অসম

assam

Karbi Hemtun inaugurated: মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত কাৰ্বি ভৱন হেমতুন উদ্ধোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 8:46 PM IST

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ উপস্থিতিত শ্বিলঙত কাৰ্বি ভৱন হেমতুন উদ্ধোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী এনেদৰে একত্ৰিত হোৱাতো ঐক্যতাৰ লগতে ভাতৃত্ববোধৰ উজ্জ্বল নিদৰ্শন বুলি উল্লেখ কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৷ ইফালে মেঘালয় আৰু অসম ককাই-ভাই বুলি অভিহিত কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

Karbi Hemtun inaugurated
মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত কাৰ্বি ভৱন হেমতুন উদ্ধোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ডিফু, ১৩ ছেপ্টেম্বৰ:অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ উপস্থিতিত বুধবাৰে ২০২০ চনত নিৰ্মাণ আৰম্ভ হোৱা কাৰ্বি ভৱনটো উদ্ধোধন কৰে ৷ এই উদ্ধোধনী কাৰ্যসূচীত ত্ৰিপুৰা মোথাৰ শীৰ্ষ নেতা প্ৰদ্যুৎ দেৱ বৰ্মা, মেঘালয়ৰ তিনিখন স্বায়ত্তশাসিত পৰিষদ ক্ৰমে, গাৰো, জয়ন্তীয়া আৰু খাছী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য উপস্থিত থাকে ৷

সভাত ভাষণ প্ৰদান কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰী চাংমাই কয় যে, দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক আজি ইয়াত এক গোট কৰালে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে ৷ আজি এই অনুষ্ঠান ক্ষুদ্ৰ উত্তৰ-পূৰ্বাঞ্চললৈ পৰ্যবেসিত হ'ল বুলিও চাংমাই মন্তব্য কৰে ৷ এয়া ঐক্যতাৰ লগতে ভাতৃত্ববোধৰ উজ্জ্বল নিদৰ্শন বুলিও মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অভিহিত কৰে ৷

অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয় যে, আজি আমাৰ দুইগৰাকীৰ নেতৃত্বত দুয়োখন ৰাজ্যৰ বিভিন্ন সমস্যাকলৈ গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হৈছে ৷ ইয়াৰে বহু সমস্যা সমাধান হৈছে আৰু বহু সমাধান হোৱাৰ পথত বুলিও তেওঁ মন্তব্য কৰে ৷ আজিৰ এই অনুষ্ঠানৰ সফলতাৰ বাবে তেওঁ ড৹ তুলিৰাম ৰংহাঙক বিশেষ ধন্যবাদ জ্ঞাপন কৰে ৷ স্বায়ত্তশাসিত পৰিষদসমূহক এইদৰে একত্ৰিত হৈ কৃষ্টি-সংস্কৃতি আদান প্ৰদান কৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে আমাৰ উৎপত্তি, বুৰঞ্জী আৰু অতীতক সদায় স্মৰণ কৰি আগুৱাই যাবলৈ পৰামৰ্শ প্ৰদান কৰে ৷

আনহাতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই আজিৰ এই সফলতাৰ বাবে তুলিৰাম ৰংহাঙ ধন্যবাদৰ পাত্ৰ বুলি উল্লেখ কৰে ৷ মেঘালয় আৰু অসম ককাই-ভাই বুলি অভিহিত কৰি ইয়াৰ বাবে আজি শ্বিলঙত এই কাৰ্বি ভৱন স্থাপিত হ’বলৈ পালে বুলি কয় ৷ অসমৰ ষষ্ঠ অনুসূচী অন্তৰ্ভূক্ত এলেকাসমূহ বৰ্তমান প্ৰভূত উন্নয়ন হোৱা বুলি দাবী কৰি আগন্তুক দিনতো এই উন্নয়নৰ ধাৰা অব্যাহত থাকিব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷

অসম আৰু মেঘালয়ৰ মাজত সুন্দৰ আলোচনা হৈছে বুলি উল্লেখ কৰি দুয়োখন ৰাজ্যৰ মাজত বহুত সমস্যা সমাধান হোৱা বুলি দাবী কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷ দুয়োখন ৰাজ্য যুগ যুগ ধৰি মিত্ৰহৈ থাকিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক এক গোট কৰিলে আৰু পূৰ্বাঞ্চলৰ সকলো ৰাজ্য এতিয়া ৰাজনৈতিকভাৱে সুস্থিৰ বুলি মন্তব্য কৰে ৷ যাৰবাবে আলোচনাৰ জৰিয়তে ৰাজ্যসমূহৰ মাজত এনে উন্নয়নমূলক আঁচনি গ্ৰহণ কৰাটো সম্ভৱপৰ হৈছে বুলি তেওঁ উল্লেখ কৰে ৷

আনহাতে বিগত পাঁচ-ছয় বছৰে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা হিংসা প্ৰায় নিৰ্মূল হৈছে বুলি দাবী কৰি অসম চৰকাৰেআৰ্মছ ফ’ৰ্চ স্পেচিয়াল পাৱাৰ এক্টসম্পূৰ্ণ প্ৰত্যাহাৰৰ বাবে ভাৰত চৰকাৰক অনুৰোধ জনোৱাৰ কথাও তেওঁ ব্যক্ত কৰে ৷ অসমৰ উন্নয়নৰ যাত্ৰাক এই কাৰ্বি ভৱনে আন এক মাত্ৰা প্ৰদান কৰিলে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে দোহাৰে ৷

লগতে পঢ়ক:Assam CM wife land scam: প্ৰসংগ-১০ কোটি টকাৰ ৰাজসাহায্য; মুখ্যমন্ত্রী আৰু গৌৰৱ গগৈৰ টুইট যুদ্ধ

ABOUT THE AUTHOR

...view details