অসম

assam

খটখটীত পিষ্টল সহ আৰক্ষীৰ জালত উত্তৰ প্ৰদেশৰ যুৱক

By

Published : Jan 27, 2022, 11:26 AM IST

বুধবাৰে নিশা কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ অন্তৰ্গত খটখটীত পিষ্টল সহ এজন যুৱকক আটক কৰে (One person arrested with pistol at Khatkhati) আৰক্ষীয়ে ৷ ধৃত যুৱকজন উত্তৰ প্ৰদেশৰ দেওৰিয়া জিলাৰ অজানা গাঁৱৰ ছাবিলা প্ৰসাদৰ পুত্ৰ মণ্টু প্ৰসাদ (৩০) ৷

One person arrested with pistol
খটখটীত পিষ্টল সহ যুৱক আটক

ডিফু, ২৭ জানুৱাৰী : কাৰ্বি আংলং-নাগালেণ্ডৰ সীমান্তৱৰ্তী এলেকাত অব্যাহত আছে অপৰাধীৰ কাৰ্যকলাপ ৷ বুধবাৰে নিশা কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ অন্তৰ্গত খটখটীত পিষ্টল সহ এজন যুৱকক আটক কৰে (One person arrested with pistol at Khatkhati) আৰক্ষীয়ে ৷ এই ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

উত্তৰ প্ৰদেশৰ যুৱক ধৃত

প্ৰাপ্ত খবৰ অনুসৰি, বুধবাৰে সন্ধিয়া এক গোপন খবৰৰ ভিত্তিত খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু দুৱৰাই কাৰেগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অৰুণ কুমাৰ নাথৰ সৈতে যুটীয়াভাৱে আৰক্ষীৰ এটি দলৰ সহায়ত চলাই এক অভিযান ৷ খটখটী থানাৰ অন্তৰ্গত ইউনাইটেড আদিবাসী গাঁৱত চলোৱা অভিযানটোত আৰক্ষীয়ে এজন যুৱকক এটা পিষ্টলৰ সৈতে কৰায়ত্ত কৰে (Pistol seized in Khatkhati)৷ আৰক্ষীয়ে উদ্ধাৰ কৰা পিষ্টলটো .২২ বুলি নিশ্চিত কৰা হৈছে ৷ ইয়াৰ লগতে ঘটনাস্থলীৰ পৰা এটা ম’বাইল ফোনো জব্দ কৰে অভিযানকাৰী দলটোৱে ৷

ধৃত যুৱকজন উত্তৰ প্ৰদেশৰ দেওৰিয়া জিলাৰ অজানা গাঁৱৰ ছাবিলা প্ৰসাদৰ পুত্ৰ মণ্টু প্ৰসাদ (৩০) বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে ৷ যুৱকজনে অস্থায়ীভাৱে খটখটী থানাৰ অন্তৰ্গত লাংবালি গাঁৱত দীৰ্ঘদিনে বাস কৰি আহিছিল বুলি আৰক্ষী সূত্ৰত জানিব পৰা গৈছে ৷

লগতে চাওক:PhD Scholar Found Dead: IIT গুৱাহাটীত পুনৰ গৱেষক ছাত্ৰৰ ৰহস্যজনক মৃত্যু

ABOUT THE AUTHOR

...view details