অসম

assam

অসমত সকলো নিৰ্বাচনতে যুঁজ দিব আম আদমি পাৰ্টিয়ে

By

Published : May 6, 2022, 9:50 PM IST

অসমৰ ৰাজনীতিত ক্ৰমান্বয়ে উত্থান ঘটিছে আম আদমি পাৰ্টিৰ (Rise of AAP in Assam) । বিগত পৌৰ নিৰ্বাচনৰ ফলাফলে এই কথা প্ৰমাণ কৰিছে । যাৰ বাবে উৎসাহী হৈ পৰা "আপ" এ অহা 31 মে'ৰ ভিতৰত সমগ্ৰ অসমতে 10 লাখ সদস্য ভৰ্তিৰ লক্ষ্য স্থিৰ কৰি দলটোৰ ভেটি মজবুত কৰিব বিচাৰিছে ।

অসমত সকলো নিৰ্বাচনতে যুঁজ দিব আম আদমি পাৰ্টিয়ে
অসমত সকলো নিৰ্বাচনতে যুঁজ দিব আম আদমি পাৰ্টিয়ে

লখিমপুৰ,৬ মে': "অসমত অনাগত দিনত অনুষ্ঠিত হবলগীয়া পঞ্চায়ত, বিধানসভা, লোকসভাকে আদি কৰি সকলো নিৰ্বাচনতে যুঁজ দিব আম আদমী পাৰ্টিয়ে ৷ এই যুঁজ আনক হৰুৱাবলৈ নহয়, অসমৰ ৰাইজক জিকাবলৈহে আম আদমি পাৰ্টিয়ে যুঁজিব ।" (AAP to contest in every elections of Assam) লখিমপুৰত শুকুৰবাৰে এক সংবাদমেলত এই কথা প্ৰকাশ কৰে "আপ"ৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে । উল্লেখ্য যে অসমৰ ৰাজনীতিত ক্ৰমান্বয়ে উত্থান ঘটিছে আম আদমি পাৰ্টিৰ । বিগত পৌৰ নিৰ্বাচনৰ ফলাফলে এই কথা প্ৰমাণ কৰিছে । যাৰ বাবে উৎসাহী হৈ পৰা 'আপ' এ অহা 31 মে'ৰ ভিতৰত সমগ্ৰ অসমতে 10 লাখ সদস্য ভৰ্তিৰ লক্ষ্য স্থিৰ কৰি দলটোৰ ভেটি মজবুত কৰিব বিচাৰিছে ।

অসমত সকলো নিৰ্বাচনতে যুঁজ দিব আম আদমি পাৰ্টিয়ে

শেহতীয়াকৈ পৌৰসভাৰ নিৰ্বাচনত ভাল ফলাফল দেখুওৱাৰ পিছত নতুন উদ্যমেৰে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত কাম কাজ আৰম্ভ কৰিছে দলটোৱে ৷ এই উদ্দেশ্যৰেই দলটোৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীৰ নেতৃত্বত অসম জুৰি চলিছে এক অভিযান ৷ সম্প্ৰতি লখিমপুৰত উপস্থিত হোৱা দলটোৰ সমন্বয়ক ডাঃ চৌধুৰীয়ে শুকুৰবাৰে নৰ্থ লক্ষীমপুৰ প্ৰেছ ক্লাবত সম্বোধন কৰে এক সংবাদমেল ৷

সংবাদমেলত তেঁও সদৰী কৰে যে আগন্তুক সময়ত দলটোৱে পঞ্চায়ত নিৰ্বাচনত সবল ভাবে প্ৰতিখন পঞ্চায়ততে প্ৰাৰ্থী থিয় কৰাব ৷ লোকসভা নিৰ্বাচনতো 'আপ' এ প্ৰাৰ্থী থিয় কৰাব বুলি ঘোষণা কৰি সমন্বয়ক গৰাকীয়ে কয় যে খুউব কম দিনৰ ভিতৰতে অৰবিন্দ কেজৰিৱাল অসমলৈ আহিব ৷ অন্য ৰাজনৈতিক দলৰ দৰে 'আপ'এ লেতেৰা ৰাজনীতি নকৰে বুলি উল্লেখ কৰি চৌধুৰীয়ে আৰু কয় যে কেৱল কাম কৰাতহে 'আপ' এ গুৰুত্ব দিব ৷ সংবাদমেলত সমন্বয়ক গৰাকীৰ সৈতে দলৰ ৰাজ্যিক আৰু জিলা সমিতিৰ কেইবাজনো বিষয়ববীয়াই ভাগ লয় ৷

লগতে পঢ়ক: আকৌ তিনিমাহৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ জিগনেশ মেৱানীক

ABOUT THE AUTHOR

...view details