অসম

assam

বোকাজানত ৰেল আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰিলে মহিলা সৰবৰাহকাৰীক

By

Published : Jun 28, 2022, 12:19 PM IST

বোকাজানত ৰেল আৰক্ষীৰ সফলতা ৷ এখন যাত্ৰীবাহী ৰেলত তালাচী চলাই বুজন পৰিমানৰ ড্ৰাগছসহ এগৰাকী মহিলাক আটক কৰিলে ৰেল আৰক্ষীয়ে (Woman arrested with drugs) ৷ বোকাজান ফৰকাটিঙৰ মাজত উজনিমুৱা যাত্ৰীবাহী ৰেলখনৰ বিশেষভাৱে সক্ষম লোকৰ বাবে থকা বিশেষ ডবাটোত তালাচী চলাই এগৰাকী মহিলা যাত্ৰীৰ পৰা ২০ টা চাবোনৰ বাকচত ভৰাই অনা অৱস্থাত মুঠ ২৩২ গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয় ৰেল আৰক্ষী (Railway police seized heroin in Bokajan) ।

lady-drugs-supplier-arrestes-in-passenger-train-with-drugs
বোকাজান ৰেলত তালাচী চলাই ড্ৰাগছ সহ মহিলা সৰবৰাহকাৰী আটক

ডিফু, ২৮ জুন: ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পূৰ্বতকৈ অধিক সক্ৰিয় ৰূপত নিচাজাতীয় সামগ্ৰী তথা ইয়াৰ সৰবৰাহ সমুলঞ্চে নোহোৱা কৰিবৰ বাবে অসম আৰক্ষীয়ে চলাই গৈছে অভিযান ৷ সোমবাৰে নিশা বোকাজান ৰেল আৰক্ষীয়ে এখন যাত্ৰীবাহী ৰেলত তালাচী চলাই বুজন পৰিমানৰ ড্ৰাগছসহ এগৰাকী মহিলা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Woman arrested with drugs) ৷

প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বোকাজান ৰেʼল আৰক্ষীৰ এটা দলে উজনিমুৱা পেচেঞ্জাৰ ৰেলখনত তালাচী অভিযান চলাইছিল ( Passenger Train) ৷ আৰক্ষীয়ে বোকাজানৰ পৰা ফৰকাটিঙৰ মাজত উজনিমুৱা যাত্ৰীবাহী ৰেলখনৰ বিশেষভাৱে সক্ষম লোকৰ বাবে থকা বিশেষ ডবাটোত তালাচী চলাই এগৰাকী মহিলা যাত্ৰীৰ পৰা ২০ টা চাবোনৰ বাকচত ভৰাই অনা মুঠ ২৩২ গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয় (Railway police seized heroin in Bokajan)।

বোকাজান ৰেলত তালাচী চলাই ড্ৰাগছ সহ মহিলা সৰবৰাহকাৰী আটক

আৰক্ষীয়ে হেৰʼইনখিনি সৰবৰাহৰ সৈতে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা মহিলাগৰাকী তিনিচুকীয়াৰ ফিলনবাৰী চাহবাগিচাৰ বাসিন্দা জনৈক চেত্ৰী বুলি জানিব দিলে ৰেল আৰক্ষীয়ে । ইফালে জব্দ হোৱা হেৰʼইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় এক কোটিৰো অধিক হ’ব বুলি ৰেল আৰক্ষীয়ে জানিবলৈ দিছে ।

উল্লেখ্য যে, অধিক তথ্যৰ বাবে মহিলাগৰাকীক জেৰা অব্যাহত ৰাখিছে ৰেল আৰক্ষীয়ে ৷

লগতে পঢ়ক:ডিফুত প্ৰায় পোন্ধৰ লাখ টকাৰ হেৰ’ইন জব্দ

ABOUT THE AUTHOR

...view details