ETV Bharat / state

অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ১৩৫ সংখ্যক জন্মজয়ন্তী উদযাপন - GOPINATH BORDOLOI 135 BIRTH ANNIVERSARY

author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 8:23 PM IST

135th birth anniversary of Assam's first CM : আজি অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 135 সংখ্যক জন্মজয়ন্তী ৷

135th birth anniversary of Assam's first CM
অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ১৩৫ সংখ্যক জন্মজয়ন্তী উদযাপন (etv bharat assam)

ৰহা, 6 জুন : আজি অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 135 সংখ্যক জন্মজয়ন্তী ৷ বৃহস্পতিবাৰে জন্মস্থান ৰহাত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ জন্মজয়ন্তী উদযাপন কৰা হয় । ৰাজ্যিক সংগ্ৰহালয় সঞ্চালকালয়ৰ উদ্যোগত ৰহাস্থ লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মৃতি সংগ্ৰহালয়ত আয়োজন কৰা হয় এই জন্মজয়ন্তী । এই বিশেষ দিনটোৰ উপলক্ষে পুৱা লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আৱক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন কৰে সংগ্ৰহালয় সঞ্চালক অৰিন্দম বৰুৱা আৰু ৰহাৰ চক্ৰ বিষয়া সুপ্ৰভা ৰয়ে ।

ইয়াৰ পিচতে "স্বাধীন ভাৰতৰ নতুন অসম গঢ় দিয়াত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ভূমিকা" শীৰ্ষক এক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা হয় । অৱসৰপ্ৰাপ্ত অধ্যাপক যতীন্দ্ৰ কুমাৰ পাৰৈৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত নগাঁও মহাবিদ্যালয়ৰ অধ্যাপিকা অৰণি শইকীয়াই গোপীনাথ বৰদলৈৰ কৰ্মজীৱনৰ সম্পৰ্কত বক্তব্য প্ৰদান কৰি গোপীনাথ বৰদলৈক স্বাধীন অসমৰ ৰূপকাৰ আখ্যা দিয়ে ।

স্থানীয় বহু গণ্যমান্য ব্যক্তি, ছাত্ৰ-ছাত্ৰী উপস্থিত থকা লোকপ্ৰিয়ৰ এই জন্মজয়ন্তী উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ মাজত এক ৰচনা প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় ।

উল্লেখ্য যে, 1890 চনৰ 6 জুনত ৰহাৰ এই স্থানতে গোপীনাথ বৰদলৈৰ জন্ম হৈছিল । 1998 চনত লোকপ্ৰিয়ৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ ৰাজ্যিক সংগ্ৰহালয় সঞ্চালকালয়ৰ অধীনত ইয়াতে "ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মৃতি সংগ্ৰহালয়" নামেৰে এক সংগ্ৰহালয় স্থাপন কৰা হয় । সংগ্ৰহালয়টোত লোকপ্ৰিয়ৰ বহু আপুৰুগীয়া সম্পদ সংৰক্ষণ কৰা হৈছে । সম্প্ৰতি এই সংগ্ৰহালয়টোৰ আধুনিক ৰূপ দিয়া হ'ব বুলি ৰাজ্যিক সংগ্ৰহালয়ৰ ভাৰপ্ৰাপ্ত সঞ্চালক অৰিন্দম বৰুৱাই অৱগত কৰে ।

লগতে পঢ়ক: বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এইমছ গুৱাহাটীত এৰিডাৰ গছপুলি ৰোপণ - World Environment Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.