অসম

assam

কৰিমগঞ্জত প্ৰায় 50 লাখ টকাৰ ব্ৰাউন চুগাৰ জব্দ

By

Published : May 19, 2021, 8:58 AM IST

Updated : May 19, 2021, 9:28 AM IST

মঙলবাৰে নিশাৰ কৰিমগঞ্জ আৰক্ষীৰ অভিযানত জব্দ প্ৰায় 50 লাখ টকাৰ ব্ৰাউন চুগাৰ ৷

মঙলবাৰে কৰিমগঞ্জ আৰক্ষীয়ে প্ৰায় 50 লাখ টকাৰ ব্ৰাউন ছুগাৰ জব্দ কৰে
মঙলবাৰে কৰিমগঞ্জ আৰক্ষীয়ে প্ৰায় 50 লাখ টকাৰ ব্ৰাউন ছুগাৰ জব্দ কৰে

কৰিমগঞ্জ,19 মে’: কৰিমগঞ্জ আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত বৃহৎ সফলতা লাভ । মঙলবাৰে নিশাৰ ভাগত জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তৰ সাদাৰাশি এলেকাৰ এটা ঘৰত অভিযান চলাই আৰক্ষীয়ে প্ৰায় পঞ্চাশ লাখ টকা মূল্যৰ অবৈধ ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হৈছে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে, 27 টাকৈ চাবোনৰ বাকচৰ ভিতৰত লুকুৱাই ৰখা হৈছিল নিচাজাতীয় সামগ্ৰীখিনি ।

কৰিমগঞ্জত প্ৰায় 50 লাখ টকাৰ ব্ৰাউন চুগাৰ জব্দ

গোপন সূত্ৰৰ খবৰৰ ভিত্তিত কৰিমগঞ্জ আৰক্ষীয়ে চলোৱা এই অভিযানত আছাদ উদ্দিন নামৰ এজন ব্যক্তিৰ ঘৰৰ পৰা উদ্ধাৰ হয় ব্ৰাউন চুগাৰখিনি ৷ ঘটনা সন্দৰ্ভত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আছাদ উদ্দিনক কৰায়ত্ত কৰে ৷ আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰা অনুসৰি, ধৃত ব্যক্তিজনে অবৈধ ব্ৰাউন চুগাৰ বাংলাদেশলৈ সৰবৰাহ কৰি আহিছিল ৷ সম্প্ৰতি আৰক্ষীয়ে ধৃত আছাদ উদ্দিনক মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: টীয়কত চাৰিলেনযুক্ত পথ নিৰ্মাণত বিসংগতিৰ অভিযোগ

Last Updated :May 19, 2021, 9:28 AM IST

ABOUT THE AUTHOR

...view details