অসম

assam

পুনৰ কোকৰাঝাৰত চোৰাং গৰু জব্দ

By

Published : Jan 16, 2021, 5:31 PM IST

Updated : Jan 16, 2021, 5:43 PM IST

একাংশ ব্যৱসায়ীয়ে বহিঃৰাজ্যৰ লগত সংযোগ স্থাপন কৰি ৰাজ্যত আজিও অব্যাহত ৰাখিছে চোৰাং গৰুৰ অবাধ সৰবৰাহ ৷ শনিবাৰে পুনৰ 6 টাকৈ চোৰাং গৰু জব্দ কৰে গোসাইগাঁও মহকুমাৰ গৰুফেলা আৰক্ষীয়ে ৷ নিয়মিত টহল দি থকাৰ সময়তেই কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত গৰুফেলাৰ গাৰ্ডেনপুৰত এই গৰুকেইটা জব্দ কৰে আৰক্ষীয়ে ৷

Illegal Cow Seized  at kokrajar
পুনৰ কোকৰাঝাৰ চোৰাং গৰু জব্দ গৰুফেলা আৰক্ষীৰ

কোকৰাঝাৰ,১৬ জানুৱাৰী :ৰাজ্যত এতিয়াও অব্যাহত আছে চোৰাং গৰুৰ অবাধ সৰবৰাহ ৷ কিয়নো পুনৰ শনিবাৰে কোকৰাঝাৰ জিলাত জব্দ হয় 6 টা চোৰাং গৰু ৷ জিলাখনৰ গোসাইগাঁও মহকুমাৰ গৰুফেলাৰ গাৰ্ডেনপুৰত আৰক্ষীয়ে জব্দ কৰে এই চোৰাং গৰুকেইটা ৷

আৰক্ষীৰ সূত্ৰই সদৰি কৰা মতে, গৰুফেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অংগৰাজ ছেত্ৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে শনিবাৰে পুৱা নিয়মিত টহল দি থকা সময়তে গাৰ্ডেনপুৰৰ সমীপত চোৰাং বেপাৰীৰ এটা দলক গৰুকেইটা লৈ যোৱা প্ৰত্যক্ষ কৰে ৷ কিন্তু আৰক্ষীৰ গাড়ী দেখা মাত্ৰকে গৰুৰ চোৰাং বেপাৰীৰ দলটো ঘন কুঁৱলীৰ সুযোগলৈ গৰু এৰি পলায়ন কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীৰ সূত্ৰই ৷ ইয়াৰ পিচতে আৰক্ষীৰ দলটোৱে 6 টাকৈ চোৰাং গৰু জব্দ কৰি গৰুফেলা আৰক্ষী চকীলৈ লৈ আনে ৷

ইফালে, এই গৰু চোৰাং সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে গৰুফেলা আৰক্ষীয়ে ৷

লগতে পঢ়ক : 23 জানুৱাৰীত জেৰেঙা পথাৰলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

Last Updated :Jan 16, 2021, 5:43 PM IST

ABOUT THE AUTHOR

...view details