অসম

assam

Drugs seized at Assam Nagaland border : খটখটীত প্ৰায় তিনিকোটি টকাৰ সন্দেহযুক্ত হেৰ’ইনসহ আটক সৰবৰাহকাৰী

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 3:12 PM IST

অসম-নাগালেণ্ড সীমান্তৰ খটখটীত উদ্ধাৰ প্ৰায় তিনি কোটি টকাৰ সন্দেহযুক্ত হেৰ’ইন ৷ লগতে আটক কৰা হৈছে এটা সৰবৰাহকাৰীকো ৷ ধৃত সৰবৰাহকাৰীটো কৰিমগঞ্জ জিলাৰ কল্যান বাজাৰ থানাৰ গৌছপুৰ গাঁৱৰ ছামছুল হক (৪৭)বুলি জানিব পৰা গৈছে ৷

Man detain with huge amount of suspected heroin at khotkhoti
সন্দেহযুক্ত হেৰ’ইনসহ আটক সৰবৰাহকাৰী

ডিফু, ২৫ ছেপ্টেম্বৰ : অসম-নাগালেণ্ড সীমান্তৰ খটখটীত উদ্ধাৰ হৈছে প্ৰায় তিনিকোটি মূল্যৰ সন্দেহযুক্ত হেৰ’ইন ৷ লগতে আৰক্ষীৰ জালত পৰিছে এটা ড্ৰাগছ সৰবৰাহকাৰীও ৷ জানিব পৰা মতে, এক গোপন তথ্যৰ আলমত নিচাজাতীয় দ্ৰব্য সৰবহাৰ সন্দৰ্ভত কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (ASP) জন দাসে লাভ কৰিছিল এক খবৰ ৷

এই খবৰৰ ভিত্তিতেই ASP জন দাসৰ নিৰ্দেশ মৰ্মে আজি অৰ্থাৎ সোমবাৰে পুৱাই খটখটী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া (OC) ৰমেন বৰদলৈ, আৰক্ষী বিষয়া (SI) স্বমধন স্বৰ্গীয়াৰী, ASI জুৱেল গগৈৰ লগতে 20BN CRPF ৰ সহকাৰী কামাণ্ডেণ্ট আৰু থানাৰ আৰক্ষীৰ সহযোগত খটখটী থানা এলেকাৰ কাৰেগাঁৱত চলায় অভিযান ৷ এই অভিযানৰ সময়তে এজন লোকক সন্দেহবশত তালাচী চলায় ৷

সন্দেহযুক্ত হেৰ’ইনসহ আটক সৰবৰাহকাৰী

এই তালাচী অভিযানত আৰক্ষীৰ দলটোৱে সন্দেহজনক লোকজনে কঢ়িয়াই অনা এটা প্লাষ্টিক বেগৰ ভিতৰৰ পৰা ৪৮ টা চাবোনৰ বাকচত ৫৮৩'০৮ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত হেৰ’ইনখিনি বজাৰ মূল্য বহু লক্ষাধিক হ’ব বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷ লোকজনে বালিজান অভিমুখে গৈ আছিল বুলি জানিব পৰা গৈছে ৷

সন্দেহযুক্ত হেৰ’ইন জব্দ

তাৰ পাচতে আৰক্ষীৰ দলটোৱে সন্দেহযুক্ত হেৰইনখিনি কঢ়িয়াই অনা লোকজনক আটক কৰে ৷ ধৃত সৰবৰাহকাৰীটো কৰিমগঞ্জ জিলাৰ কল্যাণ বাজাৰ থানা এলেকাৰ গৌছপুৰ গাঁৱৰ মৃত শৌকত আলীৰ পুত্ৰ ছামছুল হক (৪৭)বুলি চিনাক্ত কৰা হৈছে ৷

সৰবৰাহকাৰী ছামছুল হকৰ পৰা উদ্ধাৰ কৰা সন্দেহযুক্ত হেৰ’ইনখিনি নিৰপেক্ষ সাক্ষীৰ সাক্ষাতে জব্দ কৰি এই সন্দৰ্ভত NDPS Act. ৰ অধীনত এক গোচৰ ৰুজু কৰা হ’ব বুলি আৰক্ষীৰ এক সুত্ৰই প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক :Drugs seized at Barpathar: তিনিচুকীয়া অভিমুখী নৈশ বাছৰ পৰা জব্দ লাখ টকাৰ হেৰʼইন, আটক মহিলা সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details