অসম

assam

যুৱ কংগ্ৰেছে এইবাৰ কংগ্ৰেছক শক্তি প্ৰদান কৰিব: জুবেইৰ আনম মজুমদাৰ

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 9:37 PM IST

ডিফুত যুৱ কংগ্ৰেছৰ যুৱ জোড়ো কাৰ্যসূচী । কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম মজুমদাৰে কয় যে যুৱ কংগ্ৰেছে এইবাৰ কংগ্ৰেছক শক্তি প্ৰদান কৰিব । আনহাতে, কাৰ্বি আংলঙত এমঅ'এছৰ ধনেৰেহে উন্নয়নমূলক আঁচনি হৈছে বুলি মন্তব্য জিলা উপ-সভাপতি ৰতন ইংতিৰ ।

youth congress rally at diphu
ডিফুত যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম মজুমদাৰ

ডিফুত যুৱ কংগ্ৰেছৰ যুৱ জোড়ো যাত্ৰা

ডিফু, ২৭ নৱেম্বৰ : ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ডিফু লোকসভা সমষ্টি উদ্ধাৰৰ বাবে তৎপৰ হৈ পৰিছে কংগ্ৰেছ দল ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দুবাৰ-তিনিবাৰকৈ কাৰ্বি আংলং-পশ্চিম কাৰ্বি আংলং ভ্ৰমণ কৰি বহুকেইটা যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰি বহুকেইগৰাকী শক্তিশালী বিজেপি নেতাক কংগ্ৰেছত যোগদান কৰোৱাৰ পাছত যুৱ কংগ্ৰেছক শক্তিশালী কৰিবলৈ সোমবাৰে ডিফুত উপস্থিত হয় প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম মজুমদাৰ ৷

যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ডিফুৰ বিৰলাৰ পৰা জিলা কংগ্ৰেছ কাৰ্যালয়লৈ তিনি কিলেমিটাৰজোৰা এক বিশাল যুৱ জোড়ো ৰেলীত অংশগ্ৰহণ কৰে ৷ জিলা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি অশোক টেৰণ, উপ-সভাপতি ৰতন ইংতি, জিলা যুৱ কংগ্ৰেছৰ সভাপতি ছুকুৰছিং ক্ৰ', প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি ডেভিড ফুকনসহ বহুকেইগৰাকী কংগ্ৰেছী নেতা উপস্থিত থাকে ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কেন্দ্ৰ, ৰাজ্য আৰু পৰিষদত ক্ষমতাত নথকাৰ পাছতো কংগ্ৰেছৰ সৈতে ইমান সংখ্যক যুৱক-যুৱতী গোট খোৱাটো ডাঙৰ কথা বুলি উল্লেখ কৰে ৷

আনহাতে, কংগ্ৰেছ দল যুৱ কংগ্ৰেছৰ সদায় শক্তিৰূপে পৰিচিত হৈ আহিছে বুলিও মন্তব্য কৰে ৷ লগতে কয় যে এইবাৰ যুৱ কংগ্ৰেছে সংকল্প লৈছে কংগ্ৰেছ দলৰ শক্তিৰূপে থিয় হোৱাৰ ৷ বিজেপি দলক ক্ষমতালৈ অনাৰ অন্যতম শক্তি যুৱ শক্তি আছিল বুলি দাবী কৰি এইবাৰ যুৱ কংগ্ৰেছেও শক্তিশালী ভূমিকা গ্ৰহণ কৰি কংগ্ৰেছক পুনৰ ক্ষমতালৈ আনিব বুলি তেওঁ দাবী কৰে ৷ তুলিৰাম ৰংহাঙে ক'লা ধন বগা কৰিছে বুলি কটাক্ষ কৰি কেৱল তুলিৰাম ৰংহাঙৰ উন্নয়ন হৈছে বুলিও পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীক সমালোচনা কৰে ৷

আনহাতে, চৰকাৰ আৰু দলক একাকাৰ কৰি বিজেপি নেতৃত্বাধীন পৰিষদখনে ঐক্য, বিজয় আৰু সমৃদ্ধি ৰেলী উলিওৱাটোক সমালোচনা কৰি জিলা কংগ্ৰেছৰ উপ-সভাপতি ৰতন ইংতিয়ে কাৰ্বি আংলঙৰ উন্নয়ন কংগ্ৰেছৰ আমোলতে হোৱা বুলিও দাবী কৰে । তেওঁ কয় যে কংগ্ৰেছৰ আমোলত উগ্ৰপন্থী সংগঠনৰ সৈতে হোৱা চুক্তিৰ আধাৰত কেন্দ্ৰৰ পৰা লাভ কৰা বছৰি পাঁচশ কোটি টকাৰ পেকেজৰ জৰিয়তেহে পাহাৰীয়া জিলাখনৰ উন্নয়নমূলক আঁচনি গ্ৰহণ কৰা হৈছে ৷

ইয়াত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু তুলিৰাম ৰংহাঙৰ কোনো হাত নাই বুলিও ইংতিয়ে মন্তব্য কৰে ৷ বৰ্তমান দেশজুৰি বিজেপিৰ বিৰুদ্ধে জনমত গঠন হৈছে আৰু বিজেপিৰ এনে স্বেচ্ছাচাৰিতাক পৰাভূত কৰি পুনৰ কংগ্ৰেছ দল ক্ষমতালৈ আহিব বুলিও ইংতিয়ে দাবী কৰে ৷

লগতে পঢ়ক :‘কা’ৰ বিৰুদ্ধে আন্দোলনৰ আহ্বান বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

ABOUT THE AUTHOR

...view details