মাজুলী, 30 জুলাই : মাজুলীৰ এটা পথৰ পুনৰ নিৰ্মাণত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । নামনি মাজুলীৰ গুৱাল গাঁৱৰ পৰা পহুমৰা সংযোগী মূল পথটি পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । নিৰ্মীয়মান অৱস্থাতে গোৱালগাঁও-পহুমৰা এই পথটোত বখলা-বখলে এৰাইছে ব্লেক টেপিং ।
পূৰ্বে নিৰ্মাণ কৰা পথ ভাগি যোৱা অংশত চাফা নকৰাকৈ পুনৰ নিৰ্মাণ কৰাৰ অভিযোগ তোলে স্থানীয় লোকে ৷ আনকি পথটো ব্ৰাছ মাৰি চাফ-চিকুন নকৰাকৈ কাম আৰম্ভ কৰাৰ লগতে গাঁতসমূহত বালি আৰু শিলৰ সলনি মাটি ব্যৱহাৰৰ কৰাৰ পৰিণতিত এনেদৰে বখলা-বখলে ব্লেক টেপিং এৰাইছে বুলি জানিবলৈ দিয়ে । পথটো নিৰ্মাণত ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱা বুলি ৰাইজে তোলা অভিযোগৰ ভিত্তিত কিছুদিন পূৰ্বে বিভিন্ন সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছিল । তাৰ পিচতো ঠিকাদাৰ জনৈক পেগুৱে নিজৰ মইমতালিৰে পথটো নিৰ্মাণ কৰাৰ অভিযোগ তুলিছে এই পথটো ।