ETV Bharat / state

Health Department Question Paper Leaked: স্বাস্থ্য বিভাগৰ প্ৰশ্নকাকত ফাদিল কৰা নাচিমা বেগমসহ স্বামীক মাৰাথন জেৰা

author img

By

Published : Feb 13, 2023, 7:31 PM IST

স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰা মূল অভিযুক্তক মাৰাথন জেৰা লখিমপুৰ আৰক্ষীৰ (Health department question paper leaked) ৷ নাচিমা বেগম নামৰ মহিলাগৰাকীয়ে ফাদিল কৰিছিল দেওবাৰে অনুষ্ঠিত হোৱা স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্নকাকত ৷ দেওবাৰে নিশাই নাচিমা বেগত আৰু তেওঁৰ স্বামীক আটক কৰিছিল আৰক্ষীয়ে ৷

Health Department Question Paper Leaked
প্ৰশ্নকাকত ফাদিল কৰা নাচিমা বেগম আৰু স্বামীক মাৰাথন জেৰা

প্ৰশ্নকাকত ফাদিল কৰা নাচিমা বেগম আৰু স্বামীক মাৰাথন জেৰা

লখিমপুৰ, 13 ফেব্ৰুৱাৰী: স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল (Health department question paper leaked) কৰা কাৰ্যৰ মূল অভিযুক্ত নাচিমা বেগম আৰু তেওঁৰ স্বামী মফিজউদ্দিনক লখিমপুৰ সদৰ থানাত মাৰাথন জেৰা ৷ দেওবাৰে নিশাই লখিমপুৰ আৰক্ষীয়ে আটক কৰে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰা নাচিমা বেগমক ৷ লগতে আটক কৰে তেওঁৰ স্বামীকো (Husband wife arrested for question paper leaking) ৷

দেওবাৰে অনুষ্ঠিত হোৱা স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰিছিল নাচিমা বেগমে ৷ সামাজিক মাধ্যমত প্ৰশ্নকাকত ভাইৰেল হৈ পৰাৰ পাচতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ লগতে উত্থাপন হৈছিল প্ৰশ্নকাকত ফাদিল কৰা ব্যক্তিক গ্ৰেপ্তাৰৰ দাবী ৷ সামাজিক মাধ্যমত ভাইৰেল হোৱা প্ৰশ্নকাকতৰ ৰোল নম্বৰৰ ভিত্তিতেই আক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত (Health department exam paper leaked) ৷

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছিল এই ঘটনাৰে নাচিমা বেগম নামৰ (Nashima Begum held for question paper leak) মহিলাগৰাকী জড়িত থকাৰ তথ্য ৷ উল্লেখ্য যে, দেওবাৰে অনুষ্ঠিত হোৱা পৰীক্ষাত লখিমপুৰৰ উজ্বলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেন্দ্ৰত পৰীক্ষা দিছিল মৈৰাবাৰীৰ নাচিমা বেগমে ৷ দেওবাৰে নিশাই লখিমপুৰ আৰক্ষীয়ে মৈৰাবাৰী আৰক্ষীৰ সহযোগত নাচিমা বেগম আৰু তেওঁৰ স্বামীক আটক কৰি লৈ আনে লখিমপুৰলৈ ৷ সোমবাৰে বিয়লি নাচিমা দম্পতীক লৈ অনা হয় লখিমপুৰ সদৰ থানালৈ (Health department recruitment exam paper leak) ৷

সম্প্ৰতি লখিমপুৰ সদৰ থানাতে আৰক্ষীৰ উচ্চপদস্থ বিষয়াই আৰম্ভ কৰিছে জেৰা (Prime accused of Assam exam paper leaked) ৷ এই সন্দৰ্ভত লখিমপুৰ জিলা আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাই সংবাদমাধ্যমৰ আগত কয়, ‘‘নাচিমা বেগম প্ৰশ্নকাকত ফাদিলৰ সৈতে নিশ্চিতভাৱে জড়িত আছে ৷ নাচিমাই পৰীক্ষা দিয়াৰ সময়ত কেন্দ্ৰটোৰ বাহিৰত আছিল তেওঁৰ স্বামী মফিজুদ্দিন ৷ মফিজুদ্দিনো সন্দেহৰ বাহিৰত নহয় ৷ তেওঁ এই কাৰ্যত জড়িত থকাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ সেয়েহে মফিজুদ্দিনকো জেৰা চলাই থকা হৈছে ৷’’

ইফালে, প্ৰশ্নকাকতখন ম’বাইল ফোন নে আন কোনো ডিভাইচৰ জৰিয়তে ফাদিল কৰা হৈছিল সেয়া উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি থকা বুলি সদৰী কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ জেৰা সম্পূৰ্ণ হোৱাৰ পাচতেই ঘটনাৰ সকলো ৰহস্য পোহৰলৈ আহিব বুলিও উল্লেখ কৰে জিলা আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাই (Assam question paper leak case) ৷

লগতে পঢ়ক: Health department exam paper leak: স্বাস্থ্য বিভাগৰ প্ৰশ্ন কাকত ফাদিলৰ অভিযোগত গ্ৰেপ্তাৰ পতি-পত্নী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.