অসম

assam

সামৰণি পৰিল তুৰা এডভেঞ্চাৰ ক্লাৱৰ এমাহজোৰা গছপুলি ৰোপন কাৰ্যসূচী

By

Published : Jul 1, 2020, 5:55 PM IST

বুধবাৰে অন্ত পৰিল 'বিশ্ব পৰিবেশ দিৱস'ৰ দিনা আৰম্ভ কৰা এডভেঞ্চাৰ ক্লাৱৰ গছপুলি ৰোপন কাৰ্যসূচী ৷

সামৰণি পৰিল তুৰা এডভেঞ্চাৰ ক্লাৱৰ এমাহজোৰা গছপুলি ৰোপন কাৰ্যসূচী
সামৰণি পৰিল তুৰা এডভেঞ্চাৰ ক্লাৱৰ এমাহজোৰা গছপুলি ৰোপন কাৰ্যসূচী

বকো, 1 জুলাইঃমেঘালয়ৰ তুৰা এডভেঞ্চাৰ ক্লাৱে তুৰাৰ ভিন্ন অঞ্চলত 5 জুনতেই 'বিশ্ব পৰিবেশ দিৱস'ৰ দিনা আৰম্ভ কৰিছিল এক গছপুলি ৰোপন কাৰ্যসূচী ৷ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি তুৰাৰ পৰা ৩০ কিঃমিঃ নিলগত জেঞ্জাল নামৰ মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ অঞ্চলতো ৰোপন কৰা হয় 400 গছপুলি ৷ ইতিমধ্যে ক্লাৱটোৰ উদ্যোগত মেঘালয় ৰাজ্যৰ ভিন্ন অঞ্চলত ১৫০০ তকৈ অধিক গছপুলি ৰোপন কৰা হৈছে ৷

সামৰণি পৰিল তুৰা এডভেঞ্চাৰ ক্লাৱৰ এমাহজোৰা গছপুলি ৰোপন কাৰ্যসূচী

এই গছপুলি ৰোপন কাৰ্যসূচীৰ সামৰণি হিচাপে নকৈ নিৰ্মিত তুৰা-শ্বিলং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিভিন্ন দল সংগঠনৰ সহযোগত ক্লাৱটোৱে ৪০০ গছপুলি ৰোপন সম্পন্ন কৰে ৷ এডভেঞ্চাৰ ক্লাৱৰ সদস্য সকলে জানিবলৈ দিয়া অনুসৰি, পথটোৰ প্ৰকল্প প্ৰস্তুত কৰাৰ সময়ত প্ৰকল্প প্ৰতিবেদনত গছপুলি ৰোপন বিষয়ে উল্লেখ নাছিল ৷ যাৰ বাবে বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি ক্লাৱটোৰ উদ্যোগত পথৰ দাঁতিত গছপুলি ৰোপন কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷ লগতে ক্লাৱটোৱে পৰিৱেশ সংৰক্ষণত বিশেষ গুৰুত্ব প্ৰদান কৰে বুলিও জানিবলৈ দিয়ে ৷ এডভেঞ্চাৰ ক্লাৱৰ এনে কাৰ্যসূচীৰ সকলোৱে শলাগ লৈছে ৷

লগতে পঢ়কঃপেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত বাওঁপন্থী দলৰ

ABOUT THE AUTHOR

...view details