অসম

assam

মৰিগাঁৱত ৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

By

Published : Mar 13, 2021, 11:23 AM IST

৭৯ নং জাগীৰোড সমষ্টিত বিজেপি প্ৰাৰ্থী বিধায়ক তথা অসম চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকাই, প্ৰাক্তন মন্ত্ৰী বুবুল দাসে অসম জাতীয় পৰিষদৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে । আনহাতে ৮১ লাহৰীঘাটৰ পৰা ক্ৰমে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ডাঃ আচিফ নাজাৰ, নৱ গঠিত আঞ্চলিক ৰাজনৈতিক মঞ্চ তথা ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী ৰূপে মাজাহাৰুল ইছলাম চিৰ্দিকি, বিজেপিৰ মনোনীত প্ৰাৰ্থী ৰূপে কাদিৰু জামান জিন্নাৰ লগতে ৰাষ্ট্ৰীয়তাবাদী জনতা দলৰ এগৰাকী মহিলা প্ৰাৰ্থীয়ে নিৰ্বাচনী বিষয়াৰ ওচৰত দাখিল কৰে মনোনয়ন পত্ৰ ।

মৰিগাঁৱত ৭ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল
মৰিগাঁৱত ৭ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

মৰিগাঁও, ১৩ মাৰ্চ: সমাগত বিধান সভা নিৰ্বাচন ৷ এই নিৰ্বাচনক লৈ ৰাজ্যৰ প্ৰতিটো দল-সংগঠন, ৰাজনৈতিক নেতা এতিয়া সক্ৰিয় হৈ পৰিছে ৷ ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ বাবে নিজ নিজ দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰা সকলো নেতাই দাখিল কৰিছে মনোনয়ন ৷ শুকুৰবাৰে মৰিগাঁৱত কেবাগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে নিজৰ নিজৰ মনোনয়ন । জিলাখনৰ ৭৯ নং জাগীৰোড সমষ্টিত বিজেপি প্ৰাৰ্থী বিধায়ক তথা অসম চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু প্ৰাক্তন মন্ত্ৰী বুবুল দাসে অসম জাতীয় পৰিষদৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে ।

মৰিগাঁৱত ৭ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

আনহাতে ৮১ লাহৰীঘাটৰ পৰা ক্ৰমে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ডাঃ আচিফ নাজাৰ, নৱ গঠিত আঞ্চলিক ৰাজনৈতিক মঞ্চ তথা ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী ৰূপে মাজাহাৰুল ইছলাম চিৰ্দিকি, বিজেপিৰ মনোনীত প্ৰাৰ্থী ৰূপে কাদিৰু জামান জিন্নাৰ লগতে ৰাষ্ট্ৰীয়তাবাদী জনতা দলৰ এগৰাকী মহিলা প্ৰাৰ্থীয়ে নিৰ্বাচনী বিষয়াৰ ওচৰত দাখিল কৰে মনোনয়ন পত্ৰ ।

উল্লেখ্য যে, মন্ত্ৰী পীয়ূষ হাজৰিকাই দহ সহস্ৰাধিক সমৰ্থকৰে সমদল কৰি পত্নী আইমী বৰুৱা আৰু পুত্ৰক লগত লৈ জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত দাখিল কৰিলে মনোনয়ন পত্ৰ ।

লগতে পঢ়ক: জনীয়াৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ তালাচী

ABOUT THE AUTHOR

...view details