অসম

assam

HSLC question paper leaked : প্ৰশ্নকাকত বাতিলৰ পাছতে উদ্বিগ্ন শিক্ষাৰ্থী আৰু অভিভাৱক

By

Published : Mar 13, 2023, 5:15 PM IST

ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে ছেবাই । এই অভিযোগ অভিভাৱকৰ । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিলৰ পাছতে মৰিগাঁৱত তীব্ৰ উত্তেজনা (HSCL exam paper leaked)। শিক্ষামন্ত্ৰী আৰু ছেবাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল অভিভাৱকসকল ।

HSLC question paper leaked
প্ৰশ্নকাকত বাতিলৰ পাছতে উদ্বিগ্ন শিক্ষাৰ্থী আৰু অভিভাৱক

প্ৰশ্নকাকত বাতিলৰ পাছতে উদ্বিগ্ন শিক্ষাৰ্থী

মৰিগাঁও,১৩ মাৰ্চ : প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছতে বাতিল কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা । লগে লগে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । প্ৰতিখন জিলাতে শিক্ষাৰ্থী, অভিভাৱকসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (HSLC science paper leaked)। হঠাৎ শিক্ষা বিভাগে লোৱা সিদ্ধান্তৰ পাছতে ৰাজ্যজুৰি ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ।

ছেবাৰ গাফিলতিক লৈ ক্ষোভ প্ৰকাশ কৰিছে পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলে । মৰিগাঁও জিলাখনৰ শিক্ষাৰ্থীসকলৰ মাজতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মৰিগাঁও জিলাখনৰ ১৪,৪৮০ গৰাকী পৰীক্ষাৰ্থীৰ মাজতো হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । ছেবাৰ জৰুৰী নিৰ্দেশ অনুসৰি মৰিগাঁও জিলাৰ ২৫ টা কেন্দ্ৰত সোমবাৰে অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিল কৰা হৈছে । ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন পৰীক্ষাৰ্থীৰ লগতে মৰিগাঁৱৰ পৰীক্ষাৰ্থীসকলৰ মাজতো প্ৰতিক্ৰিয়া হৈছে (Reactions over HSLC paper leaked)।

পৰীক্ষা বাতিল হয় যদিও পুৱাই মৈৰাবাৰী, লাহৰীঘাট, ভূৰাগাঁও, মায়ং ,জাগীৰোড, নেলী, ধৰমতুল, ভকতগাঁও, বাপূজীয়া, জালুগুটি, ভূৰবন্ধা, মিকিৰভেটা, কপাহৰা, বেছামাৰী, টেঙাগুৰি, চৰাইবাহী আদি পৰীক্ষা কেন্দ্ৰত ভিৰ কৰে পৰীক্ষাৰ্থী আৰু অভিভাৱকে । পৰীক্ষাকেন্দ্ৰৰ বাহিৰত থকা পৰীক্ষা বাতিলৰ জাননী দেখি উদ্বিগ্ন হৈ পৰে পৰীক্ষাৰ্থীসকল ।

দীৰ্ঘদিনীয়া কষ্ট আৰু প্ৰস্তুতিৰ অন্তত এনেদৰে একাংশ দুৰ্নীতিগ্ৰস্ত লোকৰ বাবে পৰীক্ষাত বহাৰ পৰা বঞ্চিত হোৱাৰ বাবে পৰীক্ষাৰ্থীসকলে ক্ষোভ প্ৰকাশ কৰিছে । ইফালে সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি অভিভাৱকসকলো চিন্তিত হৈ পৰিছে ।

উল্লেখ্য যে দেওবাৰে মাজনিশা হঠাৎ পৰীক্ষা বাতিলৰ ঘোষণা কৰিছিল শিক্ষামন্ত্ৰীয়ে । পৰীক্ষাৰ প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ সন্দৰ্ভত বাতৰি প্ৰকাশৰ পাছতে ছেবাই এক জাননী শ্বেয়াৰ কৰি শিক্ষামন্ত্ৰী টুইটযোগে ঘোষণা কৰে । পৰীক্ষা বাতিলৰ পাছতে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে চৰকাৰ তথা ছেবাক তীব্ৰ ভাষাৰে গৰিহণা দিছে । ইফালে ছেবাই জনোৱা মতে অহা ৩০ মাৰ্চত পুৱা ৯ বজাৰ পৰা পুনৰ অনুষ্ঠিত হ'ব সাধাৰণ বিজ্ঞানৰ পৰীক্ষা ।

লগতে পঢ়ক :HSLC Exam 2023: মেট্ৰিকৰ আজি হ’বলগীয়া বিজ্ঞান পৰীক্ষা বাতিল, মাজনিশা ছেবাৰ ঘোষণা

ABOUT THE AUTHOR

...view details