অসম

assam

প্ৰধানমন্ত্ৰী কাৰ্বি আংলং ভ্ৰমণৰ পূৰ্বে কাৰ্বি শান্তি চুক্তিৰ কেতবোৰ দফাকলৈ ডিফুত অসন্তুষ্টি

By

Published : Apr 27, 2022, 10:54 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্বি আংলং ভ্ৰমণক(PM Modi to Visit Karbi Anglong) কেন্দ্ৰ কৰি পাহাৰীয়া জিলাখনত দেখা গৈছে দুটা বিপৰীত দৃশ্য ৷ জিলাখনৰ এফালে ব্যাপক উৎসাহজনক পৰিৱেশ বিৰাজ কৰাৰ বিপৰীতে আনফালে অসন্তুষ্টি ব্যক্ত কৰিছে একাংশ দল-সংগঠনে ৷ কাৰ্বি শান্তি চুক্তিৰ কেতবোৰ দফাকলৈ(Karbi Peace accord) ডিফুত অসন্তুষ্টি জেচচিপিএ, জাকাছ আৰু এইচটিএল নেতৃবৰ্গৰ ৷

Some organisation unhappy with some of the points of karbi peace accord ahead of PM Karbi Anglong visit
Some organisation unhappy with some of the points of karbi peace accord ahead of PM Karbi Anglong visit

ডিফু, ২৭ এপ্ৰিল :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্বি আংলং(PM Modi to Visit Assam) আগমণৰ প্ৰাকক্ষণত পাহাৰীয়া এলেকাটোৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক দাবী অনুসৰি কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক সামৰি এখন স্বায়ত্ত শাসিত ৰাজ্য গঠনৰ দাবীৰ লগতে অন্যান্য বিষয়ক লৈ সৰৱ হৈ পৰিছে জিলাখনৰ কেইবাটাও দল-সংগঠন (Demand for autonomous state) । প্ৰধানমন্ত্ৰীগৰাকীৰ আগমণৰ এদিন পূৰ্বে অৰ্থাৎ বুধবাৰে ডিফুত এক সংবাদমেলৰ আয়োজন কৰি বিভিন্ন বিষয়ক লৈ সৰৱ হৈ পৰে জিলাখনৰ তিনিটাকৈ দল-সংগঠন ক্ৰমে জেচিচিপিএ, জাকাছ আৰু এইচ টি এল ।

ডিফুৰ জিলা প্ৰেছ ক্লাৱত এখন সংবাদমেলৰ আয়োজন কৰি জেচিচিপিএৰ আহ্বায়ক তথা এইচ টি এলৰ সভাপতি চাইচিং ৰংপি, জেচিচিপিএৰ আহ্বায়ক ৰবীন্দ্ৰ ৰংপি আৰু জেচিচিপিএ আহ্বায়ক আৰু জাকাছৰ অধ্যক্ষ খৰছিং টেৰণে কাৰ্বি আংলং জিলাত বৃহস্পতিবাৰে ‘শান্তি আৰু বিকাশ’ৰ সমাৰোহত অংশগ্ৰহণৰ বাবে আহিবলগীয়া প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনায় ৷

অৱশ্যে তেওঁলোকে জিলাখনৰ ছটাকৈ বিদ্ৰোহী সংগঠনৰ সৈতে অলপতে স্বাক্ষৰিত হোৱা বুজাবুজি চুক্তিৰ কেতবোৰ বিষয়ক লৈ মুকলি অসন্তুষ্টি ব্যক্ত কৰে ।

খৰছিং টেৰং জাকাছৰ অধ্যক্ষ

চুক্তিখনত সন্নিৱিষ্ট কৰা ২.৩ অনুচ্ছেদৰ লগতে ২.১ ২.২ ২.৩ ২.৯ আৰু ২.১১ অনুচ্ছেদে স্বায়ত্ত শাসিত পৰিষদৰ স্বায়ত্ত শাসনৰ ক্ষমতা অৱনামিত কৰাৰ সন্দেহ ব্যক্ত লগতে ৷ ইয়াৰ লগতে তেওঁলোকে এই দফাসমূহে সংবিধানৰ ষষ্ঠ অনুসূচীৰ প্ৰকৃত উদ্দেশ্যকে ধ্বংস কৰি তুলিব বুলি আশংকা প্ৰকাশ কৰে । তেওঁলোকে লগতে জিলাখনত বসবাস কৰি থকা পাৰ্বত্য জনজাতিৰ লোকসকলৰ অস্তিত্বৰ প্ৰতি এনে ভাবুকি নামি অহাৰ পিছত কাৰ্বি আংলঙত কিদৰে স্থায়ী শান্তিৰ আশা কৰা যায় বুলি প্ৰশ্ন উত্থাপন কৰে ।

ইয়াৰ লগতে, জিলাখনৰ উন্নয়নৰ ব্যৱস্থাও নিৰ্দিষ্ট একশ্ৰেণীৰ লোককহে সামৰি লোৱা বুলি সংগঠনকেইটাই ক্ষোভ প্ৰকাশ কৰিছে । সেয়েহে, প্ৰকৃতাৰ্থত এলেকাটোৰ স্থায়ী শান্তিৰ স্বাৰ্থত পাৰ্বত্য জনজাতিৰ লোকসকলে সন্মুখীন হৈ থকা সমস্যাৰ প্ৰকৃত কাৰণ অনুধাৱন কৰাৰ বাবে তেওঁলোকে সংবাদমেলযোগে আহ্বান জনায় । লগতে বিদ্ৰোহী সংগঠনসমূহৰ সৈতে স্বাক্ষৰিত হোৱা চুক্তিত সন্নিৱিষ্ট হোৱা বিতৰ্কিত অনুচ্ছেদৰসমূহৰ পুনৰ বিবেচনা কৰাৰ আহ্বান জনায় ৷

ইয়াৰ লগতে ভাৰতীয় সংবিধানৰ ২৪৪ (ক) ধাৰাৰ অধীনত এখন স্বায়ত্ত শাসিত ৰাজ্য গঠনৰ দাবীক বিবেচনা কৰি চোৱাৰ বাবে প্ৰধানমন্ত্ৰীক সংবাদমেলযোগে আহ্বান জনায় সংগঠনকেইটাই ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰীয়ে বৃহস্পতিবাৰে মুকলি কৰিব বৰপেটা কেঞ্চাৰ হাস্পতাল

ABOUT THE AUTHOR

...view details