অসম

assam

কৰিমগঞ্জত ইয়াবা টেবলেট জব্দ

By

Published : Mar 3, 2021, 12:51 PM IST

কৰিমগঞ্জত জব্দ হৈছে বিপুল পৰিমাণৰ ইয়াবা টেবলেট ৷ কৰিমগঞ্জ সদৰ আৰক্ষীৰ অভিযানত টেবলেটখিনি জব্দ কৰা হৈছে ৷ বিক্ৰীৰ বাবে ড্ৰাগছখিনি আনি থকাৰ সময়তে ব্যৱসায়ী জাকিৰ হুছেইনৰ সৈতে টেবলেটখিনি জব্দ কৰে আৰক্ষীয়ে ৷

কৰিমগঞ্জত ইয়াবা টেবলেট জব্দ
কৰিমগঞ্জত ইয়াবা টেবলেট জব্দ

কৰিমগঞ্জ,3 মাৰ্চ:এক গোপন সূত্ৰৰ পম খেদি মঙলবাৰে নিশা আৰক্ষীয়ে কৰিমগঞ্জ আৰক্ষী থানাৰ অধীনত থকা ঘোঁড়ামৰাৰ পৰা প্ৰায় আঠ হাজাৰ ইয়াবা টেবলেট জব্দ কৰে ৷ বিক্ৰীৰ বাবে আনি থকা অৱস্থাতে আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী এজনৰ পৰা টেবলেটখিনি জব্দ কৰে ৷

কৰিমগঞ্জ সদৰ আৰক্ষীৰ অভিযানত টেবলেট খিনি জব্দ হৈছে

ঘটনা সন্দৰ্ভত জাকিৰ হুছেইন নামৰ ড্ৰাগছ ব্যৱসায়ী গৰাকীক আৰক্ষীয়ে আটক কৰাৰ লগতে ধৃত জাকিৰৰ পৰা ইয়াবা টেবলেটসমূহ জব্দ কৰে ৷ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:টিংখাঙত ড্ৰাগছৰ ঘাটি উৎখাত

ABOUT THE AUTHOR

...view details