অসম

assam

Health department exam paper leaked: স্বাস্থ্য বিভাগৰ প্ৰশ্নকাকত ফাদিল কৰা নাচিমাসহ স্বামীক জে’ললৈ প্ৰেৰণ

By

Published : Feb 15, 2023, 5:20 PM IST

স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰা নাচিমা বেগম আৰু তেখেতৰ স্বামী মফিজুদ্দিনক জে’ললৈ প্ৰেৰণ ৷ মূল অভিযুক্ত নাচিমা-মফিজুদ্দিন দম্পতীক জেৰা চলাইছিল লখিমপুৰ আৰক্ষীয়ে ৷ দেওবাৰে ফাদিল কৰা হৈছিল স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্নকাকত (Health department exam paper leaked) ৷

Health Department Question Paper Leaked
স্বাস্থ্য বিভাগৰ প্ৰশ্নকাকত ফাদিল কৰা নাচিমা দম্পত্তিক জে’ললৈ প্ৰেৰণ

স্বাস্থ্য বিভাগৰ প্ৰশ্নকাকত ফাদিল কৰা নাচিমা দম্পত্তিক জে’ললৈ প্ৰেৰণ

লখিমপুৰ, 15 ফেব্ৰুৱাৰী: প্ৰসংগঃ দেওবাৰে অনুষ্ঠিত হোৱা স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ৷ প্ৰশ্নকাকত ফাদিল কৰা দুই অভিযুক্ত দোষী সাব্যস্ত হোৱাৰ পাচতেই বুধবাৰে মূল অভিযুক্ত নাচিমা আৰু তেওঁৰ স্বামী মফিজুদ্দিন দুয়োকে জে’ললৈ প্ৰেৰণ ৷ প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত আছিল মৰিগাঁৱৰ মৈৰাবাৰীৰ নাচিমা বেগম আৰু স্বামী মফিজুদ্দিন আহমেদ (Husband wife arrested for question paper leaking) ৷

উল্লেখ্য যে, লখিমপুৰৰ উজ্জ্বলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেন্দ্ৰত পৰীক্ষাত অৱতীৰ্ণ হৈছিল নাচিমা বেগমে ৷ আনহাতে পৰীক্ষা কেন্দ্ৰৰ বাহিৰত আছিল তেখেতৰ স্বামী মফিজুদ্দিন ৷ ফাদিল হোৱা প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাচতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ দাবী উঠিছিল দোষীক উপযুক্ত শাস্তি প্ৰদান কৰাৰ ৷

সামাজিক মাধ্যমত ভাইৰেল হোৱা প্ৰশ্নকাকতখনত উল্লেখ থকা ৰোল নম্বৰৰ ভিত্তিতেই অনুসন্ধান চলাই দেওবাৰে নিশাই নাচিমা-মফিজুদ্দিন দম্পতীক মৈৰাবাৰীৰ পৰা লখিমপুৰ আৰক্ষীয়ে আটক কৰিছিল (Nashima Begum held for question paper leak) ৷ পৰৱৰ্তী পৰ্যায়ত সোমবাৰে দুয়োকে সদৰ থানালৈ আনি জেৰা অব্যাহত ৰাখিল আৰক্ষীৰ উচ্চপদস্থ বিষয়াই ৷ দুয়োৰে বিৰুদ্ধে 58/23 নম্বৰৰ আৰু 120 বি /406/419/ আৰু 68 আই টি ধাৰাত ৰুজু কৰা হৈছিল গোচৰ (Health department exam paper leaked) ৷

উল্লেখ্য যে, অভিযুক্ত পতি-পত্নীৰ বিৰুদ্ধে আৰম্ভ কৰা হৈছিল দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ৷ বুধবাৰে এক সংবাদমেলযোগে এই কথা উল্লেখ কৰি দুয়োকে জে’ল হাজোতলৈ প্ৰেৰণ কৰা বুলি সদৰী কৰে লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকে ৷ এই ঘটনাত কৰ্তব্যৰত আৰক্ষীৰ গাফিলতি আছিল নেকি সেয়া বিচাৰ কৰিবলৈ উপায়ুক্তই নিৰ্দেশ দিছিল দণ্ডাধীশ পৰ্যায়ৰ তদন্ত (Health department exam paper leaked case) ৷

আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদমেলত সদৰী কৰা অনুসৰি পৰীক্ষাৰ কেন্দ্ৰত প্ৰৱেশৰ পূৰ্বে চলোৱা হৈছিল তালাচী ৷ কিন্তু মহিলা আৰক্ষীয়ে শালীনতা বজাই ৰাখি কৰা তালাচীৰ বাবে দেহৰ গোপন অংগত লৈ যোৱা ম’বাইল ফোনটো ধৰা পেলাব নোৱাৰিলে ৷ নাচিমা বেগমে আৰক্ষীৰ জেৰাত এই কথা নিজেই স্বীকাৰ পাচতেই উপযুক্ত তথ্য-প্ৰমাণসহ পতি-পত্নীক জে’ললৈ প্ৰেৰণ কৰা বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাই (Woman Husband jailed for leaking question paper) ৷

নিয়াৰিলৈ অনুষ্ঠিত হোৱা এই পৰীক্ষাক বদনামী কৰিবলৈকে নাচিমা-মফিজুদ্দিন দম্পতীয়ে এই কাৰ্য কৰা বুলি সদৰী কৰিছে আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাই ৷ প্ৰশ্নকাকত ম’বাইল ফোন নে আন কোনো গোপন ডিভাইচেৰে ভাইৰেল কৰা হৈছিল সেই সন্দৰ্ভতো তদন্ত অব্যাহত ৰাখিছিল আৰক্ষীয়ে ৷

লগতে পঢ়ক:Health Department Question Paper Leaked: স্বাস্থ্য বিভাগৰ প্ৰশ্নকাকত ফাদিল কৰা নাচিমা বেগমসহ স্বামীক মাৰাথন জেৰা

ABOUT THE AUTHOR

...view details