অসম

assam

Drugs worth 15 crores seized: ডিলাইত প্ৰায় ১৫ কোটি টকা মূল্যৰ নিচাযুক্ত ড্ৰাগছ জব্দ

By

Published : Aug 2, 2022, 1:59 PM IST

সোমবাৰে আৰক্ষীয়ে ডিলাইত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ তিনিটা মণিপুৰী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে (Drug Peddler Arrested at Diphu) ৷ লগতে প্ৰায় ১৫ কোটি টকা মূল্যৰ নিচাযুক্ত ড্ৰাগছ জব্দ কৰে (Drugs worth 15 crores seized at Dilai in Diphu) ৷

drugs-worth-15-crores-seized-at-dilai-in-diphu
ডিলাইত প্ৰায় ১৫ কোটি টকা মূল্যৰ নিচাযুক্ত বিশুদ্ধ ড্ৰাগছ জব্দ

ডিফু, ২ আগষ্ট:কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ ডিলাই ক্ৰমাৎ যেন নিচাজাতীয় সামগ্ৰীৰ ঘাটি হিচাপে পৰিণত হৈছে ৷ দুষ্ট চক্ৰই বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি ৰাজ্যত মাৰাত্মক ড্ৰাগছৰ বেহা অব্যাহত ৰাখিছে । যাৰ বাবে অসম আৰক্ষী পুনৰ এই ক্ষেত্ৰত কঠোৰ হৈছে (Anti Drugs mission) ।

শেহতীয়াকৈ সোমবাৰে আৰক্ষীয়ে ডিলাইত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ তিনিটা মণিপুৰী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে (Drug Peddler Arrested at Diphu) ৷ লগতে প্ৰায় ১৫ কোটি টকা মূল্যৰ নিচাযুক্ত বিশুদ্ধ ড্ৰাগছ জব্দ কৰে (Drugs worth 15 crores seized at Dilai in Diphu) ৷ এই বৃহৎ পৰিমাণৰ ড্ৰাগছ সৰবৰাহত জড়িত ‘On Duty Tul Govt of Sikkim Enterprise’ বুলি লিখা চাৰিচকীয়া বাহনো জব্দ কৰে ৷ এই বাহনখনত পুংখানুপুংখভাৱে তালাচী চলাই ৩৮৩ গ্ৰাম হেৰ’ইন, ১ কেজি মৰ্ফিনসহ অন্যান্য নিচাজাতীয় দ্ৰব্য জব্দ কৰে (Drugs Seized at Diphu) ৷

ডিলাইত প্ৰায় ১৫ কোটি টকা মূল্যৰ নিচাযুক্ত বিশুদ্ধ ড্ৰাগছ জব্দ

ইফালে আটকাধীন তিনিটা মণিপুৰী ড্ৰাগছ সৰবৰাহকাৰী ৰাজেশ লাকান্দ্ৰী(৩৭), কুমাৰ গাজিমেৰ(৩৮), টাংগামবৌ মৰিয়ানমাই (৪৮) বুলি আৰক্ষীয়ে জানিব দিয়ে ৷ উল্লেখ্য যে, বিগত 24 জুলাইত ডিলাইৰ পৰা খটখটী আৰক্ষী আৰু বোকাজান আৰক্ষীয়ে দুবাৰকৈ অভিযান চলাই বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰ'ইন জব্দ কৰাৰ (Heroin seized at Diphu) লগতে বহুকেইজন সৰবৰাহকাৰীক আটক কৰিছিল ৷

তাৰোপৰি 25 জুলাইত আৰক্ষীয়ে ডিলাইৰ পৰাই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ এজন নগা যুৱকক আটক কৰিছিল (Drug Peddler Arrested with Psychotropic Drugs) ৷

লগতে পঢ়ক:Ayushmann Card Scam: বিশ্বনাথত আয়ুষ্মান কাৰ্ড বনোৱাৰ নামত ধন সংগ্ৰহ

ABOUT THE AUTHOR

...view details