অসম

assam

বিদ্যুৎ কেন্দ্ৰ মুকলি কৰি দীৰ্ঘদিনীয়া সমস্যা দূৰ কৰাৰ আশ্বাস শক্তি মন্ত্ৰীৰ

By

Published : Aug 31, 2021, 9:50 AM IST

power substation inaugurated in kokrajhar

কোকৰাঝাৰৰ বডোফা নগৰত উপ বিদ্যুৎ কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি ৰাজ্যৰ শক্তি তথা পৰ্যটন মন্ত্ৰী বিমল বৰাৰ(Bimal Borah) ৷ এই উপ বিদ্যুৎ কেন্দ্ৰটোৱে অঞ্চলটোৰ দীৰ্ঘদিনীয়া বিদ্যুতৰ সমস্যা দূৰ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে তেওঁ জিলাখনত পৰ্যটনৰ সম্ভাৱনা থকা পৰ্যটনস্থলীসমূহ পৰিভ্ৰমণ কৰে ৷

কোকৰাঝাৰ, 31 আগষ্ট : সোমবাৰে কোকৰাঝাৰত উপস্থিত হৈ জিলাখনত পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনীয়তা থকা পৰ্যটনস্থলীসমূহ পৰিভ্ৰমণ কৰে ৰাজ্যৰ শক্তি তথা পৰ্যটন মন্ত্ৰী বিমল বৰাই(Bimal Borah) ৷ বিটিআৰৰ(BTR) মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক(Pramod Boro) লগত লৈ ধীৰবিল, দীপলাই বিল আৰু চক্ৰশীলা অভয়াৰণ্য পৰিভ্ৰমণ কৰে মন্ত্ৰীগৰাকীয়ে ৷

কোকৰাঝাৰত বিদ্যুৎ কেন্দ্ৰ মুকলি

পৰিভ্ৰমণ কালত জিলাখনৰ পৰ্যটনথলীসমূহ উন্নয়নৰ বাবে চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য কৰে বিভাগীয় মন্ত্ৰীগৰাকীয়ে ৷ ইফালে কোকৰাঝাৰৰ বডোফা নগৰত তেওঁ 33/11 KV 2 × 10 MVA উপ বিদ্যুৎ কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰি অঞ্চলটোৰ দীৰ্ঘদিনীয়া সমস্যা দূৰ হ’ব বুলিও আশ্বাস দিয়ে ।

কোকৰাঝাৰত বিদ্যুৎ কেন্দ্ৰ মুকলি

লগতে পঢ়ক:চাহ জনগোষ্ঠীৰ সৱলীকৰণৰ বাবে চৰকাৰে গঠন কৰিব 7 খন কমিটী

গুণগত সেৱা প্ৰদানত চাব-ষ্টেচনটোৱে সহায় কৰিব বুলি মন্তব্য কৰি অদ্যপি বিদ্যুৎ সংযোগ লাভ নকৰা 23 হাজাৰ পৰিয়ালক অচিৰেই বিদ্যুতৰ ব্যৱস্থা কৰি দিয়া হব বুলি উল্লেখ কৰে মন্ত্ৰী বিমল বৰাই । এগৰাকী বিধায়কে সেই অঞ্চলত তিনিঘণ্টাহে কাৰেণ্ট থাকে বুলি অভিযোগ দিয়াৰ পাচত তন্ন-তন্নকৈ পৰীক্ষা কৰাত সেয়া এনেই কোৱা বুলি প্ৰমাণিত কৰে মন্ত্ৰীগৰাকীয়ে ৷

কোকৰাঝাৰত বিদ্যুৎ কেন্দ্ৰ মুকলি

তেওঁ কয় যে, মেৰামতিৰ নামত কেতিয়াবা এঘণ্টা-ডেৰঘণ্টা কাৰেণ্ট নাথাকিব পাৰে, কিন্তু 24 ঘণ্টাৰ ভিতৰত মাত্ৰ তিনিঘণ্টা কাৰণ্টে থকা কথাতো এনেই কোৱা হৈছে ৷ আনহাতে, মুকলি হোৱা বিদ্যুৎ উপ কেন্দ্ৰই কোকৰাঝাৰৰ বিদ্যুৎ সমস্যা দূৰ কৰিব বুলি দাবী কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ।

কোকৰাঝাৰত বিদ্যুৎ কেন্দ্ৰ মুকলি

বিটিআৰ সচিবালয়, কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানকে ধৰি অঞ্চলটোৰ বিদ্যুতৰ সমস্যা দূৰ হোৱাৰ লগতে শীঘ্ৰেই গোসাঁইগাঁৱৰ বিদ্যুৎ সমস্যাও দূৰ কৰা হ’ব বুলি মন্তব্য কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷

লগতে পঢ়ক:শৈক্ষিক পৰিৱেশ পুনৰুদ্ধাৰ সন্দৰ্ভত 34 টা ছাত্ৰ সংগঠনেৰে মিলিত শিক্ষামন্ত্ৰী

ABOUT THE AUTHOR

...view details