অসম

assam

Nimati Majuli ferry service : নিমাতী মাজুলী জলপথত পুনৰ লেচীৰ ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰক্ৰিয়াক তীব্ৰ বিৰোধিতা

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 8:19 AM IST

নিমাতী মাজুলী জলপথত পুনৰ লেচীৰ ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰক্ৰিয়াক তীব্ৰ বিৰোধিতা মাজুলীবাসীৰ ৷ মাজুলীত বিভিন্ন দল-সংগঠনৰ যৌথ আহ্বানত বৃহৎ ৰাজহুৱা সভা সম্পন্ন ৷ লেচী ব্যৱস্থাৰ বিৰোধিতাৰে মুখ্যমন্ত্ৰীলৈ প্ৰস্তাৱ প্ৰেৰণৰ সিদ্ধান্ত ৷

majuli local people oppositing reintroduction of lacy system at nimati majuli ferry port
লেচী ব্যৱস্থাৰ বিৰোধিতাৰে ৰাজহুৱা সভা সম্পন্ন

লেচী ব্যৱস্থাৰ বিৰোধিতাৰে ৰাজহুৱা সভা সম্পন্ন

মাজুলী, 7 অক্টোবৰ: অফলামুখ আৰু কমলাবাৰী ফেৰী ঘাট দুটা চৰকাৰে পুনৰ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰৰ চক্ৰান্ত কৰাৰ অভিযোগ উঠিছে ৷ ফেৰী ঘাট দুটা লেচীক দিয়াৰ বাবে এক চক্ৰান্ত চলিছে বুলি খবৰ ওলোৱাৰ লগে লগে মাজুলীৰ সৰ্বস্তৰত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । বিষয়টো সন্দৰ্ভত মাজুলীৰ বিভিন্ন দল-সংগঠনৰ যৌথ আহ্বানত কমলাবাৰী মিলন সংঘত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় । কোনো কাৰণতে মাজুলীৰ অফলামুখ আৰু কমলাবাৰী ফেৰী ঘাট দুটা লেচীৰ হাতলৈ যাবলৈ নিদিয়ে বুলি মাজুলীবাসী প্ৰতিজ্ঞাৱদ্ধ বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমৰ আগত ।

সভাত উপস্থিত থকা সকলোৱে একেমুখে লেচী ব্যৱস্থাৰ বিৰোধিতা কৰে । সভাত সৰ্বসন্মতিক্ৰমে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সেই অনুসৰি ফেৰী সেৱা লেচীৰ অধীনলৈ নিনিয়াকৈ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ দ্বাৰাই চলাচলৰ ব্যৱস্থা কৰি মাজুলীৰ ৰাইজৰ সুচল যাতায়তৰ সুবিধা কৰা, লেচীৰ অধীনত পূৰ্বতে ৰাইজ যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হৈছে গতিকে উক্ত লেচীৰ ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দ্বাৰা মাজুলীবাসীক হাৰাশাস্তি নকৰিবলৈ অনুৰোধ জনোৱা, যোৰহাট-মাজুলী জলপথৰ দুয়োপাৰে বৰ্তমানেও বিজ্ঞানসন্মত অথবা উপযুক্ত ৰেম্প নাই বাবে সামান্য জলপৃষ্ঠ বাঢ়িলেই ফেৰী সেৱা বন্ধ কৰিবলগীয়া হয়, গতিকে দুয়োপাৰে দুটা উপযুক্ত ৰেম্প নিৰ্মাণ কৰিবলৈ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে ।

সৰু গড়মূৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হয় এই সভাখন । 2016 চনৰ পাছত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ 2 লাখ লোকৰ স্বাৰ্থত মাজুলী-নিমাতী পাৰঘাটৰ লেচী ব্যৱস্থা আঁতৰাই আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ অধীনত চলাব পৰাকৈ সুন্দৰ ব্যৱস্থা কৰি মাজুলীবাসীক নিৰাপত্তা প্ৰদান কৰিছিল ।

সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্রী হৈ থকাৰ সময়ত মাজুলীৰ ৰাইজৰ স্বাৰ্থত অফলা মুখ আৰু কমলাবাৰী ফেৰী ঘাট দুটাত প্ৰদান কৰা অত্যাধুনিক জাহাজ বৰ্তমানেও চলাচল কৰি আছে । সভাৰ সভাপতি তথা অধিকাৰ হৰিদেৱ গোস্বামীয়ে লেচী ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ প্ৰক্ৰিয়া কোনোকাৰণতে মানি লোৱা নহয় বুলি স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক:Internal Conflict in Assam Congress: কিবা এটা কোৱাৰ আগতে ভূপেন বৰাক সুধি ল’ব লাগিব কংগ্ৰেছ কৰ্মীয়ে

ABOUT THE AUTHOR

...view details