ETV Bharat / state

General meeting of AASU: আছুৰ কেন্দ্ৰীয় সাধাৰণ সভাৰ প্ৰস্তুতিৰ বুজ ললে শংকৰজ্যোতি বৰুৱাই

author img

By

Published : Nov 17, 2022, 10:28 PM IST

AASU central general meeting in Lakhimpur
লখিমপুৰত আৰু এদিন পিছত অনুষ্ঠিত হ’ব আছুৰ কেন্দ্ৰীয় সাধাৰণ সভা

লখিমপুৰত আছুৰ কেন্দ্ৰীয় সাধাৰণ সভাৰ (AASU general meeting) আয়োজন কৰা হৈছে । ১৯ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে লখিমপুৰত অনুষ্ঠিত হ'ব এই সভাখনৰ বাবে সাজু কৰা হৈছে পদ্মনাথ গোহাঞি বৰুৱা ক্ষেত্ৰ । সভাত অংশগ্ৰহণ কৰিব আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচার্য, সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে ৰাজ্যৰ শিক্ষা, সাহিত্য, সাংস্কৃতিক আদি ক্ষেত্রলৈ বৰঙণি যোগোৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ।

লখিমপুৰ, ১৭ নৱেম্বৰ: আৰু মাত্ৰ এদিনৰ পাছতে অৰ্থাৎ ১৯ নৱেম্বৰৰ পৰা লখিমপুৰ নগৰৰ পদ্মনাথ গোহাঞি বৰুৱা ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সভা (Padmanath Gohain baruah Field at Lakhimpur) । ইতিমধ্যে এই সভাৰ প্ৰস্তুতি পূৰ্ণগতিত চলিছে । এই সাধাৰণ সভাখনত শদিয়াৰ পৰা ধুবুৰীলৈকে পাঁচ হেজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব । তদুপৰি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব,ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ বৰেণ্য ব্যক্তিসকলে অংশগ্ৰহণ কৰিব বুলি সন্থাৰ আয়োজক সমিতিয়ে সদৰি কৰিছে ।

ইতিমধ্যে আদৰণি তোৰণ, মূল মণ্ডপ, একেলগে পাঁচ হেজাৰ লোকে খাব পৰাকৈ খাদ্য গৃহ আদিৰ নিৰ্মাণ দ্ৰুত গতিত চলিছে । মূল অভ্যৰ্থনা সমিতিৰ লগতে বহুকেইখন উপ-সমিতি গঠন কৰি সাধাৰণ সভাখন সফল কৰিবলৈ আছুৱে (All Assam Student Union) প্ৰস্তুতি আৰম্ভ কৰিছে ।

লখিমপুৰত আৰু এদিন পিছত অনুষ্ঠিত হ’ব আছুৰ কেন্দ্ৰীয় সাধাৰণ সভা

এই সভাত অংশগ্ৰহণ কৰিব আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচার্য, সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে ৰাজ্যৰ শিক্ষা, সাহিত্য, সাংস্কৃতিক আদি ক্ষেত্রলৈ বৰঙণি যোগোৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে । বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক কাৰ্যসূচীৰ উপৰি সভা অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে সদৰি কৰিছে ।

আজি লখিমপুৰত আছুৰ সাধাৰণ সভাৰ প্ৰস্তুতিৰ বুজ ল’লে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই । ইয়াৰ দুদিনমানৰ পূৰ্বে সভাপতি দীপাংক নাথে সভাস্থলী পৰিদৰ্শন কৰি যোৱাৰ পাছত বৃহস্পতিবাৰে সম্পাদক শংকৰজ্যোতি বৰুৱাই প্ৰস্তুতিৰ বুজ লয় । প্ৰস্তুতিৰ বুজ লৈ সদৌ অসম ছাত্ৰ সন্থাৰ লখিমপুৰ সাধাৰণ সভাখন অতি গুৰুত্বপূর্ণ হ’ব বুলি মন্তব্য কৰে সম্পাদকগৰাকীয়ে । এই সভাতে অসমৰ ভৱিষ্যত জন জীৱনৰ সমস্যা ৰাজিৰ ক্ষেত্ৰত ৰূপ ৰেখা তৈয়াৰ হ’ব বুলিও তেও মন্তব্য কৰে । অসমৰ জনজীৱনক আগুৱাই নিয়াৰ ৰূপৰেখা, ছাত্ৰ সন্থাৰ ভৱিষ্যত কৰণীয় পন্থা নিৰূপণ আদি এই সাধাৰণ সভাই নিৰ্ণায়ক ভূমিকা পালন কৰিব বুলিও ছাত্ৰ নেতা গৰাকীয়ে কয় ।

উল্লেখ্য এই সভাৰ প্ৰস্তুতি অন্তিম পৰ্যায়ত আছে । সকলো দিশতে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি আছে আছু কৰ্মীসকলে । সাংস্কৃতিক কাৰ্য্যক্ৰমৰ আখৰাও চলিব ধৰিছে । অসমৰ জনজীৱনৰ ভৱিষ্যত সম্পৰ্কে এই সভাখনে নিৰ্ণায়ক ভূমিকা ল’বলগীয়া সভাখন সফল কৰিবলৈ আছুৰ সৈতে লখিমপুৰীয়া ৰাইজেও হাত উজান দিছে ।

লগতে পঢ়ক: General meeting of AASU: লখিমপুৰত আছুৰ সাধাৰণ সভাৰ প্ৰস্তুতি তুংগত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.