অসম

assam

AASU general conference : আজিৰে পৰা লখিমপুৰত আৰম্ভ হৈছে আছুৰ কেন্দ্ৰীয় সাধাৰণ সভা

By

Published : Nov 19, 2022, 6:37 PM IST

আজিৰে পৰা লখিমপুৰত আৰম্ভ হৈছে সদৌ অসম ছাত্র সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সভা (AASU general conference in Lakhimpur) । তিনিদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ নগৰৰ খেলপথাৰত পদ্মনাথ গোহাঞিবৰুৱা ক্ষেত্রত আৰম্ভ হোৱা এই সভাৰ প্ৰথমটো দিনত জিলাখনৰ শৈক্ষিক, সামাজিক তথা সাংস্কৃতিক ক্ষেত্রৰ ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে ।

Lakhimpur General meeting of AASU begins from today
আজিৰে পৰা আৰম্ভ হৈছে আছুৰ লখিমপুৰ সাধাৰণ সভা

লখিমপুৰ, ১৯ নৱেম্বৰ : লখিমপুৰত আৰম্ভ হ’ল সদৌ অসম ছাত্র সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সভা-২০২২ (All Assam Student Union) । তিনিদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ নগৰৰ খেলপথাৰৰ পদ্মনাথ গোহাঞিবৰুৱা ক্ষেত্রত আৰম্ভ হোৱা এই সভাৰ আজি প্ৰথমটো দিন (Padmanath Gohain Baruah Field at Lakhimpur)। প্ৰথম দিনা পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণৰ পাছতে ড৹ ভূপেন হাজৰিকা সোঁৱৰণী মূল তোৰণ মুকলি কৰে লখিমপুৰ কেন্দ্রীয় মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ গোলাপ শৰ্মা বৰুৱাই (North Lakhimpur college principal)।

পানীন্দ্ৰ নাথ গগৈ সোঁৱৰণী মূল মঞ্চ আৰু হোমেন বৰগোহাঞি সোঁৱৰণী মণ্ডপ অ পি ডি কলেজৰ অধ্যক্ষ ড৹ সুৰেশ দত্ত আৰু লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ(Lakhimpur commerce college) অধ্যক্ষ ড৹ লোহিত হাজৰিকাই । নন্দকিশোৰ মহেশ্বৰী সোঁৱৰণী অতিথি শালাৰ দ্বাৰ উন্মোচন কৰে এল টি কে কলেজৰ অধ্যক্ষ ড৹ বুবুল শইকীয়াই ।

আজিৰে পৰা আৰম্ভ হৈছে আছুৰ লখিমপুৰ সাধাৰণ সভা

সাহিত্য প্ৰতিযোগিতা উদ্বোধন কৰে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সুৰজিৎ ভূঞাই । বিশাল আয়োজনেৰে শনিবাৰৰ পৰা আৰম্ভ হোৱা এই সভাৰ দ্বিতীয় দিনা অৰ্থাৎ দেওবাৰে বিভিন্ন কাৰ্যসূচীত সদৌ অসম ছাত্র সন্থাৰ কেন্দ্রীয় সমিতিৰ ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচার্য, দীপাংক নাথ, শংকৰজ্যোতি বৰুৱা আদি নেতৃবৃন্দই অংশগ্রহণ কৰিব ।

লগতে পঢ়ক:General meeting of AASU: আছুৰ কেন্দ্ৰীয় সাধাৰণ সভাৰ প্ৰস্তুতিৰ বুজ ললে শংকৰজ্যোতি বৰুৱাই

ABOUT THE AUTHOR

...view details