অসম

assam

নাৰায়ণপুৰত সম্পূৰ্ণ অসমীয়া সাজেৰে সজোৱা হ'ল দেৱী লক্ষ্মীক

By

Published : Oct 20, 2021, 7:51 PM IST

নাৰায়ণপুৰৰ ভোলাবৰি আঞ্চলিক যুৱসংঘৰ উদ্যোগত আমগুৰিত আয়োজন কৰা হৈছে ৰূপালী জয়ন্তীবৰ্ষ গৰকা লক্ষ্মী পূজাভাগ। এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে এই পূজাভাগ । এই পূজাভাগৰ বিশেষ আকৰ্ষণ হ’ল সম্পূৰ্ণ অসমীয়া সাজপাৰত সজোৱা দেৱী লক্ষ্মীৰ প্ৰতিমা ৷

Lakhmi puja in Narayanpur ASC10039
নাৰায়ণপুৰত সম্পূৰ্ণ অসমীয়া সাজেৰে সজোৱা হ'ল দেৱী লক্ষ্মীক

বিহপুৰীয়া, 20 অক্টোবৰ :আজি লক্ষ্মীপূজা ৷ ৰাজ্যবাসীয়ে ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱীক আদৰাৰ বাবে পূজা-অৰ্চনা আগবঢ়াইছে ৷ আহিন মাহৰ পূৰ্ণিমাত পূজিত হয় বাবে এই লক্ষ্মীপূজাভাগক ‘কোজাগৰী’ বুলিও কোৱা হয় ৷

লোকবিশ্বাস অনুসৰি এই দিনটোতে মা লক্ষ্মী স্বৰ্গৰ পৰা মৰ্ত্যলৈ নামি আহে ৷ সকলোৰে ঘৰে ঘৰে গৈ আশীৰ্বাদ দিয়ে ৷ যি ঘৰৰ দুৱাৰ বন্ধ থাকে সেই ঘৰত দেৱী প্ৰৱেশ নকৰে সেই বাবে এই দিনটোতে গোটেই নিশা উজাগৰে থাকি দেৱী লক্ষ্মীৰ আৰাধনা কৰা হয় ৷

দেৱীলৈ প্ৰাৰ্থনা আগবঢ়াই সকলোৰে এটাই আশা ধন-ঐশ্বৰ্যৰে ভৰি পৰক ভড়াল ৷ বুধবাৰে পুৱাৰে পৰা দেৱী লক্ষ্মীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ আকাশ বতাহ ৷ ইয়াৰ ব্যতিক্ৰম নহয় নাৰায়নপুৰ ৷

নাৰায়ণপুৰত সম্পূৰ্ণ অসমীয়া সাজেৰে সজোৱা হ'ল দেৱী লক্ষ্মীক

বুধবাৰে পুৱাৰে পৰা নাৰায়নপুৰৰ পৰা একাংশ পূজা মণ্ডপতো ধন-ঐশ্বৰ্য, সুখ-শান্তি দায়িনী দেৱীগৰাকীৰ পূজা অৰ্চনাৰ বাবে ভক্তৰ সোঁত বোৱা দেখিবলৈ পোৱা গৈছে ৷ নাৰায়ণপুৰৰ ভোলাবৰি আঞ্চলিক যুৱসংঘৰ উদ্যোগত আমগুৰিত আয়োজন কৰা হৈছে ৰূপালী জয়ন্তীবৰ্ষ গৰকা লক্ষ্মী পূজাভাগ। এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে এই পূজাভাগ ।

এই পূজাভাগৰ বিশেষ আকৰ্ষণ হ’ল সম্পূৰ্ণ অসমীয়া সাজপাৰত সজোৱা দেৱী লক্ষ্মীৰ প্ৰতিমা ৷ যি এতিয়া হৈ পৰিছে ভক্তপ্ৰাণ ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ দেৱী অৰ্চনাৰ লগতে প্ৰতিমা দৰ্শনৰ বাবেও পূজাস্থলীত ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক :পূজাৰ পিছতে ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

ABOUT THE AUTHOR

...view details