অসম

assam

Bodoland University Controversy: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সিদ্ধান্ত বাতিল কৰাৰ আহ্বান আছুৰ

By

Published : Jun 28, 2023, 8:18 PM IST

বড়োলেণ্ড বিশ্ববিদ্যালয়ত অসমীয়া ভাষাক প্ৰত্যাহাৰ কৰাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান আছুৰ ।

AASU calls for cancellation of Bodoland University decision
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সিদ্ধান্ত বাতিল কৰাৰ আহ্বান আছুৰ

কোকৰাঝাৰ, ২৮ জুন : বড়োলেণ্ড বিশ্ববিদ্যালয়ে স্নাতক শ্ৰেণীৰ গুৰু বিষয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত কেৱল ইংৰাজীতে লিখিব লাগিব বুলি নিদেৰ্শনা জাৰি কৰাৰ পিছত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এনে হঠকাৰী সিদ্ধান্তৰ কথা প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যজুৰি আলোড়নৰ সৃষ্টি হয় আৰু সকলোৱে উক্ত সিদ্ধান্তক একমুখে গৰিহণা দি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান জনাইছে ।

এই সন্দৰ্ভত মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ নেতা মানস প্ৰতিম ৰায়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সিদ্ধান্ত হঠকাৰী আৰু অবিবেচক বুলি মন্তব্য কৰে ৷ লগতে তেওঁ কয় যে পূৰ্বেও বড়োলেণ্ড বিশ্ববিদ্যালয়ে অসমীয়া বিভাগৰ গৱেষণাপত্ৰ ইংৰাজী ভাষাত লিখাৰ এক আজৱ নিৰ্দেশ দিছিল বুলি প্ৰকাশ কৰিছে ।

১৯৭২ চনৰ ভাষা আন্দোলনৰ পৰিপ্ৰেক্ষিতত স্নাতক পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া ভাষাত লিখাৰ সুযোগ পাইছিল আৰু সেই সুবিধা অব্যাহত থাকিব লাগিব বুলি মন্তব্য কৰে ৷ লগতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সিদ্ধান্তক ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিপন্থী বুলি মন্তব্য কৰে । অসমীয়া মাধ্যমক নস্যাৎ কৰা কাৰ্য ভাষা বিদ্বেষী প্ৰতিক্ৰিয়াশীল চক্ৰৰ বৃহৎ চক্ৰান্ত বুলি মন্তব্য কৰিছে আছুৰ নেতা মানস প্ৰতিম ৰায়ে ।

ইপিনে এই সন্দৰ্ভত বড়ো সাহিত্য সভাৰ সভাপতি সুৰথ নাৰ্জাৰীয়ে কয় যে, কি কাৰণে বড়োলেণ্ড বিশ্ববিদ্যালয়ে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া জানিব লাগিব আৰু একাডেমিক ৰেজিষ্ট্ৰাৰে কোৱা অনুসৰি বিশ্ববিদ্যালয় এখনত আনুষ্ঠানিক আৰু অনানুষ্ঠানিক কথা থাকিব নোৱাৰে বুলি মন্তব্য প্ৰকাশ কৰিছে । এনে কৰিলে পিচলৈ সমস্যা হ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে বড়ো সাহিত্য সভাৰ সভাপতিগৰাকীয়ে ৷

আনহাতে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে কয় যে, যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে মাতৃভাষা আৰু মাতৃভাষা মাধ্যমৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে মুকলি আহ্বান জনাই আহিছে, আনকি মেডিকেল আৰু ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমো মাতৃভাষাত প্ৰৱৰ্তনৰ পোষকতা কৰি আহিছে তেনেসময়তে বড়োলেণ্ড বিশ্ববিদ্যালয়ে মাতৃভাষা মাধ্যমক এলাগী কৰা কাৰ্য মুঠেই সহজভাৱে মানি ল’ব নোৱাৰি বুলি সদৰী কৰে নাথে ।

বিশ্ববিদ্যালয়খনে পূৰ্বতেও এনে কাৰ্য সংঘটিত কৰি আহিছে আৰু ইচ্ছাকৃতভাৱে বাৰে বাৰে অসমীয়া মাধ্যমক নস্যাৎ কৰাৰ আঁৰৰ কাৰণ তদন্ত কৰিবলৈ বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপালক অনুৰোধ কৰিছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে । অকল স্নাতক পৰ্যায়তে নহয় ছাত্ৰ-ছাত্ৰীয়ে ইচ্ছা কৰিলে স্নাতকত্তোৰ পৰ্যায়তো অসমীয়া ভাষাত লিখাৰ সুবিধা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কৰি দিয়া উচিত বুলি মন্তব্য কৰি অৰবিন্দ নাথে পূৰ্বৰ জাননী অনতিপলমে প্ৰত্যাহাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে ।

ইপিনে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ড৹ মঞ্জিল বসুমতাৰীয়ে স্নাতক পৰ্যায়ত গুৰু বিষয়ত ইংৰাজীত লিখা সন্দৰ্ভত নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, অসমীয়াত প্ৰশ্নকাকত তৈয়াৰ কৰা আৰু মূল্যায়ন কৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয় । শিক্ষকসকলে অসমীয়াত প্ৰশ্নকাকত তৈয়াৰ কৰিবলৈ আৰু মূল্যায়ন কৰিবলৈ টান পায় আৰু যাৰ বাবে পৰীক্ষাৰ ৰিজাল্ট দিওতে পলম হয় ৷

মেজৰ বিষয়সমুহ ইংৰাজীত লিখাৰ বাবে জাননী জাৰি কৰা হৈছে যদিও ছাত্ৰ-ছাত্ৰীক অসমীয়াত লিখাৰ মৌখিক অনুমতি দিয়া হৈছে আৰু এতিয়ালৈকে তেনেকৈয়ে চলি আছে । বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ পৰা আমালৈ অসমীয়াত উত্তৰ লিখাৰ বাবে অনুমতি দিবলৈ অনুৰোধ কৰিছে ৷ সেইবাবে বিশ্ববিদ্যালয়ৰ ফালৰ পৰা অনুমতি নথকা সত্বেও মৌখিক অনুমতি দিছো বুলি মন্তব্য প্ৰকাশ কৰিছে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ড৹ মঞ্জিল বসুমতাৰীয়ে । উল্লেখ্য যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত ৫২ খন মহাবিদ্যালয় আছে আৰু ৭ খন বি.এড কলেজ আছে ।

লগতে পঢ়ক :Assamese medium: অসমীয়া ভাষা বিতাৰণ ইংৰাজীক আবাহন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ

ABOUT THE AUTHOR

...view details