অসম

assam

আগন্তক পাঁচ বছৰৰ বাবে সৰ্বানন্দ সোণোৱালক বিধায়ক ৰূপে থকাৰ আহ্বান মাজুলীবাসীৰ

By

Published : May 31, 2021, 10:05 PM IST

আগন্তক পাঁচ বছৰত সৰ্বানন্দ সোণোৱালক মাজুলীৰ স্থানীয় বিধায়ক ৰূপে থকাৰ আহ্বান মাজুলীবাসীৰ ৷ শ শ বছৰে মাজুলীয়ে বঞ্চিত হৈ থকা বিষয় সমূহত সৰ্বানন্দ সোণোৱালৰ দিনতে মাজুলীয়ে পূৰ্ণ কৰাৰ সুযোগ পালে ৷

majuli-residents-call-for-sarbananda-sonowal-to-be-majuli-mla-for-five-years
আগন্তক পাঁচ বছৰৰ বাবে সৰ্বানন্দ সোণোৱালক মাজুলীৰ বিধায়ক ৰূপে থকাৰ আহ্বান মাজুলীবাসীৰ

মাজুলী, 31 মে': অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ বিধায়ক পদ এৰি আন কিবা চিন্তা কৰিব নেকি ? এনে ধৰণৰ কথা ওলাই থকা সময়তে মাজুলীবাসীৰ আকুল আহ্বান সৰ্বানন্দ সোনোৱাললৈ মাজুলীৰ বিধায়ক পদ নেৰিবলৈ ।

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালে ৰাজনৈতিকেই হওঁক বা দলীয় বিষয়তেই হওঁক মুখ্যমন্ত্ৰীত্বৰ পদ এৰাত মাজুলীবাসীৰ ক'ব লগা নাই । কিন্তু মাজুলীবাসীয়ে বাঞ্চা কৰ, সোণোৱাল ডাঙৰীয়া মাজুলীৰ বিধায়ক হৈ মাজুলী বাসীৰ বুকুত থাকক ।

শ-শ বছৰে মাজুলীয়ে বঞ্চিত হৈ থকা বিষয় সমূহত সৰ্বানন্দ সোণোৱালৰ দিনতে মাজুলীয়ে পূৰ্ণ কৰাৰ সুযোগ পালে । এতিয়া মাজুলীৰ বিধায়ক হৈ কাম কৰিলেও মাজুলীৰ উন্নয়ন যে অধিক গতিশীল হ'ব সেইটো নিঃসন্দেহে ক'ব পাৰি ।

আগন্তক পাঁচ বছৰৰ বাবে সৰ্বানন্দ সোণোৱালক মাজুলীৰ বিধায়ক ৰূপে থকাৰ আহ্বান মাজুলীবাসীৰ

মাজুলীৰ কাৰণে তেওঁ যোৱা পাচটা বছৰত শিক্ষা, স্বাস্থ্য, বাট পথ আৰু অন্যান্য দিশত যথেষ্ট পৰিমাণে উন্নয়ন কৰিলে । ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধ, স্বাস্থ্য খণ্ডৰ আধুনিকীকৰণ, কৃষি, শিক্ষা, যাতায়াত, উদ্যোগ খণ্ড, প্ৰাথমিকভাৱে আৰম্ভ হোৱা মাজুলী যোৰহাট সংযোগী দলং, সাংস্কৃতিক বিশ্ববিদ্যালয় এইসমূহ বিষয়ক সামগ্ৰীভাৱে নিভাঁজ ৰূপ দিবলৈ হ'লে সৰ্বানন্দ সোণোৱালৰ মাজুলীক প্ৰয়োজন আছে ।

মাজুলীৰ কাৰণে তেওঁ যোৱা ৫ টা কৰি যোৱা কামে মাজুলী বাসীয়ে ইমানেই ভাল পালে যে এইবাৰ নিৰ্বাচনত তেখেতক বিপুল সংখ্যক ভোটত মাজুলীৰ পৰা জয়ী কৰি পঠাই । যাৰ পৰিপ্ৰেক্ষিতত মাজুলীৰ বিধায়ক হিচাপে থাকিবলৈ সৰ্বানন্দ সোণোৱালক মাজুলী বাসীয়ে অনুৰোধ জনাইছে ।

উল্লেখ্য যে, জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত সম্বৰ্দ্ধনা কাৰ্যসূচীত সৰ্বানন্দ সোণোৱালে মত প্ৰকাশ কৰিছিল যে, 'মই মাত্ৰ এজনহে, মাজুলীৰ লগত অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু তত্বাবধায়ক মন্ত্ৰী বিমল বৰা আছে ৷ সকলোৱে মাজুলীক চাব'। মাজুলীবাসীৰ বাবে সৰ্বানন্দ সোণোৱালৰ এই কথাষাৰ বিশেষ অৰ্থৱহ হৈ পৰিছে ।

লগতে কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভৰ কথাতো গুনাগথা চলি থকাত মাজুলীবাসী সংকিত হৈছে ৫ বছৰত যি ৫ হাজাৰৰো অধিক কোটি টকীয়া অভিলাষী আঁচনি চলি আছে সেইসমূহত স্থবিৰতা আহিব নেকি ? মাজুলীৰ অভিভাৱক হিচাপে যেনেকৈ দায়িত্ব পালন কৰি উন্নয়নৰ ধাৰা তৰাম্বিত কৰি মাজুলীৰ আপোন হৈছিল এতিয়া অভিভাৱকহীন হ’ব নেকি মাজুলীবাসী ?

লগতে পঢ়ক :যুৱতীক নিৰ্যাতনৰ চেষ্টা: কুঠৰীত দুই যুৱকক আটক

ABOUT THE AUTHOR

...view details