অসম

assam

Minor girl raped: নাবালিকা ধৰ্ষণকাৰীক ৩০ বছৰৰ কাৰাদণ্ড, ১০ হাজাৰ টকাৰ জৰিমনা বিহিলে আদালতে

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 8:30 PM IST

দুবছৰৰ মূৰত ন্যায় লাভ কৰিলে এটা দুৰ্ভগীয়া পৰিয়ালে ৷ এগৰাকী ১৩/১৪ বছৰীয়া নাবালিকাক ভয় ভাবুকিৰে ধৰ্ষণ কৰা ধৰ্ষণকাৰী নহৰুল ইছলামক কোকৰাঝাৰ বিশেষ আদালতে ৩০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে  ৷ লগতে ১০ হেজাৰ টকাৰ জৰিমনা প্ৰদান কৰা হয় ৷

Rapist Nahrul Islam sentenced to 30 years in prison
ধৰ্ষণকাৰী নহৰুল ইছলামক ৩০ বছৰৰ কাৰাদণ্ড

ধৰ্ষণকাৰী নহৰুল ইছলামক ৩০ বছৰৰ কাৰাদণ্ড

কোকৰাঝাৰ ৫ ছেপ্টেম্বৰ : কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ এগৰাকী ১৩/১৪ বছৰীয়া নাবালিকাক ভয় ভাবুকিৰে ধৰ্ষণ কৰা ধৰ্ষণকাৰীক মঙলবাৰে কোকৰাঝাৰ বিশেষ আদালতে ৩০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে ৷ স্পেচিয়েল কেচ নং - ৬/২২, গোসাইগাঁও থানাৰ কেচ নং-৪২২/২১ আৰু পচকো ধাৰাৰ অধীনত দোষী সাব্যস্ত হোৱা নহৰুল ইছলামৰ বিৰুদ্ধে এই ৰায়দান প্ৰদান কৰা হয় ৷ ধৰ্ষণকাৰী নহৰুল ইছলামক ৩০ বছৰৰ কাৰাদণ্ডৰ লগতে ১০ হেজাৰ টকাৰ জৰিমনা প্ৰদান কৰে৷ লগতে ধৰ্ষণকাৰীক জৰিমনা অনাদায়ৰ বাবেও অতিৰিক্ত এক বছৰৰ কাৰাদণ্ডৰ ৰায়দান দিয়ে কোকৰাঝাৰ বিশেষ আদালতে ৷ কোকৰাঝাৰ বিশেষ আদালতৰ ন্যায়াধীশ জয়দেৱ কোচৰ বিশেষ আদালতে আজি এই গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে ৷

উল্লেখ্য যে, গোচৰত নহৰুল ইছলামৰ লগতে আন তিনিজন ক্ৰমে জুব্বাৰ আলী, জয়নাল আলী আৰু মুস্তাফিজুৰ ৰহমান অভিযুক্ত আছিল যদিও কোকৰাঝাৰ বিশেষ আদালতে নহৰুল ইছলাম দোষী বুলি ৰায়দান দিয়াৰ বিপৰীতে বাকী তিনিজনক নিৰ্দোষী বুলি ৰায়দান দিয়ে ৷ তদুপৰি নহৰুল ইছলামক U/S ৪৫৭ ধাৰামতে পাঁচ হেজাৰ টকাৰ জৰিমনা সহ এবছৰ কাৰাদণ্ডৰে দণ্ডিত কৰে ৷ ইফালে জৰিমনা অনাদায়ৰ বাবে দুমাহৰ অতিৰিক্ত কাৰাদণ্ডৰ ৰায়দান দিয়ে কোকৰাঝাৰ বিশেষ আদালতে ৷

উল্লেখ্য যে ,২০২১ চনৰ ২ আগষ্টৰ নিশা প্ৰায় ২ মান বজাত ধৰ্ষণকাৰী নহৰুল ইছলামে অভিযোগকাৰীৰ বাসগৃহত প্ৰৱেশ কৰি নাবালিকাগৰাকীক ধৰ্ষণ কৰে ৷ লগতে নাবালিকাগৰাকীৰ আপত্তিজনক ভিডিঅ’ ৰেকৰ্ড কৰিছিল ৷ আনহাতে বেলেগক এই ঘটনাৰ বিষয়ে অৱগত কৰিলে আপত্তিজনক ভিডিঅ’বোৰ ভাইৰেল কৰি দিয়া হ’ব বুলিও নাবালিকাগৰাকীক ভাবুকি প্ৰদান কৰিছিল নহৰুল ইছলামে ৷

পৰৱৰ্তী সময়ত নাবালিকাগৰাকীৰ পৰিয়াল এই বিষয়ে অৱগত হৈ গোসাইগাঁও থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল ৷ উক্ত গোচৰৰ শুনানি গ্ৰহণ কৰি জয়দেৱ কোচৰ বিশেষ আদালতে আজি এই ৰায়দান প্ৰদান কৰে ৷ ভুক্তভোগীৰ হৈ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল অধিবক্তা মনজিৎ ঘোষে ।

লগতে পঢ়ক:Sivasagar murder case: যেতিয়া পৰিয়ালেই ঘাতক হয়; পত্নী, পুত্ৰ, কন্যাই হত্যা কৰিলে লোকক !

ABOUT THE AUTHOR

...view details