শৈক্ষিক পৰিৱেশ পুনৰুদ্ধাৰ সন্দৰ্ভত 34 টা ছাত্ৰ সংগঠনেৰে মিলিত শিক্ষামন্ত্ৰী

author img

By

Published : Aug 30, 2021, 10:50 PM IST

education-minister-meets-34-student-organizations-to-restoring-educational-environment-in-assam

"গুৱাহাটী মহানগৰীত যদিহে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ পৰা অহা শিক্ষাৰ্থীৰ বাবে আসনৰ নাটনি হয়, তেতিয়া হ'লে বিয়লি আৰু নৈশ শাখাত নামভৰ্তিৰ ব্যৱস্থা কৰা হ'ব ৷" এই আশ্বাস প্ৰদান কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷

গুৱাহাটী,30 আগষ্ট: ক'ভিড কেন্দ্ৰীক অচলাৱস্থাই ৰাজ্যৰ শৈক্ষিক পৰিৱেশ বিধ্বস্ত কৰাৰ পিছত পৰিস্থিতিৰ পুনৰুদ্ধাৰৰ বাবে সোমবাৰে 34 টা ছাত্ৰ সংগঠনৰ সৈতে আলোচনাত মিলিত হয় শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু ৷ ৰাজ্যৰ শিক্ষাৰ্থী সকলে অনিশ্চয়তাৰ সন্মুখীন হোৱাৰ সময়ত চৰকাৰৰ ভূমিকা সমালোচিত হোৱাৰ সময়তে শিক্ষামন্ত্ৰী গৰাকীয়ে ছাত্ৰ সংগঠন সমূহক আলোচনালৈ আমন্ত্ৰণ কৰাটো তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে ৷

সোমবাৰে বিয়লি অনুষ্ঠিত এই আলোচনাত শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে আশ্বাস দিয়ে যে, বহুতে আশংকা কৰা ধৰণে শিক্ষাৰ্থী সকলে উচ্চতৰ মাধ্যমিক আৰু স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰাত কোনো অসুবিধা নহ'ব ৷ গুৱাহাটী মহানগৰীত যদিহে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ পৰা অহা শিক্ষাৰ্থীৰ বাবে আসনৰ নাটনি হয়, তেতিয়া হ'লে বিয়লি আৰু নৈশ শাখাত নামভৰ্তিৰ ব্যৱস্থা কৰা হ'ব ৷ আনহাতে, নামভৰ্তিৰ ক্ষেত্ৰত থকা বিনামূলীয়া নীতি বাহাল থাকিব বুলিও স্পষ্ট কৰি দিয়ে শিক্ষা মন্ত্ৰী গৰাকীয়ে ৷

উল্লেখ্য যে, এই আলোচনাত সমুজ্জল কুমাৰ ভট্টাচাৰ্যইও অংশগ্ৰহণ কৰে ৷ বৈঠকৰ শেষত ভট্টাচাৰ্যই কয় যে, শিক্ষাৰ্থীৰ শিক্ষা জীৱন সুৰক্ষিত কৰাৰ দায়িত্ব চৰকাৰৰ ৷ গতিকে চৰকাৰৰ প্ৰতিটো সিদ্ধান্তৰ ওপৰত সচেতন ভাৱে দৃষ্টি ৰখা হ'ব ৷ আনহাতে মন্ত্ৰী গৰাকীয়ে এই বৈঠকলৈ কোনোটো বাওঁপন্থী ছাত্ৰ সংগঠনক আমন্ত্ৰণ নকৰা কাৰ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়কঃ এ আই ইউ ডি এফৰে কংগ্ৰেছৰ মিত্ৰতা ভংগ : কংগ্ৰেছৰ ক'ৰ কমিটিৰ বৈঠকত সিদ্ধান্ত

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.