য । তেওঁ কয় যে, দেশত নতুন শিক্ষা নীতিৰ বহু দিনৰ পৰাই প্ৰয়োজন আছিল । গতিকে, নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি অৱধাৰিত আছিল । কিন্তু অসমৰ শিক্ষক, বিদ্যালয় গৃহ, অনান্য সা-সুবিধাৰ অভাৱৰ ফলত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সু-প্ৰভাৱৰ পৰা অসমৰ শিক্ষা জগত বঞ্চিত হ'ব ।