অসম

assam

Morigaon Mob lynching case update: আঁহতগুৰিৰ গণ প্ৰহাৰৰ ঘটনা; পাঁচজন লোকক আটক আৰক্ষীৰ

By

Published : Jul 26, 2023, 4:34 PM IST

আঁহতগুৰিত সংঘটিত গণ প্ৰহাৰৰ ঘটনাৰে জড়িত পাঁচ অভিযুক্তক নিশা আটক কৰিছে মৰিগাঁও আৰক্ষীয়ে ৷ এতিয়াও বহুকেইজন অভিযুক্ত পলাতক অৱস্থাত আছে বুলি জানিবলৈ দিছে মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে ৷

Five persons detained by Assam police
পাঁচ অভিযুক্তক নিশা আটক

আঁহতগুৰিত সংঘটিত গণ প্ৰহাৰৰ ঘটনাৰে জড়িত পাঁচ অভিযুক্তক আটক

মৰিগাঁও, 26 জুলাই : সোমবাৰে নিশা মৰিগাঁৱৰ আঁহতগুৰিত সংঘটিত হোৱা গণ প্ৰহাৰৰ ঘটনাৰ পিচতে জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে আঁহতগুৰিত সংঘটিত গণ প্ৰহাৰৰ ঘটনাৰে জড়িত পাঁচ অভিযুক্তক নিশা আটক কৰিছে মৰিগাঁও আৰক্ষীয়ে ৷ এই ঘটনাৰে জড়িত আন কেইবাজনো লোকক আটক কৰাৰ লগতে এতিয়াও বহুকেইজন অভিযুক্ত পলাতক অৱস্থাত আছে বুলি জানিবলৈ দিছে মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে ৷

মৰিগাঁও জিলাৰ আঁহতগুৰিত সংঘটিত বৰ্বৰ ঘটনাৰ লগত জড়িত 5 জনক পুৱতি নিশা আটক কৰে ধৰমতুল আৰক্ষীয়ে ৷ উল্লেখযোগ্য যে, গৰু চুৰিৰ সন্দেহত আঁহতগুৰিত তিনি জন যুৱকক গণপ্ৰহাৰ কৰিছিল স্থানীয় একাংশ লোকে ৷ ইয়াৰে চাদ্দাম হুছেইন নামৰ নিৰীহ যুৱকজনৰ গণ প্ৰহাৰত মৃত্যু হয় ৷ ইয়াৰ পিচতে পৰিস্থিতি উত্তপ্ত হৈ পৰে অঞ্চলটোত ৷ তদুপৰি উত্তেজিত জনতাই কৰ্তব্যৰত আৰক্ষীক শিলগুটিৰে আক্ৰমণ কৰাত কেইবাগৰাকী আৰক্ষী আহত হয় ৷ লগতে উত্তেজিত লোকে খবৰ সংগ্ৰহৰ বাবে যোৱা সাংবাদিককো আক্ৰমণ কৰে ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত মৰিগাঁৱৰ আৰক্ষী অধীক্ষকৰ লগতে অসম আৰক্ষীৰ আইজিপি প্ৰশান্ত কুমাৰ ভূঞা উপস্থিত হৈ দোষীয়ে শাস্তি পাব বুলি ঘোষণা কৰাৰ লগত দোষীৰ ভিডিঅ’ ফুটেজ লাভ কৰা বুলি সদৰী কৰাৰ উপৰিও দোষীক গ্ৰেপ্তাৰ কৰি আইন অনুসৰি শাস্তি প্ৰদান কৰিব বুলি ঘোষণা কৰিছিল ৷ সেই অনুসৰি মঙলবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই আঁহতগুৰিৰ গণ প্ৰহাৰৰ ঘটনাৰ সৈতে জড়িত পাঁচ অভিযুক্ত আটক কৰি অব্যাহত ৰাখিছে তদন্ত ৷ আটক কৰা কেইজন ক্ৰমে যোগেশ্বৰ দাস ,বাবুলি দাস ,অজিত দাস ,কমলেশ্বৰ দাস , ছত্ৰসিংহ দাস বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা লোককেইজনক প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰি ন্যায়িক জিম্মাত প্ৰেৰণ কৰাৰ লগতে আনসকলকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব বুলি সদৰী কৰে মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথে ৷

ইতিমধ্যে এই নৃশংস ঘটনা সন্দৰ্ভত গোচৰ পঞ্জীয়ন কৰা হৈছে ৷ তদন্তৰ পিচতেহে ঘটনাৰ প্ৰকৃত ছবি পোহৰলৈ আহিব বুলি মন্তব্য কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথে ৷

লগতে পঢ়ক :Morigaon Mob lynching case update: "গৰু চোৰ নহয় আমি কাবাদী খেলুৱৈহে...."

ABOUT THE AUTHOR

...view details