ETV Bharat / state

Health department exam paper leak: স্বাস্থ্য বিভাগৰ প্ৰশ্ন কাকত ফাদিলৰ অভিযোগত গ্ৰেপ্তাৰ পতি-পত্নী

author img

By

Published : Feb 13, 2023, 1:39 PM IST

Updated : Feb 13, 2023, 2:45 PM IST

Two arrested for Question Paper Leak
প্ৰশ্ন কাকত ফাদিলৰ দুই মাষ্টাৰ মাইণ্ড

অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ (Two arrested for Question Paper Leak) ৷ নাচিমা বেগম আৰু মফিজ উদ্দীন নামৰ এক দম্পতীটোক গ্ৰেপ্তাৰ কৰিছে মৰিগাঁও আৰক্ষীয়ে ৷

মৰিগাওঁ, 13 ফেব্ৰুৱাৰী : স্বাস্থ্য বিভাগৰ প্ৰশ্ন কাকত ফাদিল কৰাৰ অভিযোগত অসম আৰক্ষীয়ে কৰায়ত্ত কৰিছে এক দম্পতীক (Prime accused in health department exam paper leak held from Morigaon) । 12 ফেব্ৰুৱাৰীৰ দিনা অনুষ্ঠিত হৈছিল অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ পৰীক্ষা ৷ লখিমপুৰত অনুষ্ঠিত হৈছিল স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ এই পৰীক্ষাৰ ৷ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ খবৰ বিয়পি পৰিছিল আৰু আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তাৎক্ষণিকভাৱে আৰম্ভ কৰে তদন্ত প্ৰক্ৰিয়া (Question Paper Leak) ৷

Two arrested for Question Paper Leak
প্ৰশ্ন কাকত ফাদিলৰ দুই মাষ্টাৰ মাইণ্ড

তদন্তত আৰক্ষীৰ জালত পৰে মৈৰাবাৰীৰ এগৰাকী মহিলাৰ লগতে তেওঁৰ স্বামী ৷ প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত মৈৰাবাৰীৰ পৰা আৰক্ষীয়ে আজি অৰ্থাৎ সোমবাৰে গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীৰ লগতে তেওঁৰ স্বামীকো । মহিলাগৰাকী নাচিমা বেগম আৰু স্বামীৰ নাম মফিজ উদ্দীন বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ( Health department question papers leaked ) ৷ নাচিমা বেগম আৰু মফিজ উদ্দীন দুই স্বামী-স্ত্ৰীক মৈৰাবাৰীৰ হাতীমূৰীয়া গাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ।

লখিমপুৰ আৰক্ষীৰ সহযোগত মৈৰাবাৰী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় প্ৰশ্ন কাকত ফাদিল কৰা নাচিমা বেগমৰ লগতে স্বামী মফিজ উদ্দীনক (Lakhimpur police) । স্বামী মফিজ উদ্দীনৰ ঘৰ গুনাইবৰী গাঁৱত বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । ধৃত মফিজ উদ্দীনে পত্নী নাচিমা বেগমৰ সৈতে মৈৰাবাৰীৰ হাতীমূৰীয়া গাঁৱত শহুৰেকৰ ঘৰত বাহৰ পাতি আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে । ইতিমধ্যে লখিমপুৰ আৰক্ষীয়ে দুয়োজনকে ঘটনা সন্দৰ্ভত অধিক সোধপোছৰ বাবে লখিমপুৰলৈ লৈ যোৱা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হোৱা স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ পৰীক্ষাত লখিমপুৰৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল নাচিমা বেগম ৷ নাচিমা বেগমৰ মোবাইলেৰে স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ শেহতীয়াকৈ অনুষ্ঠিত হোৱা পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল হৈছিল বুলি জানিবলৈ পৰা গৈছে ।

লগতে পঢ়ক : Tension at Murkong Selek College: প্ৰৱক্তা নিযুক্তি পৰীক্ষাক লৈ মূৰ্কংচেলেক মহাবিদ্যালয়ত উত্তেজনাময় পৰিস্থিতি

Last Updated :Feb 13, 2023, 2:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.