অসম

assam

RNB Civil Hospital in Kokrajhar: নাম সলনি হ’লেও পূৰ্বৰ স্থানতেই থাকিব ৰূপনাথ ব্ৰক্ষ্ম চিভিল হাস্পতাল

By

Published : Jan 23, 2023, 2:12 PM IST

কোকৰাঝাৰৰ আৰ এন বি চিভিল হস্পিতাল স্থানান্তৰকৰণ প্ৰসংগত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ সংবাদমেল (Urkhao Gwra Brahma press meet) ৷ দেওবাৰে সম্বোধন কৰে সংবাদমেলখনৰ ৷

Etv Bharat
Etv Bharat

পূৰ্বৰ স্থানতেই থাকিব ৰূপনাথ ব্ৰক্ষ্ম চিভিল হাস্পতাল

কোকৰাঝাৰ, ২৩ জানুৱাৰী : ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ইউপিপিএলৰ জেষ্ঠ নেতা উৰ্খাও গৌৰা ব্ৰহ্মৰ সংবাদমেল (Urkhao Gwra Brahma press meet) ৷ কোকৰাঝাৰৰ ৰূপনাথ ব্ৰক্ষ্ম চিভিল হাস্পতাল সন্দৰ্ভত ইউপিপিএলৰ জেষ্ঠ নেতাগৰাকীয়ে সম্বোধন কৰে সংবাদমেলখনৰ ৷ ৰবিবাৰে সন্ধিয়া কোকৰাঝাৰস্থিত ইউ পি পি এল দলৰ মুখ্য কাৰ্যালয়ত সম্বোধন কৰা হয় সংবাদমেল খনৰ ৷

উল্লেখ্য যে, ৰূপনাথ ব্ৰক্ষ্ম চিভিল হাস্পতাল চমুকৈ আৰ এন বি স্থানান্তৰিত কৰাৰ নিৰ্দেশনাক লৈ বিগত কেইবাদিন ধৰি বি টি আৰৰ সদৰ কোকৰাঝাৰত তীব্ৰ প্ৰতিবাদ অব্যাহত আছে ৷ এই প্ৰতিবাদ অব্যাহত থকাৰ সময়তে কোকৰাঝাৰৰ আৰ এন বি হাস্পতাল স্থানান্তৰিত নহয় তথা একেটা স্থানতে থাকিব বুলি সদৰি কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ইউ পি পি এলৰ জেষ্ঠনেতা উৰ্খাও গৌৰা ব্ৰহ্মই ৷ ৰবিবাৰে সন্ধিয়া কোকৰাঝাৰস্থিত ইউপিপিএল দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি উৰ্খাও গৌৰা ব্ৰহ্মই এই বিষয়ে সদৰী কৰিছে (Rupnath Brahma civil hospital in Kokrajhar) ৷

পূৰ্বৰ স্থানতেই থাকিব ৰূপনাথ ব্ৰক্ষ্ম চিভিল হাস্পতাল

কোকৰাঝাৰত বিগত কিছুদিন ধৰি আৰ এন বি হাস্পতাল স্থানান্তৰণক লৈ প্ৰতিবাদ সাব্যস্ত হোৱা দৃষ্টিগোচৰ হৈছে তথা এয়া ৰাজ্য চৰকাৰৰো দৃষ্টিগোচৰ হৈছে বুলি উল্লেখ কৰি ব্ৰহ্মই কয় যে ইয়াক লৈ ৰাইজৰ মাজত ভুল ধাৰণাৰ সৃষ্টি হৈছে ৷ কিছুমান চক্ৰই হস্পিতালকলৈ বিৰ্তকৰ সূচনা কৰিছে ৷ কোকৰাঝাৰবাসী ৰাইজক ভূল ধাৰণা নল’বলৈ আহ্বান জনাই আৰ এন বি চিভিল হাস্পতাল স্থানান্তৰিত কৰা নহয় বুলি সংবাদ মেলযোগে স্পষ্ট কৰি দিয়ে ইউ পি পি এলৰ জেষ্ঠ নেতা তথা কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰি ব্ৰহ্মই (Press meet on RNB civil hospital in Kokrajhar) ৷

আৰ এন বি চিভিল হস্পিতাল পূৰ্বে অসামৰিক চিকিৎসালয় আছিল যদিও এতিয়া অসামৰিকৰ পৰিৱৰ্তে কেৱল ৰূপনাথ ব্ৰক্ষ্ম হাস্পতাল হিচাবে থাকিব বুলি সংবাদ মেলত উল্লেখ কৰে ইউ পি পি এলৰ জেষ্ঠ নেতা গৰাকীয়ে ৷ কোকৰাঝাৰ মেডিকেল কলেজৰ অধীনতে পূৰ্বৰ ঠাইতে অৰ্থাৎ কোকৰাঝাৰ চহৰতে থাকিব ৰূপনাথ ব্ৰক্ষ্ম হাস্পতাল ৷

নামটোৰ ক্ষেত্ৰত অসামৰিক শব্দটো আতঁৰিব যদিও প্ৰাৰম্ভিক অ পি ডিকে ধৰি প্ৰয়োজনীয় সকলো বিশেষ চিকিৎসা আৰ এন বি হস্পিতালত উপলব্ধ থাকিব বুলি মন্ত্ৰী গৰাকীয়ে সংবাদ মেলযোগে সদৰি কৰে ৷

লগতে পঢ়ক :BPF govt in 1900 crore scam: হাগ্ৰামা মহিলাৰীৰ বিয়াগোম কেলেংকাৰীৰ তথ্য ফাদিল প্ৰমোদ বড়োৰ

ABOUT THE AUTHOR

...view details