অসম

assam

Lakhimpur BJP Leader Arrest : তিনিদিনৰ আৰক্ষী জিম্মাত লখিমপুৰৰ বিজেপি নেতা কেৰামত আলী

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 9:22 PM IST

এশ গৰু মাৰিলে বাঘৰো মৰণ ৷ শাসকীয় দলৰ নেতা হোৱাৰ সুবাদতে যাৰে-তাৰে পৰা বলপূৰ্বকভাৱে ধন সংগ্ৰহ কৰা কেৰামত আলীৰো সেই দশাই হ’ল ৷ মঙলবাৰে লখিমপুৰ আৰক্ষীয়ে কেৰামতক গ্ৰেপ্তাৰ কৰাৰ পাচত তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে লখিমপুৰৰ বিজেপি নেতাগৰাকীক ৷

Etv BharatLakhimpur BJP Leader Arrest
তিনিদিনৰ আৰক্ষী জিম্মাত লখিমপুৰৰ বিজেপি নেতা কেৰামত আলী

তিনিদিনৰ আৰক্ষী জিম্মাত লখিমপুৰৰ বিজেপি নেতা কেৰামত আলী

লখিমপুৰ, ১৪ নৱেম্বৰ : অৱশেষত অৱধাৰিতভাৱে ৰঙাঘৰৰ পথ প্ৰশস্ত হ’ল লখিমপুৰৰ বিজেপি নেতা কেৰামত আলীৰ । ঠিকা-ঠুকলি, আঁচনি আদি দিয়াৰ বাবে মন্ত্ৰী, বিধায়ক, সাংসদ আদিৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিজেপিৰ সংখ্যালঘু উন্নয়ন বৰ্ডৰ লখিমপুৰ জিলাৰ অধ্যক্ষ কেৰামত আলীক মঙলবাৰে সন্ধিয়া আদালতে তিনিদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে ।

লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ ঘনিষ্ঠ বুলি পৰিচিত তথা বিজেপিৰ সংখ্যালঘু উন্নয়ন বৰ্ডৰ লখিমপুৰ জিলাৰ অধ্যক্ষ কেৰামত আলীক মঙলবাৰে সন্ধিয়া লখিমপুৰৰ আদালতে তিনিদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে । বিভিন্নজনৰ অভিযোগ আৰু বিধায়কৰ নিৰ্দেশ পাই লখিমপুৰ সদৰ থানাৰ আৰক্ষীয়ে যোৱানিশা তেওঁক আটক কৰি সদৰ থানাত সোধা-পোচা কৰিছিল ।

অৱশেষত মঙলবাৰে বিয়লি তেওঁক গ্ৰেপ্তাৰ কৰি স্বাস্থ্যপৰীক্ষা কৰাৰ পাচত আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱায় । তেওঁৰ বিৰুদ্ধে লখিমপুৰ সদৰ থানাত ৪০০/২০২৩ নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ড বিধিৰ ১২০ বি/৪২০/৪০৬/২৯৪/৫০৬ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় । আদালতত আৰক্ষীয়ে পাঁচদিনৰ বাবে তেওঁক জিম্মাত বিচাৰিছিল যদিও আদালতে তিনিদিনৰ বাবেহে অনুমতি দিয়ে ।

আনহাতে কেৰামত আলীৰ অধিবক্তাই জামিন আবেদন দাখিল কৰিছিল যদিও আদালতে মঞ্জুৰ নকৰিলে । উল্লেখ্য, লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কোৱা মতে পোন্ধৰ-বিশজনমান লোকৰ পৰা তেওঁ ধন সংগ্ৰহ কৰিছিল ।

তেনেদৰে তেওঁ সংগ্ৰহ কৰা ধনৰ পৰিমাণ কোটিৰো অধিক হ’ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰে । কেৰামত আলীৰ সৈতে উক্ত কাণ্ডত আৰু অধিক লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে ইতিমধ্যে তদন্ত চলাই থকা হৈছে বুলি উল্লেখ কৰে ।

সম্প্ৰতি আদালতৰ পৰা কেৰামতক জিম্মাত লৈ আৰক্ষীয়ে অধিক অনুসন্ধানত নামিব । সেয়ে হ’লে অচিৰেই কেৰামত আলীৰ উপৰি বিজেপি দলৰ আন কেইবাজনো নেতা-পালিনেতা ৰঙাঘৰলৈ যোৱাৰ সম্ভাৱনা আছে । শাসকীয় দলটোৰ এই কাণ্ড ফাদিল হৈ পৰাত দলটোৰ ভিতৰচ'ৰাত তুমুল জোকাৰণিৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :BJP leader arrested: বহু ধনৰ লোভে লক্ আপ পোৱালেগৈ বিজেপি নেতা কেৰামতক

ABOUT THE AUTHOR

...view details