তিতাবৰতো হ’ব নেকি উপ নিৰ্বাচন : বিজেপিৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কংগ্ৰেছী বিধায়কৰ

author img

By

Published : Oct 9, 2021, 6:44 PM IST

new politcal wave in titabar might lead by election

সৰ্বত্ৰ চৰ্চা চলিছে যে সুশান্ত বৰগোহাঁই বা ৰূপজ্যোতি কুৰ্মীৰ দৰে ভাস্কৰ বৰুৱায়ো বিজেপিৰ বৰঘৰত প্ৰবেশ কৰাৰ যো-জা চলাইছে । বিধায়ক গৰাকীৰ কেতবোৰ কামকাজেও এই সন্দেহ অধিক ঘনীভূত কৰিছে । বিৰোধী দল বিজেপিৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ মনোনয়নৰ সময়ত ভাস্কৰ বৰুৱাই সাক্ষাৎ কৰা ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ ।

গুৱাহাটী, ৯ অক্টোবৰ : ৰাজ্যৰ পাঁচটাকৈ বিধানসভা সমষ্টি ক্ৰমে ভবানীপুৰ, মৰিয়নি, থাওৰা, গোঁসাইগাঁও আৰু তামুলপুৰত ৩০ অক্টোবৰত অনুষ্ঠিত হব উপ-নিৰ্বাচন । কিন্তু এই পাঁচটা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰাৰ সময়লৈকে যিহেতু সৰ্বানন্দ সোণোৱালে মাজুলীৰ বিধায়ক পদ ত্যাগ কৰা নাছিল সেয়েহে মাজুলীৰ উপ নিৰ্বাচনৰ দিন নিৰ্বাচন আয়োগে ঘোষণা কৰিব পৰা অৱস্থাত নাছিল ।

কিন্তু শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিত সৰ্বাধিক চৰ্চিত বিষয়টো হৈছে যে পৰবৰ্তী সময়ত কেৱল মাজুলীতেই উপ নিৰ্বাচন অনুষ্ঠিত হব নে আন কোনো সমষ্টিতো হব । এইক্ষেত্ৰত আটাইতকৈ চৰ্চিত সমষ্টিটো হৈছে তিতাবৰ । সম্প্ৰতি তিতাবৰ আছে কংগ্ৰেছৰ দখলত, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ উত্তৰসূৰী হিচাপে সমষ্টিটোৰ পৰা বিধায়ক নিৰ্বাচিত হৈ আহিছে কংগ্ৰেছৰ ভাস্কৰজ্যোতি বৰুৱা ।

new politcal wave in titabar might lead by election
তিতাবৰতো হ’ব নেকি উপ নিৰ্বাচন : বিজেপিৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কংগ্ৰেছী বিধায়কৰ

কিন্তু এতিয়া সৰ্বত্ৰ চৰ্চা চলিছে যে সুশান্ত বৰগোহাঁই বা ৰূপজ্যোতি কুৰ্মীৰ দৰে ভাস্কৰ বৰুৱায়ো বিজেপিৰ বৰঘৰত প্ৰবেশ কৰাৰ যো-জা চলাইছে । বিধায়ক গৰাকীৰ কেতবোৰ কামকাজেও এই সন্দেহ অধিক ঘনীভূত কৰিছে ।

শুকুৰবাৰে যেতিয়া মৰিয়নীৰ বিজেপি প্ৰাৰ্থী হিচাপে ৰূপজ্যোতি কুৰ্মীয়ে মনোনয়ন দাখিল কৰিবলৈ গৈছিল, তাৰ ঠিক আগে আগে ৰূপজ্যোতিৰ কাষত দেখা গৈছিল তিতাবৰৰ কংগ্ৰেছ বিধায়ক ভাস্কৰ বৰুৱাক । ৰূপজ্যোতিক তেওঁ কৰা এই সাক্ষাতৰ সাক্ষী হিচাপে কাষতে থিয় হৈ থকা দেখা গৈছিল দুই মন্ত্ৰী বিজেপিৰ ৰামেশ্বৰ তেলী আৰু অগপৰ অতুল বৰাক ।

new-politcal-wave-in-titabar-might-lead-by-election
তিতাবৰতো হ’ব নেকি উপ নিৰ্বাচন : বিজেপিৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কংগ্ৰেছী বিধায়কৰ

বিৰোধী দল এটাৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীজনক এইদৰে ভাস্কৰ বৰুৱাই মনোনয়নৰ সময়ত সাক্ষাৎ কৰা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে । স্মৰ্তব্য যে, ইয়াৰ পূৰ্বেও কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যি সময়ত অসমত "আশীৰ্বাদ যাত্ৰা" চলাইছিল সেই সময়তো যোৰহাটত আশীৰ্বাদ যাত্ৰাৰ মঞ্চত সোণোৱালৰ কাষত দেখা গৈছিল এইজন কংগ্ৰেছ বিধায়ক ভাস্কৰ বৰুৱাক ।

লগতে পঢ়ক : উপ-নিৰ্বাচন:কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.