লখিমপুৰ, 30 মাৰ্চ :খং-ৰাগ অথবা অভিমান নহয় । চেনেহৰ ডোলেৰে বান্ধিব খোজে অৰুণাচলক । অৰুণাচলত কাৰাবন্দী হৈ থকা শিল্পী নীলিম মহন্তই মঙলবাৰে নিশা মুকলি হৈ আহিয়েই এই মনোভাৱ ব্যক্ত কৰে সংবাদ মাধ্যমৰ সন্মুখত ৷ শিল্পীগৰাকীয়ে চুবুৰীয়া ৰাজ্যখনৰ সৈতে সংঘাত হোৱাটো নিবিচাৰে । বিপৰীতে অসম-অৰুণাচলৰ সমন্বয়-সম্প্ৰীতিৰ হকে কাম কৰি যাব বুলি শিল্পী মহন্তই ব্যক্ত কৰে ।
অৰুণাচলৰ আৰক্ষীৰ জিম্মাৰ পৰা জামিনত মুকলি হৈ আহি মঙলবাৰে নিশা স্ব-গৃহত উপস্থিত হয় যুৱ শিল্পীগৰাকী(Nilim Mahanta reached home) ৷ নীলিম মহন্তৰ গ্ৰেপ্তাৰৰ ঘটনাই দুয়োখন ৰাজ্যৰ সম্প্ৰীতিত যাতে আঘাত নকৰে, তাৰবাবেও তেওঁ সকলোকে আহ্বান জনায় । অৰুণাচল প্ৰদেশতো যথেষ্ঠ সংখ্যক ভাল মানুহেৰে ভৰি থকাৰ অনুভৱ ব্যক্ত কৰি এতিয়াৰ পৰা চুবুৰীয়া দুয়োখন ৰাজ্যৰ সংঘাত দূৰ কৰি সম্প্ৰীতিৰ বাবে তেওঁ কাম কৰাৰ সংকল্পৰ কথা উল্লেখ কৰে ।
শৈল্পিক শৈলীৰে তেওঁ অৰুণাচলক সোনকালেই বহু উপহাৰ দিব বুলিও প্ৰকাশ কৰে ৷ ইয়াৰ লগতে শিল্পীগৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ শীঘ্ৰে উঠাই লোৱাৰ আশা প্ৰকাশ কৰে ৷