অসম

assam

পশ্চিম কাৰ্বি আংলঙত বিজেপিত বিদ্ৰোহ

By

Published : Oct 14, 2020, 10:24 PM IST

জিলা সভাপতি ৰদীপ ৰংহাং মুর্দাবাদ, জনপ্ৰতিনিধি ৰিণা টেৰাংপি মুর্দাবাদ ধ্বনিৰে উত্তাল পশ্চিম কাৰ্বি আংলঙৰ লাম্বাপথাৰ।

bjp contovarciy at diphu
পশ্চিম কাৰ্বি আংলঙত বিজেপিত বিদ্ৰোহ

ডিফু,14 অক্টোবৰঃ সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন। মাজত মাথো কেইটামান মাহহে বাকী নিৰ্বাচনলৈ। আৰু তেনে এক সময়তে পশ্চিম কাৰ্বি আংলঙৰ তথা কাৰ্বি পৰিষদৰ পৰিষদীয় কপিলী আৰু আমৰি সমষ্টিৰ পিছতেই এইবাৰ ৯ নম্বৰ আমৰেং সমষ্টিত ন-বিজেপি আৰু পুৰণি বিজেপিৰ মাজত লাগিছে ব্যাপক বেমেজালি; সৃষ্টি হৈছে সংঘাত। মুঠতে পশ্চিম কাৰ্বি আংলঙত পৰিষদীয় সমষ্টিৰ ইটো পিছত সিটো সমষ্টিত আৰম্ভ হ’বলৈ ধৰিছে বিজেপিত বিদ্ৰোহ আৰু এনেবোৰ ঘটনাই পৰিস্ফুটভাৱে বিজেপিলৈ আনিছে এক অশুভ-অশনি সংকেত।

পশ্চিম কাৰ্বি আংলঙত বিজেপিত বিদ্ৰোহ

উল্লেখযোগ্য যে কপিলী আৰু আমৰি সমষ্টিৰ দৰে ৯ নম্বৰ আমৰেং সমষ্টিতো বিজেপিৰ একাংশ নেতাকৰ্মীয়ে এইবাৰ সৰব হৈ পৰিছে পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ৰদীপ ৰংহাং আৰু আমৰেং সমষ্টিৰ জনপ্ৰতিনিধি ৰিণা টেৰাংপিৰ বিৰুদ্ধে ৷ আনকি কেবা শতাধিক বিজেপি নেতাকৰ্মীয়ে প্ৰতিবাদী সমদলেৰে বিজেপি জিন্দাবাদ ধ্বনি দিয়াৰ লগতে হাতে হাতে প্লেকাৰ্ড লৈ ৰদীপ ৰংহাং মূর্দাবাদ, ৰিণা টেৰাংপি মূর্দাবাদ ধ্বনিৰে উত্তাল কৰে আমৰেং সমষ্টিৰ লাম্বাপথাৰ অঞ্চল। লগতে টেৰাংপি আৰু ৰংহাঙৰ প্ৰতিচ্ছবিও দাহ কৰে ক্ষোভিত বিজেপি কৰ্মকৰ্তাই। লগতে এই উত্তাল পৰিৱেশৰ মাজতে খোদ এজন বিজেপিৰ সক্ৰিয় কৰ্মীয়ে চিঞৰি কলে-"সাৱধান থাকক ! ক'ৰণাতকৈও ভয়ানক বিজেপিৰ জিলা সভাপতি ৰদীপ ৰংহাং-জনপ্ৰতিনিধি ৰিণা টেৰাংপি"। লগতে বিজেপি নেতা-কৰ্মীক এওঁলোকৰ পৰা সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে আহ্বানেৰে কটাক্ষ্য খোদ বিজেপি দলৰে ক্ষোভিত কৰ্মীগৰাকীৰ।

পশ্চিম কাৰ্বি আংলঙত বিজেপিত বিদ্ৰোহ


গুৰুত্বপূৰ্ণ যে উক্ত সমষ্টিটোত উন্নয়নমূলক কামকাজ নিজৰ আপোন মানুহৰ লগতে নিজৰ পচন্দৰ মানুহক কৰিবলৈ দিয়াৰ লগতে বুথ কমিটি, যুৱ মৰ্চা, মহিলা মৰ্চা, বিজেপি মণ্ডল কমিটি আদি গঠন কৰাৰ ক্ষেত্ৰত নিজৰ পচন্দৰ ব্যক্তিক অগ্ৰাধিকাৰ দি পূৰণি বিজেপি নেতা-কৰ্মীক বঞ্চিত আৰু অৱহেলিত কৰি আহিছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰে সভাপতি ৰদীপ ৰংহাং-জন প্ৰতিনিধি ৰিণা টেৰাংপিৰ বিৰুদ্ধে খোদ একে বিজেপি দলৰ নেতা-কৰ্মীয়ে। মুঠতে একনায়কত্ববাদ, অৰাজকতা আৰু নিজৰ মইমতালিৰে আমৰেং সমষ্টিত ৰিণা টেৰাংপিয়ে শাসন চলোৱাৰ চেষ্টা কৰি আহিছে বুলি টেৰাংপিৰ বিৰুদ্ধে অভিযোগ তোলাৰ লগতে সভাপতি ৰদীপ ৰংহাং আৰু জনপ্ৰতিনিধি ৰিণা টেৰাংপিৰ কাৰ্যকলাপক লৈ শেহতীয়াকৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ৰংহাং আৰু টেৰাংপি বিৰোধী বিজেপি নেতা-কৰ্মীসকলে।

পশ্চিম কাৰ্বি আংলঙত বিজেপিত বিদ্ৰোহ

লগতে পঢ়কঃআলফা (স্বা)ৰ তিনি কেডাৰৰ আত্মসমৰ্পণ

ABOUT THE AUTHOR

...view details