অসম

assam

বিটিআৰ শিক্ষা বিভাগৰ উদ্যোগত কোকৰাঝাৰত শিক্ষক দিৱস উদযাপন

By

Published : Sep 5, 2021, 6:10 PM IST

kokrajhar
বিটিআৰ শিক্ষা বিভাগৰ উদ্যোগত কোকৰাঝাৰত শিক্ষক দিৱস উদযাপন ()

কোকৰাঝাৰত বিটিআৰৰ শিক্ষা বিভাগৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে শিক্ষক দিৱস উদযাপন কৰা হয় ৷ এই কাৰ্যসূচীতে বড়োলেণ্ডৰ শিক্ষা ব্যৱস্থাক সংস্কাৰ অনাৰ বাবে নতুন শিক্ষা নীতি আৰু চলিত ডিচেম্বৰ মাহটোত মাহজোৰা শিক্ষা অভিযান কাৰ্যসূচী হাতত লোৱা হৈছে বুলি ঘোষণা কৰে প্ৰমোদ বড়োৱে ।

কোকৰাঝাৰ, ৫ ছেপ্টেম্বৰ : সমগ্ৰ দেশৰ লগতে অসমতো শিক্ষক দিৱস (Teachers Day) উদযাপন কৰা হয় । সমান্তৰালকৈ বিটিআৰৰ সদৰ কোকৰাঝাৰত শিক্ষক দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰা হয় । বিটিআৰ শিক্ষা বিভাগৰ উদ্যোগত কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে উদযাপন হোৱা শিক্ষক দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে (Biswajit Daimary) ৷ ইফালে বন্তি প্ৰজ্বলন আৰু ৰাষ্ট্ৰীয় সংগীতেৰে শিক্ষক দিৱসৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷

বিটিআৰ শিক্ষা বিভাগৰ উদ্যোগত কোকৰাঝাৰত শিক্ষক দিৱস উদযাপন

শিক্ষক দিৱসৰ কাৰ্যসূচীত ভাষণ প্ৰদান কৰি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শিক্ষাগুৰুসকল সমাজৰ একো এজন অভিভাৱক বুলি অভিহিত কৰে ৷ যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ শিক্ষাগুৰুসকলক প্ৰস্তুত থাকি গুৰুৰ দায়িত্ব পালন কৰাৰ আহ্বান জনায় বিধানসভাৰ অধ্যক্ষগৰাকীয়ে । লগতে ছাত্ৰ-ছাত্ৰী সকলক সমাজ তথা দেশৰ দায়বদ্ধতাৰ প্ৰতি সচেতন কৰাৰ প্ৰধান দায়িত্ব শিক্ষকসকলে ল'ব লাগিব বুলিও তেওঁ মন্তব্য কৰে ।

বিটিআৰ শিক্ষা বিভাগৰ উদ্যোগত কোকৰাঝাৰত শিক্ষক দিৱস উদযাপন

আনহাতে, সভাত উপস্থিত থকা বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই (Pramod Boro) নিজৰ ভাষণত কয় যে বিটিআৰত শিক্ষাগুৰু সকলৰ অশেষ ত্যাগৰ ফলস্বৰূপে এখন সুস্থ সমাজ পাবলৈ সক্ষম হৈছে ৷ তেওঁ বড়োলেণ্ডক আগুৱাই নিবলৈ শিক্ষাক প্ৰথম গুৰুত্ব দি বড়োলেণ্ডৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ অনাৰ বাবে নতুন শিক্ষা নীতি আৰু চলিত ডিচেম্বৰ মাহটোত মাহজোৰা শিক্ষা অভিযান কাৰ্যসূচী হাতত লোৱা হৈছে বুলিও সদৰি কৰে ৷

বিটিআৰত ভেন্সাৰ স্কুলৰ সমস্যা সমাধান কৰা, শিক্ষাৰ দিশত কাৰিকৰী আৰু মেনেজমেন্ট শিক্ষা প্ৰদানত গুৰুত্ব দিয়া হ'ব বুলিও তেওঁ আশ্বাস প্ৰদান কৰে ৷ এইক্ষেত্ৰত আগন্তুক দিনত বিটিআৰত গুণগত শিক্ষা আৰু শিক্ষা ব্যৱস্থাত সংস্কাৰ আনিবলৈ বিটিআৰ চৰকাৰে নতুন শিক্ষা নীতি প্ৰস্তুত কৰিব বুলিও তেওঁ উল্লেখ কৰে । উল্লেখ্য যে, শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আয়োজিত হোৱা উক্ত সভাতে ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত কৃতি শিক্ষক বিনন্দ স্বৰ্গীয়াৰীক এক লাখ টকাৰ চেক প্ৰদান কৰা হয় ৷ বিনন্দ স্বৰ্গীয়াৰীৰ পত্নী হৰমায়া স্বৰ্গীয়াৰীয়ে বিটিআৰৰ মুখ্য কাৰ্যবাহী আৰু অসম বিধানসভাৰ অধ্যক্ষৰ পৰা এই চেক গ্ৰহণ কৰে ৷

বিটিআৰ শিক্ষা বিভাগৰ উদ্যোগত কোকৰাঝাৰত শিক্ষক দিৱস উদযাপন

ইয়াৰোপৰি এই সভাত ১৭২ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীক একোখনকৈ আঁৰনায় আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ৷ জিলা শিক্ষা বিভাগৰ স্কুল পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মই পৰিচালনা কৰা সভাত কোকৰাঝাৰ পূূব বিধানসভা সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী (Lawrence Islary), বিটিআৰ সচিব প্ৰধান পি গোটমাৰে, বিটিআৰৰ কাৰ্যবাহী সদস্য ৰেওৰেৱা নাৰ্জীহাৰী, ৰঞ্জিত বসুমতাৰী, উকীল বসুমতাৰী আৰু বিটিআৰ শিক্ষা বিভাগৰ সঞ্চালক জে পি ব্ৰহ্ম উপস্থিত থাকে ৷

লগতে পঢ়ক:মাণিকপুৰত উদযাপন ৰাষ্ট্ৰীয় পোষণ মাহ

ABOUT THE AUTHOR

...view details