অসম

assam

লেংগুৱেজটিক চ’চাইটি অৱ আমেৰিকাৰ বঁটা প্ৰাপক চিকাৰী তিছ'ক সম্বৰ্দ্ধনা

By

Published : Oct 29, 2021, 6:33 PM IST

লেংগুৱেজটিক চ’চাইটি অৱ আমেৰিকাৰ বঁটা প্ৰাপক চিকাৰী তিছ'ক কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত আনুষ্ঠানিক সম্বৰ্দ্ধনা ৷

sikari tisso feliciated by kaa
লেংগুৱেজটিক চ’চাইটি অব আমেৰিকাৰ বঁটা প্ৰাপক চিকাৰী তিছ'ক সম্বৰ্দ্ধনা

ডিফু, 29 অক্টোবৰ :লেংগুৱেজটিক চ'চাইটি অৱ আমেৰিকাৰ তৰফৰ পৰা বঁটা প্ৰাপক ডিফুৰ ছিকাৰী তিছ'ক বৃহস্পতিবাৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা আনুষ্ঠানিক ভাৱে সম্বৰ্দ্ধনা জনোৱা হয় ৷ বৃহস্পতিবাৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সন্মিলন কক্ষত অনুষ্ঠিত হৈছিল এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান ৷ এই অনুষ্ঠানতে সাহিত্যৰ সাধক ছিকাৰী তিচ'ক কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আমেৰিকাৰ পৰা কমিউনিটি বঁটা, ২০২১ প্ৰাপক চিকাৰী তিচ'ক কাৰ্বি চয়হংথৰ, জাম্বুৰং পহ' আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷

সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত চিকাৰী তিচ'ৱে কয় যে, ভাষা-সাহিত্যৰ উত্তৰণৰ বাবে তেওঁৰ আজীৱন পৰিকল্পনা আছে ৷ তেওঁ কাৰ্বি, অসমীয়া আৰু ইংৰাজী ভাষাৰ ট্ৰাইলিং বেল নামৰ এক অভিধান প্ৰণয়নৰ কাম কৰি আছে ৷ যাৰ ৬০ শতাংশ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷

ইণ্ডিজেনাছ ট্ৰাইবেল সাহিত্য সভাৰ অধীনত ৮ টা জনগোষ্ঠী ভাষাৰ সংমিশ্ৰণেৰে এক বৃহৎ শব্দকোষ প্ৰনয়ণৰ কামো হাতত লোৱা হৈছে বুলি জানিবলৈ দিয়ে লেখক গৰাকীয়ে ৷ এই ক্ষেত্ৰত আটাইকেইটা স্বায়ত্ব শাসিত পৰিষদে সহায়ৰ হাত আগবঢ়াইছে বুলিও মন্তব্য কৰে চিকাৰী তিচ'কে ৷ আনহাতে, নৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনাই বঁটা প্ৰাপক গৰাকীয়ে কয় যে, সকলো ভাষাক সন্মান আৰু সমমূল্য দি ভাষা চৰ্চা কৰিব লাগে ৷

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, লেংগুৱেজটিক ছ'চাইটি অৱ আমেৰিকাৰ তৰফৰ পৰা ভাৰতৰ ভিতৰতে দ্বিতীয় বঁটা প্ৰাপক চিকাৰী তিচ' কাৰ্বি আংলঙৰ গৌৰৱ ৷ ১০ খনতকৈ অধিক গ্ৰন্থ ৰচনা কৰা লেখক সকলৰ লিখনি প্ৰাকাশৰ বাবে প্ৰয়োজন হোৱা যাৱতীয় খৰচ আৰু বীমা বহন কৰিব বুলিও মন্তব্য কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷

লগতে পঢ়ক :Beltala murder case : ফাদিল হ’ল ৰহস্য

ABOUT THE AUTHOR

...view details