অসম

assam

শৰীৰত গ্ৰেনেডৰ স্প্লিন্টাৰ লৈ দহ বছৰে কটাইছে দুৰ্বিষহ জীৱন

By

Published : May 21, 2022, 7:41 PM IST

Updated : May 21, 2022, 8:21 PM IST

আলফাৰ গ্ৰেনেড বিস্ফোৰণত এটা দশকৰ আগতে আহত হোৱা যুৱকজনে জীয়াই থকাৰ এখন জীয়া যুঁজত লিপ্ত হবলগীয়া হৈছে(Story of ULFA blast victim) । বিষ-বেদনাত জৰ্জৰিত হৈ কান্ধ পাতি লবলগীয়া হৈছে পৰিয়াল চলোৱাৰ দায়িত্ব । এই যুৱকজন হল লখিমপুৰ নগৰৰ নকাৰীৰ ৩ নং ৱাৰ্ড নিবাসী ভূপেন দেউৰী ।

story-of-ulfa-blast-victim-bhupen-deuri
শৰীৰত গ্ৰেনেডৰ স্প্লিন্টাৰ লৈ দহ বছৰে কটাইছে দুৰ্বিষহ জীৱন

লখিমপুৰ, ২১ মে': লখিমপুৰৰ এজন যুৱকে দহ বছৰে শৰীৰত লৈ ফুৰিব লগীয়া হৈছে আলফাৰ নৃশংসতাৰ স্বাক্ষৰ । দহ বছৰে শৰীৰত গ্ৰেনেডৰ স্প্লিন্টাৰ লৈ দুৰ্বিষহ জীৱন কটাইছে লখিমপুৰৰ এজন যুৱকে । যুৱকজনৰ এনে দুৰ্বিষহ যাতনাৰ পিছতো কাণসাৰ নাই ৰজাঘৰীয়াৰ ।

আলফাৰ গ্ৰেনেড বিস্ফোৰণত এটা দশকৰ আগতে আহত হোৱা যুৱকজনে জীয়াই থকাৰ এখন জীয়া যুঁজত লিপ্ত হবলগীয়া হৈছে । বিষ-বেদনাত জৰ্জৰিত হৈ কান্ধ পাতি লবলগীয়া হৈছে পৰিয়াল চলোৱাৰ দায়িত্ব । এই যুৱকজন হল লখিমপুৰ নগৰৰ নকাৰীৰ ৩ নং ৱাৰ্ড নিবাসী ভূপেন দেউৰী ।

শৰীৰত গ্ৰেনেডৰ স্প্লিন্টাৰ লৈ দহ বছৰে কটাইছে দুৰ্বিষহ জীৱন

২০১৩ চনৰ ২৩ জুলাই ৰ নিশা প্ৰায় ৯ বজাত লখিমপুৰ নগৰত আলফাই এলানি গ্ৰেনেড বিস্ফোৰণ ঘটাইছিল (Serial grenade blast by ULFA) । জেইল আৰু আদালত চৌহদৰ সমীপত সংঘটিত হোৱা এই বিস্ফোৰণত আন কেইবাজনো লোকৰ লগতে বজাৰ কৰিবলৈ গৈ আহত হৈছিল ভূপেন দেউৰী । শৰীৰৰ কেইবাঠাইতো গ্ৰেনেডৰ স্প্লিন্টাৰ সোমাইছিল ভূপেনৰ । তাৎক্ষণিকভাবে চিকিৎসা কৰি সামান্য উপশম হ'লেও ভূপেনৰ শৰীৰত থাকি গল গ্ৰেনেডৰ স্প্লিন্টাৰ ।

চিকিৎসকে ৰাজ্যৰ বাহিৰলৈ গৈ এই স্প্লিন্টাৰ সমূহ উলিওৱাৰ বিধান দিয়ে । পিছে ৰাজ্যৰ বাহিৰলৈ গৈ ব্যয়বহুল চিকিৎসা কৰিবলৈ ভূপেনৰ সামৰ্থ নাই । আনৰ দোকানত থাকি কোনোমতে পৰিয়াল পোহপাল দিয়া ভূপেনৰ এই দুৰ্দশাৰ প্ৰতি আজিও ৰজাঘৰীয়াৰ চকু নপৰিল । যাৰ বাবে দহ বছৰে শৰীৰত গ্ৰেনেডৰ টুকুৰা লৈ বিষ বেদনাত জৰ্জৰিত হোৱা ভূপেনে আজিও জীয়াই থকাৰ এখন জীয়া যুঁজত লিপ্ত হব লগীয়া হৈছে ।

সন্ত্ৰাসবাদ দমন অথবা পুনৰসংস্থাপনৰ নামত কোটি কোটি টকা ব্যয় কৰা চৰকাৰখনৰ সন্ত্ৰাসবাদৰ বলি হৈ জীয়াতু ভোগ কৰা ভূপেনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ সময় হবনে ? লখিমপুৰীয়া ৰাইজৰ মনত এতিয়া এনে প্ৰশ্নই দোলা দিছে । চৰকাৰক সকলোৱে ভূপেনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক:গোলাঘাট আৰক্ষীৰ লক-আপতে ঢলি পৰিল অভিযুক্ত

Last Updated : May 21, 2022, 8:21 PM IST

ABOUT THE AUTHOR

...view details