অসম

assam

বোকাজান আৰক্ষীৰ জালত মাৰণাস্ত্ৰসহ দুজন যুৱক আটক

By

Published : Jun 24, 2021, 10:33 PM IST

বোকাজান আৰক্ষীৰ এক বিশেষ সফলতা ৷ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত খটখটিত তালাচী চলাই চাহিল খান আৰু চলমান খান নামৰ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷

Two men arrested with weapons
বোকাজান আৰক্ষীৰ জালত মাৰণাস্ত্ৰসহ দুজন যুৱক আটক

ডিফু, ২৪ জুন : ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে বিশেষ সফলতা লাভ কৰাৰ সমান্তৰালকৈ এইবাৰ অবৈধ মৰণাস্ত্ৰৰ বিৰুদ্ধে লাভ কৰিছে আন এক সফলতা ৷ প্ৰাপ্ত খবৰ অনুসৰি, বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাস, বৰপথাৰ আৰক্ষী চক্ৰ পৰিদৰ্শক ভূপেন কলিতা আৰু খটখটিৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌব্লিক ব্ৰহ্মই অভিযান চলাই পিষ্টল দুটা উদ্ধাৰ কৰে । বোকাজান আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত খটখটিত তালাচী চলায় ৷

এই তালাচীত চাহিল খান আৰু চলমান খান নামৰ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী । আটকাধীন চাহিল খানৰ পৰা এটা .২২ পিষ্টল আৰু এটা ৭.৬৫ পিষ্টলৰ সৈতে ৭ জাঁই সজীৱ গুলী উদ্ধাৰ কৰে আৰক্ষীয়ে । আৰক্ষীৰ তদন্তত আটকাধীন চাহিল খান আৰু চলমান খানে পিষ্টল দুটা বিক্ৰীৰ উদ্দেশ্যে আনিছিল বুলি জানিব পৰা গৈছে ।

বোকাজান আৰক্ষীৰ জালত মাৰণাস্ত্ৰসহ দুজন যুৱক আটক

আনহাতে, পৰৱৰ্তী সময়ত আৰক্ষীয়ে এই সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে ।

যোৱা সোমবাৰে নিশা কাৰ্বি আংলং জিলাৰ ডিলাইত কৰ্তব্যৰত বৰচিং বে' নামৰ এগৰাকী নিষ্ঠাৱান গৃহৰক্ষী জোৱানে এখন যাত্রীবাহী বাছত তালাচী চলাই তিনি কিল’গ্ৰাম ড্ৰাগছ জব্দ কৰিছিল ৷ জোৱানজনৰ তৎপৰতাৰ বাবে দুই মহিলাসহ তিনি কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক ড্ৰাগছসহ আটক কৰা হৈছিল ৷ বৰচিং বে'ৰ সততা আৰু নিষ্ঠাৰে কৰা কৰ্তব্যক সন্মান জনাই গৃহৰক্ষী জোৱানজনক আৰক্ষী সঞ্চালক প্ৰধানে এক লাখ টকাৰ পুৰষ্কাৰ প্ৰদান কৰাৰ পাচতে বুধবাৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে তেখেতক এক লাখ টকাৰ চেক প্ৰদান কৰে ৷

লগতে পঢ়ক : কাৰ্বি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ABOUT THE AUTHOR

...view details