অসম

assam

Sensational robbery case: ডকাইতি কাণ্ড সংঘটিত কৰাৰ 5 ঘণ্টাৰ ভিতৰতে আৰক্ষীৰ জালত পৰিল ডকাইত

By

Published : Aug 13, 2023, 7:17 AM IST

নগাঁৱৰ ৰূপহী গুণাবৰীৰ পানীৰ মাজৰ পৰা দুই ডকাইতক গ্ৰেপ্তাৰ । ধৃত দুই ডকাইত ক্ৰমে আচিকুৰ ৰহমান আৰু ৰেকিবুদ্দিন । ডকাইতি কাণ্ডত ব্যৱহৃত AS 02 AG 4929 নম্বৰৰ ৰঙা পালচাৰ বাইকখনো জব্দ । পলাতক আন দুজন ডকাইতৰ বিৰুদ্ধে অব্যাহত আছে অভিযান ৷

Arrested 2 docait
গ্ৰেপ্তাৰ হোৱা দুই ডকাইত

অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ সংবাদ মেল

মৰিগাঁও, 13 আগষ্ট: মৰিগাঁও আৰক্ষীৰ জালত নগাঁও জিলাৰ ৰূপহীৰ দুই ডকাইত । নগাঁও জিলাৰ ৰূপহীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আচিকুৰ ৰহমান আৰু ৰেকিবুদ্দিনক নামৰ দুই ডকাইতক । উল্লেখ্য যে, 11 আগষ্টৰ ৰাতি মৰিগাঁৱৰ কে কে এন্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী কিশোৰ কুমাৰ জৈনক ডেগাৰ দেখুৱাই ডকাইতে লুটি নিছিল ধনকে ধৰি বিভিন্ন সামগ্ৰী ৷ এই খবৰ লাভ কৰাৰ পিচতে তৎপৰ হৈ পৰে মৰিগাঁও আৰক্ষী ৷

অভিযান চলায় আৰক্ষীয়ে তৎপৰতাৰে উদ্ধাৰ কৰিছে ব্যৱসায়ী কিশোৰ জৈনৰ বেগ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ নথি-পত্ৰ । এটা ডকাইতে বাইকৰ পৰা পুখুৰীত জপিয়াই পলায়নৰ অপচেষ্টা চলাইছিল বুলিও জানিবলৈ দিয়ে আৰক্ষীয়ে । লগতে, ডকাইতি কাণ্ডত জড়িত দুখন বাইক জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ।

উল্লেখ্য যে, মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চলিছিল এই অভিযান । শনিবাৰৰৰ নিশা সংবাদমেল সম্বোধন কৰি অভিযান সন্দৰ্ভত উল্লেখ কৰে অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই । মৰিগাঁও অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই সদৰী কৰা মতে ডকাইত দুটা হ’ল নগাঁও জিলাৰ ৰূপহী আৰক্ষী থানাৰ অন্তৰ্গত গুণাবৰী গাঁৱৰ হাফিজুৰ ৰহমানৰ পুত্ৰ আচিকুৰ ৰহমান আৰু উত্তৰ খাটোৱালৰ চুৰহাব আলিৰ পুত্ৰ ৰেকিবুদ্দিন ।

ডকাইতিত ব্যৱহৃত AS 02 AG 4929 নম্বৰৰ ৰঙা ৰঙৰ পালচাৰ বাইকখনো জব্দ কৰে আৰক্ষীয়ে । ইতিমধ্যে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 392 ধাৰাৰ অধীনত মৰিগাঁও আৰক্ষী থানাত ৰুজু 305/23 নম্বৰৰ অধীনত এটা গোচৰ ৰুজু কৰে । মৰিগাঁও আৰক্ষীয়ে নিশাই নগাঁৱৰ ৰূপহীৰ পানীৰ মাজত থকা এটা পৰিত্যক্ত ঘৰত অভিযান চলাইছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । পলাতক আন দুই ডকাইতৰ বিৰুদ্ধে অব্যাহত আছে অভিযান ।

লগতে পঢ়ক: Sensational robbery : চোকা অস্ত্ৰ দেখুৱাই ডকাইতে লুটিলে ব্যৱসায়ীৰ ধন

ABOUT THE AUTHOR

...view details