অসম

assam

মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ নাম সলনি

By

Published : Jul 24, 2021, 11:00 AM IST

মৰিগাঁও অসামৰিক চিকিৎসালয়খনৰ নাম সলনি (Morigaon Civil Hospital) ৷ তিনিগৰাকী মহান ছহিদৰ নামত নতুনকৈ নামাকৰণ কৰা হৈছে চিকিৎসালয়খন ৷

Morigaon  civil Hospital name change By Government
তিনিগৰাকী মহান ছহিদৰ নামত উচৰ্গা মৰিগাঁও অসামৰিক চিকিৎসালয়

মৰিগাঁও, 24 জুলাই : মৰিগাঁৱবাসীৰ বাবে এটা সুখবৰ ৷ মৰিগাঁৱৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সন্মান জনাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Chief Minister Dr. Himanta Biswa Sarma) ই ছেপ্তেম্বৰ মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ নাম সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰে । এতিয়াৰে পৰা জিলাখনৰ একমাত্ৰ অসামৰিক চিকিৎসালয়খন শ্বহীদ তিলক ডেকা, হেমৰাম পাটৰ আৰু গুণাভিৰাম বৰদলৈৰ নামেৰে জনাজাত হ’ব ৷

তিনিগৰাকী মহান ছহিদৰ নামত উচৰ্গা মৰিগাঁও অসামৰিক চিকিৎসালয়

স্বাধীনতা সংগ্ৰামৰ তিনিগৰাকী বীৰ শ্বহীদক অনন্তকাললৈ উজ্জীৱিত কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । চৰকাৰৰ এই সিদ্ধান্ত মৰিগাঁৱবাসীৰ বাবে গৌৰৱৰ বিষয় । এক কথাত ক'বলৈ গ'লে, মৰিগাঁৱবাসীৰ এই দাবী আছিল দীৰ্ঘদিনীয়া ।

বহুবছৰৰ পৰাই মৰিগাঁৱবাসী তথা একাধিক দল-সংগঠনে চৰকাৰক দাবী জনাই আহিছিল যে, 1942 ৰ গণ আন্দোলনত দেশৰ বাবে তিনি গৰাকী লোক শ্বহীদ হৈছিল ৷ সেই কেইগৰাকী বীৰ শ্বহীদৰ নামত মৰিগাঁও জিলাৰ একমাত্ৰ অসামৰিক চিকিৎসালয়খন নামাংকৃত হ'ব লাগে ৷ সেই অনুসাৰে ২০২০ চনত মৰিগাঁৱতে সেই সময়ৰ স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়খনৰ নাম ঘোষণা কৰিছিল যদিও সেয়া কাৰ্যকৰী হোৱা নাছিল ।

সেই ঘোষণাকে অৱশেষত কাৰ্যকৰী কৰাৰ নিৰ্দেশ দিলে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ এই পদক্ষেপক আদৰণি জনাইছে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ বুবুল শইকীয়া, জিলা চাৰ্ভিলেঞ্চ অফিচাৰ ডাঃ অৰুণ কুমাৰ নাথ আৰু কৰ্মচাৰী পৰিষদ মৰিগাঁও জিলা সমিতিৰ সম্পাদক খগেন মহন্তৰ লগতে মৰিগাঁৱৰ ৰাইজে ।

লগতে পঢ়ক- আত্মসমৰ্পন কৰা নাই যুদ্ধ বিৰতিহে ঘোষণা কৰিছো: এম বাথা

ABOUT THE AUTHOR

...view details