অসম

assam

ৰঙিয়াত যৌতুকৰ বাবে নিৰ্যাতনৰ বলি এগৰাকী বোৱাৰী

By

Published : Jun 25, 2019, 5:20 PM IST

যৌতুকৰ নামত দাবী কৰা ১০ লাখ টকা দিব নোৱাৰাৰ অপৰাধত দলবদ্ধ আক্ৰমণৰ বলি হ'ল ৰঙিয়াৰ এগৰাকী বিবাহিত মহিলা ৷

ৰঙিয়াত যৌতুকৰ বাবে নিৰ্যাতনৰ বলি এগৰাকী বোৱাৰী

ৰঙিয়া,25 জুনঃ ৰঙিয়াৰ সাহানত যৌতুকৰ দাবীত পত্নীক অত্যাচাৰৰ অভিযোগ উঠিছে স্বামীৰ বিৰুদ্ধে। পত্নীৰ অভিযোগ যোৱা তিনি বছৰ ধৰি সাধাৰণ কথাতে মাৰ -ধৰ কৰি আহিছে গড়কাপ্টানি বিভাগৰ কৰ্মচাৰী ৰাজীৱ দেৱানে। তাৰোপৰি ৰাজীৱ দেৱানৰ এনে কু-কাৰ্যত সহযোগ কৰি আহিছে ভাতৃ ৰফিকুল হক আৰু তেওঁৰ পত্নী পাকিজা বেগমে। নিৰ্যাতিত বোৱাৰীগৰাকীৰ মন্তব্য যৌতুকৰ নামত দাবী কৰা ১০ লাখ টকা দিব নোৱাৰাৰ অপৰাধতে ঈদৰ আগদিনা দলবদ্ধ আক্ৰমণ কৰি ঘৰৰ পৰা উলিয়াই দিয়ে বোৱাৰী গৰাকীক।

ৰঙিয়াত যৌতুকৰ বাবে নিৰ্যাতনৰ বলি এগৰাকী বোৱাৰী

প্ৰাণৰ মমতাত বোৱাৰী গৰাকী ৰঙিয়াৰ 3 নং ৱাৰ্ডত থকা মাতৃ গৃহলৈ গুচি আহে। ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলা গৰাকীয়ে পৰৱৰ্তী সময়ত ৰঙিয়া থানাত স্বামীৰ লগতে আন দুজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে আজিলৈকে কোনোধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে ।

আৰু পঢ়কঃ বাক্সাত অন্তঃসত্বা পত্নীক স্বামী-পৰিয়ালৰ নিৰ্যাতন !

ABOUT THE AUTHOR

...view details