অসম

assam

কাৰ্বি শান্তি চুক্তি স্বাক্ষৰকাৰী প্ৰায় ৬০০ নেতা-কেডাৰৰ বিজেপিত যোগদান

By

Published : Oct 9, 2021, 8:41 PM IST

ডিফুত শান্তি চুক্তি স্বাক্ষৰকাৰী প্ৰায় ৬০০ প্ৰাক্তন উগ্ৰপন্থী নেতা-কেডাৰৰ বিজেপিত যোগদান ৷ সবিশেষ জানো আহক ৷

karbi-peace-accord-signatories-joins-bjp
কাৰ্বি শান্তি চুক্তি স্বাক্ষৰকাৰী প্ৰায় ৬০০ নেতা-কেডাৰৰ বিজেপিত যোগদান

ডিফু, ৯ অক্টোবৰ :যোৱা ৪ ছেপ্তেম্বৰত নতুন দিল্লীত অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু কাৰ্বি আংলঙৰ ছয়টাকৈ উগ্ৰপন্থী সংগঠন ক্ৰমে, কেএলএনএলএফ, ইউপিএলএ, পিডিচিকে আৰু কেপিএলটিৰ তিনিটাকৈ গোটে কৰিছিল শান্তি চুক্তি স্বাক্ষৰ ৷ এই আটাইকেইটা সংগঠনৰ প্ৰায় ৬০০ নেতা-কেডাৰে শনিবাৰে ডিফু ক্লাৱত আনুষ্ঠানিক ভাবে গেৰুৱা বসন পৰিধান কৰি বিজেপিত যোগদান কৰে ৷

ইয়াৰ পূৰ্বে ডিফু ক্লাৱত পূৱ কাৰ্বি-আংলং বিজেপিৰ সভাপতি ধনছিং টেৰণৰ পৌৰহিত্যত জিলা বিজেপিৰ দিনযোৰা কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় ৷ উক্ত সভাত কাৰ্বি-আংলং বিজেপিৰ ৰাজ্যিক প্ৰভাৰী বিজয় গুপ্তা, বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণছিং বে, স্থানীয় বিধায়ক বিদ্যাছিং ইংলেঙ আৰু পূৱ কাৰ্বি আংলং বিজেপিৰ সভাপতি ধনছিং ৰংহাঙৰ উপস্থিত থাকে ৷

কাৰ্বি শান্তি চুক্তি স্বাক্ষৰকাৰী প্ৰায় ৬০০ নেতা-কেডাৰৰ বিজেপিত যোগদান

কাৰ্যনিৰ্বাহক সভাৰ পিছতেই ধাৰাবাহিক ভাৰত মাতা কী জয়, বন্দে মাতৰম আদি ধ্বনিৰ মাজত শান্তি চুক্তি স্বাক্ষৰকাৰী উগ্ৰপন্থী সংগঠনৰ সহস্ৰাধিক নেতা -কেডাৰক গেৰুৱা দলটোলৈ উষ্ম আদৰণি আৰু বিজেপিৰ গলবস্ত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয় ৷

ইয়াৰোপৰি, কাৰ্যনিৰ্বাহক সভাত কংগ্ৰেছ আৰু এপিএইছএলচিৰ ডেৰ শতাধিক নেতা-কৰ্মীয়েও বিজেপিত যোগদান কৰে ৷ সভাৰ শেষত সাংবাদিকৰে সৈতে বাৰ্তালাপত কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, আজিৰ কাৰ্যনিৰ্বাহক সভাত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয় ৷ লগতে চৰকাৰৰ বিভিন্ন আঁচনি সাধাৰণ ৰাইজৰ মাজলৈ লৈ যোৱাৰ ওপৰতো ব্যাখ্যা কৰা হয় ৷

শান্তিচুক্তি স্বাক্ষৰকাৰী সংগঠন সমূহৰ নেতা-কেডাৰৰ বিজেপিত যোগদান সন্দৰ্ভত মন্তব্য কৰি মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে কয় যে, শান্তি হলেহে প্ৰগতি হ’ব ৷ চুক্তি স্বাক্ষৰকাৰী সকল চৰকাৰ লগত চামিল থাকিলেহে শান্তি চুক্তিৰ দফা সমূহ ৰূপায়ণ কৰাত সুবিধা হব ৷ চৰকাৰৰ নীতি- আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বাকী থকা নেতা কেডাৰ সকলেও ডংকামোকামত অনুষ্ঠিত হবলগীয়া শান্তি আৰু প্ৰগতি সভাত বিজেপিত আনুষ্ঠানিক ভাবে যোগদান কৰিব ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত পিডিচিকেৰ প্ৰাক্তন অধ্যক্ষ সংবিজিত ইংতি কাথাৰে কয় যে, পূৰ্বৰে পৰা বিজেপিৰ উন্নয়ণ মূলক কাম-কাজৰ প্ৰতি আকৃষ্ট হৈয়েই বিজিপিক আকোৱালি লৈছে ৷ বিজেপিত থাকি শান্তি চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰাৰ বাবে সচেষ্ট হৈ থাকিব বুলি মন্তব্য কৰে ৷ আনহাতে, বিজেপিত যোগদান কৰি কেএলএনএলএফৰ প্ৰাক্তন সাধাৰণ সচিব থং টেৰণে কয় যে, পৰিষদীয় নিৰ্বাচনৰ বাবে যোগদান কৰা সংগঠন সমূহৰ হৈ প্ৰায় ১০ খন মান আসনৰ বাবে টিকট বিচৰা হব ৷ নিৰ্বাচনী প্ৰতিদ্বন্ধিতাত বিজয়ী হলে স্বাক্ষৰিত শান্তি চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে নেতা গৰাকীয়ে ৷

লগতে পঢ়ক :তিতাবৰতো হ’ব নেকি উপ নিৰ্বাচন : বিজেপিৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কংগ্ৰেছী বিধায়কৰ

ABOUT THE AUTHOR

...view details