অসম

assam

বিপিএফ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বাসগৃহত উত্তপ্ত পৰিস্থিতি

By

Published : Apr 5, 2021, 5:50 PM IST

নিৰ্বাচনী প্ৰচাৰ সামৰণি পৰাৰ পিছত প্ৰমিলা ৰাণী ব্ৰহ্মৰ বাসগৃহৰ বাহিৰে ভিতৰে কেইবা শতাধিক লোক গোট খোৱাত আৰক্ষীয়ে লোকসকলক ছত্ৰভংগ দিবলৈ যাওঁতেই সৃষ্টি এই উত্তপ্ত পৰিস্থিতিৰ ৷ আৰক্ষীয়ে তেওঁৰ কৰ্মী -সমৰ্থকৰ ওপৰত লাঠীচাৰ্জ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰমিলা ৰাণী ব্ৰহ্মই ৷

tense-situation-at-pramilarani-brahmas-residence-at-kokrajhar
বিপিএফ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বাসগৃহত উত্তপ্ত পৰিস্থিতি

কোকৰাঝাৰ, 5 এপ্ৰিল: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিমটো প্ৰচাৰৰ দিন দেওবাৰে নিশা 30 নং পূৱ কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিপিএফ প্ৰাৰ্থী তথা মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বাসগৃহত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ ১৪৪ ধাৰা বলৱৎ হৈ থকাৰ মাজতে নিৰ্বাচনী প্ৰচাৰ সামৰণি পৰাৰ পিছত প্ৰমিলা ৰাণী ব্ৰহ্মৰ বাসগৃহৰ বাহিৰে ভিতৰে কেইবা শতাধিক লোক গোট খোৱাত আৰক্ষীয়ে লোকসকলক ছত্ৰভংগ দিবলৈ যাওঁতেই সৃষ্টি এই উত্তপ্ত পৰিস্থিতিৰ ৷ আৰক্ষীৰ লোকক দেখি উক্ত স্থানত গোট খোৱা লোকসকলে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷ ঘটনাত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বাসগৃহত থকা চকী, টেবুল আদিৰ লগতে বুহ সা-সামগ্ৰীৰ ক্ষতিগ্ৰস্ত হয় ৷

বিপিএফ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বাসগৃহত উত্তপ্ত পৰিস্থিতি

ঘটনাৰ পিছতে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই সংবাদমাধ্যমৰ আগত আৰক্ষীয়ে তেওঁৰ কৰ্মী-সমৰ্থকৰ ওপৰত লাঠীচাৰ্জ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যদিও মন্ত্ৰী গৰাকীৰ এই অভিযোগক নসাৎ কৰিছে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনে ৷ দেওবাৰে নিশা প্ৰায় 11 মান বজাত এখন সংবাদমেল সম্বোধন কৰি ঘটনা সন্দৰ্ভত সবিশেষ তথ্য প্ৰকাশ কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ আৰক্ষীৰ কামত বাধা আৰোপ কৰাৰ বাবে প্ৰমিলা ৰাণী ব্ৰহ্মৰ দেহৰক্ষী আৰু এগৰাকী সমৰ্থকক সোধপোছৰ বাবে আৰক্ষীয়ে আটক কৰিছে বুলি সদৰী কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ লগতে সকলোকে আইন শৃংখলা অটুট ৰাখিবলৈ আহ্বান জনাইছে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌছনে ৷

বিপিএফ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বাসগৃহত উত্তপ্ত পৰিস্থিতি

উল্লেখ্য যে, সংবাদমেলত জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰোশনে উল্লেখ কৰে যে প্ৰমিলা ৰাণী ব্ৰহ্মৰ বাসগৃহত ধন বিতৰণ কৰি থকা হৈছে বুলি পোৱা এক খবৰৰ ভিত্তিতে উক্ত অভিযান চলোৱা হৈছিল ৷ অৱশ্যে অভিযানকালত ধন বিতৰণ কৰা কোনোধৰণৰ প্ৰমান আৰক্ষীয়ে লাভ কৰা নাই বুলি প্ৰকাশ কৰিছে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ কোকৰাঝাৰ আৰক্ষীৰ ভূমিকাক তীব্ৰ ভাষাৰে গৰিহণা দি ঘটনা সন্দৰ্ভত নিৰ্বাচন আয়োগক অভিযোগ দিব বুলি সদৰী কৰি ঘটনাটো ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি মন্তব্য কৰিছে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ৷

লগতে পঢ়কঃবৰক্ষেত্ৰী সমষ্টিৰ চৰাঞ্চললৈ ৰাওনা প’লিং বিষয়া

ABOUT THE AUTHOR

...view details